ETV Bharat / bharat

আপক ধ্বংস কৰিবলৈ বিজেপিয়ে আৰম্ভ কৰিছে অপাৰেশ্যন ঝাড়ু: কেজৰিৱাল - AAP protest

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 4:22 PM IST

AAP protest: বিজেপিৰ বিৰুদ্ধে আম আদমি পাৰ্টীৰ তীব্ৰ আন্দোলন ঘোষণা । প্ৰতিবাদৰ পূৰ্বে দলীয় কৰ্মীসকলক সম্বোধন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ । বিজেপিক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ ।

AAP protest
আপক ধ্বংস কৰিবলৈ বিজেপিয়ে আৰম্ভ কৰিছে অপাৰেশ্যন ঝাড়ু (ETV Bharat)

নেশ্যনেল ডেস্ক,১৯ মে': 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আম আদমি পাৰ্টীক ধ্বংস কৰিবলৈ স্থিৰ কৰিছে । যাৰ বাবে বিজেপিয়ে অপাৰেশ্যন ঝাড়ু আৰম্ভ কৰিছে ।' এই অভিযোগ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ।

কেজৰিৱালৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাবিছে যে দেশত আম আদমি পাৰ্টী দ্ৰুতগতিত আগবাঢ়ি গৈছে । অনাগত সময়ত এই দলটো বহুতো ৰাজ্যত বিজেপিৰ বাবে তীব্ৰ প্ৰত্যাহ্বান হ'ব পাৰে । ভৱিষ্যতে আপ দলটো যাতে বৃহৎ প্ৰত্যাহ্বান হ'ব নোৱাৰে তাৰ বাবে দলটোৰ জ্যেষ্ঠ নেতাসকলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অনাগত সময়ত আম আদমি পাৰ্টীৰ জ্যেষ্ঠ নেতাসকলৰ বেংক একাউণ্টো বন্ধ কৰা হ'ব বুলি তেওঁ অভিযোগ কৰে । তেওঁ দাবী কৰা মতে নিৰ্বাচনৰ পিচতে আম আদমি পাৰ্টীৰ বেংক একাউণ্ট বন্ধ কৰা হ'ব আৰু আম আদমি পাৰ্টীৰ কাৰ্যালয় খালী কৰা হ'ব ।

অৰবিন্দ কেজৰিৱালে কয় যে চৰকাৰে সততাৰে কাম কৰিব যে পাৰে সেই কথা দেশত দ্ৰুতগতিত বিয়পি পৰিছে । দিল্লী আৰু পাঞ্জাবত চৰকাৰী বিদ্যালয়সমূহক আকৰ্ষণীয় কৰি তুলিছে । তেওঁ দৰিদ্ৰ শিশুসকলক উন্নত শিক্ষা প্ৰদান কৰিছে । কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে এনে কৰিবলৈ সক্ষম হোৱা নাই বুলি তেওঁ অভিযোগ কৰে । তেওঁ অভিযোগ কৰা মতে সেইকাৰণেই দিল্লীৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল ।

তেওঁৰ মতে আম আদমি পাৰ্টীয়ে মহল্লা ক্লিনিক খুলিছে আৰু সততাৰে ধন ৰাহি কৰিছে আৰু লোকসকলক বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰিছে । এতিয়া মহিলাসকলক প্ৰতি মাহে ১০০০ টকাকৈ দিয়া হ'ব । তেওঁ দাবী কৰা মতে আম আদমি পাৰ্টী এক ধাৰণা হৈ পৰিছে । দলৰ নেতাসকলক গ্ৰেপ্তাৰ কৰিলেও ইয়াৰ ধাৰণাবোৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰে বুলি তেওঁ দাবী কৰে ।

প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি কেজৰিৱালে কয় যে এজন নেতাক গ্ৰেপ্তাৰ কৰিলে ১০০ জন নেতাৰ জন্ম হ'ব । তেওঁৰ মতে এজন কেজৰিৱালক গ্ৰেপ্তাৰ কৰিলে ১,০০০ কেজৰিৱালৰ জন্ম হ'ব । দিল্লীৰ সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত কেজৰিৱালে কয় যে সেয়া এক ভুৱা গোচৰ ।

দিল্লীৰ মুখ্যমন্ত্ৰীৰ মতে পাঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে কৈছিল যে কেজৰিৱাল এজন খালিস্তানী সন্ত্ৰাসবাদী । প্ৰধানমন্ত্ৰীৰ মুখ এনে কথা অশোভনীয় বুলি তেওঁ দাবী কৰে । তেওঁৰ মতে আম আদমি পাৰ্টী আৰু দলৰ প্ৰতিজন নেতাই অগ্নিপৰীক্ষা দিছে । কেজৰিৱালে কয় যে শেহতীয়াকৈ তেওঁ ব্যক্তিগত সচিবকো গ্ৰেপ্তাৰ কৰা হৈছে । ৰাঘৱ চাড্ডা, কৈলাশ গেহলট, সৌৰভ ভৰদ্বাজ আৰু অন্যান্য নেতাসকলক গ্ৰেপ্তাৰ কৰা হৈছে । আজি তেওঁলোক একেলগে আছে আৰু তালৈ গৈ সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ কেজৰিৱালে প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান জনায় ।

উল্লেখ্য যে শনিবাৰে আম আদমি পাৰ্টীয়ে বিজেপিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ঘোষণা কৰিছে । মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী আপ নেতা-কৰ্মীক বিজেপি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ আহ্বান জনাইছিল । দেওবাৰে বিজেপিৰ মুখ্য কাৰ্যালয় অভিমুখে প্ৰতিবাদ সাব্যস্ত কৰাৰ পূৰ্বে দিল্লীৰ ডিডিইউ মাৰ্গত ৰাইজক সম্বোধন কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে ।

তাৰ অংশ হিচাপে দেওবাৰে যথেষ্ট সংখ্যক আপ নেতা-কৰ্মী দিল্লীৰ ৰাজপথত একত্ৰিত হৈছে । বিজেপি কাৰ্যালয় অভিমুখে তেওঁলোকে সমদল উলিয়াবলৈ সাজু হৈছে । এনে পৰিস্থিতিত আৰক্ষীয়েও বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সমীপত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে । লগতে বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক :শ্বপিয়ানত সন্ত্ৰাসবাদীৰ গুলীত নিহত দলীয় নেতা, বিজেপিৰ তীব্ৰ গৰিহণা - BJP Leader Killed
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.