ETV Bharat / health

নিজকে গৰমৰ পৰা ৰক্ষা কৰক, নহ’লে আপুনি হেৰুৱাব লাগিব দৃষ্টিশক্তি - What Is Eye Stroke

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 5:29 PM IST

How to protect eyes : অত্যধিক গৰমে জুৰুলা কৰিছে দেশবাসীক ৷ গ্ৰীষ্মপ্ৰবাহৰ ফলত এতিয়া সকলোৰে ডিহাইড্ৰেশ্যন হোৱা পৰিলক্ষিত হৈছে ৷ আপুনি জানেনে ই আপোনাৰ চকুৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাব পাৰে । লগতে, সূৰ্যৰ ৰশ্মিৰ পোনপটীয়া সংস্পৰ্শলৈ অহাৰ ফলত চকুৰ ষ্ট্ৰোকৰ আশংকা বৃদ্ধি হয় ।

What Is Eye Stroke
নিজকে গৰমৰ পৰা ৰক্ষা কৰক, নহ’লে আপুনি হেৰুৱাব লাগিব দৃষ্টিশক্তি (ETV BHARAT ASSAM)

বিগত দুসপ্তাহ ধৰি দিল্লীকে ধৰি দেশৰ বহুতো অঞ্চলত গৰমে জুৰুলা কৰিছে সকলোকে । ৰাজধানী চহৰৰ লগতে কেইবাখনো ঠাইত তাপমাত্ৰা 50 ত কৈ বৃদ্ধি হোৱাৰ পৰিলক্ষিত হৈছে । ইয়াৰ ফলত ভিন্ন প্ৰান্তত হিটষ্ট্ৰোকৰ ঘটনা সংঘটিত হৈছে ৷ আনহাতে বৰ্ধিত গৰমে স্বাস্থ্যৰ বাবে বহুতো উদ্বেগৰ সৃষ্টি হৈছে । ইয়াৰে অন্যতম হৈছে চকুৰ ষ্ট্ৰোক ।

প্ৰকৃততে, সূৰ্যৰ ৰশ্মিৰ পোনপটীয়া সংস্পৰ্শলৈ আহিলে চকুৰ ষ্ট্ৰোকৰ আশংকা বৃদ্ধি হয় । পেন মেডিচিনৰ অনুসৰি, অপ্টিক স্নায়ুৰ সন্মুখৰ অংশত অৱস্থিত কোষকলাবোৰত তেজৰ প্ৰবাহৰ অভাৱৰ ফলত ষ্ট্ৰোক হ'ব পাৰে । ইয়াক এণ্টেৰিয়ৰ ইস্কিমিক অপটিক নিউৰোপেথি বুলিও কোৱা হয় । ই যথেষ্ট মাৰাত্মক ।

তথ্য অনুসৰি, যেতিয়া ৰক্ত নলী অপ্টিক স্নায়ুৰ পৰা ওলাই আহি ৰেটিনাত উপস্থিত হয় ৷ ফলত আপোনাৰ চকুৰ ষ্ট্ৰোক হ'ব পাৰে আৰু দৃষ্টিশক্তি হেৰুওৱাও হ'ব পাৰে ।

চকুত তাপৰ প্ৰভাৱ

গ্ৰীষ্মপ্ৰবাহৰ ফলত হোৱা ডিহাইড্ৰেশ্যনৰ বাবে চকুত নেতিবাচক প্ৰভাৱ পেলায় । গৰমৰ ফলত, চকু শুকান হৈ পৰে আৰু চকু পুৰিবলৈ আৰম্ভ কৰে । এনে পৰিস্থিতিত, যদি এজন ব্যক্তি দীঘলীয়া সময়ৰ বাবে ক্ষতিকাৰক অতিবেঙুনীয়া (ইউভি) ৰশ্মিৰ সংস্পৰ্শলৈ আহে, ই চকুৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷

ইয়াৰ উপৰিও, ই চকুত ছানি পৰা আৰু মেকুলাৰ ডিজেনাৰেশ্যন আদি ৰোগৰ আশংকা বৃদ্ধি কৰে । ই বৰ্ধিত তাপমাত্ৰাৰ বাবে চকুৰ এলাৰ্জিও কৰিব পাৰে ৷ এনে পৰিস্থিতিত, চকু বাৰে বাৰে ঘঁহিলে সংক্ৰমণ হ'ব পাৰে বা অধিক জ্বলা-পোৰা হ'ব পাৰে ৷

আই ষ্ট্ৰোকৰ লক্ষণ

আই ষ্ট্ৰোকৰ বহুতো লক্ষণ আছে । ইয়াৰ ভিতৰত আছে চকুত শুষ্কতা, জ্বলা-পোৰা, অস্পষ্ট দৃষ্টি, ফুলা, এটা চকুত হঠাতে দৃষ্টি শক্তি হ্ৰাস আৰু সংবেদনশীলতা । যদি আপুনিও এই লক্ষণবোৰ পৰিলক্ষিত কৰিছে তেন্তে লগে লগে চিকিৎসকৰ ওচৰলৈ যাওক ৷

আপোনাৰ চকু কেনেদৰে সুৰক্ষিত কৰি ৰাখিব

আপোনাৰ চকু ক্ষতিকাৰক ইউ ভি ৰশ্মিৰ পৰা সুৰক্ষিত কৰিবলৈ ছানগ্লাছ পিন্ধক । একে সময়তে, হিটৱেভৰ সৈতে সম্পৰ্কিত স্বাস্থ্য সমস্যাৰ পৰা পৰিত্ৰাণ কৰিবলৈ হাইড্ৰেটেড হৈ থাকিব । প্ৰতিদিনে কমেও আঠ গিলাচ পানী খাব আৰু যদি আপুনি গৰমত অধিক সময় অতিবাহিত কৰে তেন্তে অধিক পানী খাব ।

লগতে পঢ়ক: চেলুনলৈ নোযোৱাকৈ এই পদ্ধতিৰে ঘৰতেই কাৰ্ল কৰক চুলি - Curly hair

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.