ETV Bharat / health

চেলুনলৈ নোযোৱাকৈ এই পদ্ধতিৰে ঘৰতেই কাৰ্ল কৰক চুলি - Curly hair

author img

By ETV Bharat Health Team

Published : Jun 2, 2024, 2:18 PM IST

বৰ্তমান সময়ত প্ৰত্যেকগৰাকী যুৱতীয়ে নিজৰ চুলিখিনক লৈ বহুতো সাৱাধানতা অৱলম্বন কৰা দেখা যায় ৷ সকলোৰে চুলি গঠন আৰু প্ৰকাৰ বেলেগ বেলেগ হয় যদিও কিছু যুৱতীয়ে চিধা অৰ্থাৎ ষ্ট্ৰেইট চুলি, কোনোৱে আকৌ কাৰ্ল অৰ্থাৎ কেঁকোৰা চুলি ভালপায় ৷ একে সময়তে, বহুতে দুখ কৰে যে তেওঁলোকৰ বিচৰা ধৰণে চুলি নাই ৷ যদি আপোনাৰ চুলি চিধা হয়, কিন্তু আপুনি ইয়াৰ কেঁকোৰা কৰিব বিচাৰে, তেন্তে এইসমূহ পদ্ধতি অৱলম্বন কৰক.. জানক এইসমূহ বিশেষ টিপছ

Etv Bharat
চেলুনলৈ নোযোৱাকৈ এই পদ্ধতিৰে ঘৰতেই কাৰ্ল কৰক চুলি (Etv Bharat)

আজিৰ ফেশ্বনেবল যুগত, কেৱল মুখমণ্ডলৰ সৌন্দৰ্যই পৰ্যাপ্ত নহয়, দীঘল আৰু ডাঠ চুলিয়েও আপোনাৰ সৌন্দৰ্যৰ ক্ষেত্ৰত সোণত সুৱগা চৰাই ৷ সেইবাবে মহিলাসকলে ঘন চুলি বিচাৰে ।

অৱশ্যে, কিছু লোকে নিজৰ প্ৰকৃত চুলিখিনিকে ভালপায় যদিও কিছু লোকে আকৌ চিধা তথা ষ্ট্ৰেইট চুলি আৰু কাৰ্ল তথা কেঁকোৰা টুলি ভালপায় ৷ আজিকালি চেলুনসমূহত চুলিৰ ভিন্ন ষ্টাইলৰ বাবে ভিন্ন প্ৰক্ৰিয়া উলব্ধও হয় ৷ কিন্তু এইসমূহ প্ৰক্ৰিয়াত ব্যৱহৃত হোৱা কেমিকেল পদাৰ্থ আমাৰ চুলিৰ বাবে অত্যন্ত ক্ষতিকাৰক ৷

সেইবাবে আমি আজি আপোনালোকলৈ লৈ আহিছো এনে টিপছ, যাৰ জৰিয়তে আপুনি সহজতে ঘৰতে আপোনাৰ চুলিখিনি কাৰ্ল কৰিব পাৰে ৷ পঢ়ক এই টিপছ...

চুলি কেঁকোৰা কৰাৰ পূৰ্বে গ্ৰহণ কৰিব লগা পৰামৰ্শসমূহ :

  • বজাৰত এনে ছেম্পু আৰু কণ্ডিশ্যনাৰ উপলব্ধ হয় যিয়ে আপোনাৰা চুলি প্ৰাকৃতিকভাৱে কেকোঁৰা কৰি তুলিব ৷
  • এই সামগ্ৰীয়ে চুলি কেঁকোৰা কৰাত সহায় কৰে । তিতা চুলিত প্ৰথমে কাৰ্ল ক্ৰীম প্ৰয়োগ কৰক আৰু পিচত জেল প্ৰয়োগ কৰক ।
  • তাৰ পিচত ফণী বা আঙুলিৰ সহায়ত, জট নোলোৱাকৈ ইয়াক ভালদৰে লগাই লওক ৷

কাৰ্ল কৰাৰ পদ্ধতি

ওপৰত উল্লেখ কৰা পৰামৰ্শবোৰ অনুসৰণ কৰাৰ পিচত, আপুনি নিম্নলিখিত যিকোনো ধৰণে আপোনাৰ পোন চুলিক কেঁকোৰা চুলিলৈ পৰিৱৰ্তিত কৰিব পাৰে ৷

1. আঙুলিৰ কুণ্ডলী : প্ৰথমে আপোনাৰ চুলিৰ এটা অংশ লওক আৰু চুলিকেইডালক আপোনাৰ আঙুলিত পকাই লওক । ওপৰৰ পৰা আৰম্ভ কৰক আৰু ইয়াক এনেদৰে তললৈ মেৰিয়াই লৈ গৈ থাকক । এতিয়া পাকটো তেনেদৰেই ৰাখি সাৱধানে আঙুলিটো উলিয়াই দিয়ক ৷ তাৰ পিচত প্ৰত্যেকডাল চুলিতে এই পদ্ধতি প্ৰয়োগ কৰক ৷

2. টুইষ্ট আউট : চুলিৰ এটা অংশ লওক । ইয়াক দুটা ভাগত বিভক্ত কৰক আৰু ইডাৰ পিচত সিডাল চুলি পাক খোৱাই বেণী গুঠাৰ দৰে ইয়াক ক্লিপ অথবা ৰবৰেৰে অলপ সময়ৰ বাবে বান্ধি থওক ৷ আপোনাৰ আটাইকেইডাল চুলিতে এই পদ্ধতি প্ৰয়োগ কৰক ৷ অলপ সময়ৰ পিচত, ক্লিপটো আঁতৰাই চুলিখিনি ঢিলা কৰি দিয়ক ৷ তেতিয়া আপোনাৰ পোন চুলি কেঁকোৰা হৈ যাব ৷

3. খোপা তৈয়াৰ কৰক : চুলিৰ এটা অংশ লওক ৷ ইয়াক টানকৈ টানকৈ খোপাসদৃশ কৰি লওক ৷ তাৰ পিচতে এটা ক্লিপেৰে চুলিখিন (ঠিক) ছেট কৰি লওক ৷ তাৰ পিচত চুলিখিনি খুলি দিয়ক ৷

উল্লেখ্য যে, উপৰোক্ত সকলো নিৰ্দেশনা কেৱল আপুনি বুজিবলৈহে দিয়া হৈছে ৷ আমি বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি এই তথ্য প্ৰদান কৰিছো । কিন্তু, এইবোৰ কাৰ্যকৰী কৰাৰ পূৰ্বে আপুনি ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল ।

লগতে পঢ়ক : কলপাতত খাদ্য খাই ভাল পাই নেকি ? তেন্তে আপোনালৈ আছে এক সুখবৰ - Banana Leaf Benefits

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.