ETV Bharat / bharat

Rameswar Teli in Chhattisgarh: ছত্তীশগড়ত অন্য ৰূপত মন্ত্ৰী ৰামেশ্বৰ তেলী

author img

By

Published : Nov 10, 2022, 9:45 AM IST

ছত্তিশগড়ত উপস্থিত হৈ ছত্তীশগড়ীয়া ভাষাত সম্বোধন কৰিলে কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী দিনজোৰা ভ্ৰমণসূচীৰে ছত্তিশগড় জিলাৰ বিলাসপুৰত উপস্থিত হয় (Rameshwar Teli visit to Chhattisgarh) ৷

union-minister-of-state-rameshwar-teli-visit-to-chhattisgarh
Rameswar Teli in Chattisgarh:ছত্তীশগড়ত মাতৃভাষা কয় সকলোকে আপ্লুত কৰিলে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে

নিউজ ডেস্ক, 10 নৱেম্বৰ: "ছবলে বঢ়িয়া ছত্তীশগড়িয়া?" ছত্তিশগড়ত উপস্থিত হৈ ছত্তীশগড়ীয়া ভাষাত সম্বোধন কৰিলে কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী দিনজোৰা ভ্ৰমণসূচীৰে ছত্তিশগড় জিলাৰ বিলাসপুৰত উপস্থিত হয় (Rameshwar Teli visit to Chhattisgarh) ৷ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত ছত্তীশগড়ীয়া ভাষা ব্যৱহাৰ কৰি সকলোকে আচৰিত কৰি তোলে ৷

Rameswar Teli in Chattisgarh:ছত্তীশগড়ত মাতৃভাষা কয় সকলোকে আপ্লুত কৰিলে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে

তেওঁ কয়- "মই অসমৰ বাসিন্দা আৰু প্ৰথমবাৰৰ বাবে ছত্তীশগড়লৈ আহিছো (Rameswar Teli in Chhattisgarh)৷ আমাৰ পূৰ্বপুৰুষসকল ছত্তীশগড়ৰ বাসিন্দা আছিল যদিও আজিৰ পৰা প্ৰায় ২০০ বছৰ আগতে তেওঁলোকে ছত্তীশগড় এৰি অসমলৈ প্ৰব্ৰজন কৰিছিল । তেতিয়াৰে পৰা আমি তাত বাস কৰি আছো ৷ আমি এতিয়া অসমীয়া ভাষা-সংস্কৃতি আকোৱালি ল'লো ৷ তথাপি আমি ছত্তীশগড়ী ভাষা এতিয়াও ব্যৱহাৰ কৰো ৷ আমাৰ উপভাষাত ছত্তিশগড়ীয়া ভাষা অন্তৰ্ভুক্ত হৈ আছে ৷ এতিয়াও আমাৰ কিছুসংখ্যক লোকে ছত্তীশগড়ী ভাষা ব্যৱহাৰ কৰে (Rameshwar Teli speaks Chhattisgarh language)৷"

ছত্তীশগড়ী ভাষা ছত্তীশগড়ৰ গ্ৰাম্য অঞ্চলত ব্যৱহাৰ কৰা হয় । ছত্তীশগড়ত বাস কৰা প্ৰায় মানুহৰ ছত্তীশগড়ী ভাষা কোৱা আৰু বুজিবলৈ সহজ হয় ৷ কিন্তু ৰাজ্যখনলৈ আহি প্ৰথমবাৰৰ বাবে কোনো লোকে বিশুদ্ধ ছত্তীশগড়ী ভাষা কোৱাতো আশ্চৰ্যকৰ ৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Cabinet Minister Rameswar Teli) এক কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰায়পুৰৰ পৰা বিলাসপুৰত উপস্থিত হৈছিল ৷ প্ৰথমবাৰৰ বাবে তেওঁ ছত্তীশগড়লৈ আহি বিশুদ্ধ আৰু সহজভাৱে ছত্তিশগড়ী ভাষা কোৱাত ইয়াকে বুজা যায় যে ভাষাটোৰ ওপৰত মন্ত্ৰীগৰাকীৰ দখল এতিয়াও আছে ৷

লগতে তেওঁ কয়- "ছত্তীশগড়ৰ খিলঞ্জীয়া লোকসকল হৈছে গঢ়, তেলী, পিংকা আৰু বহুতো জাতি উপজাতি ৷ ছত্তীশগড়ৰ বাসিন্দা অসমতো আছে ৷ আমি এতিয়াও অসমত থাকি আমাৰ ছত্তীশগড়ী পৰম্পৰা আৰু সংস্কৃতি সংৰক্ষণ কৰি আছো ৷ আমি আজিও আমাৰ ছত্তীশগড়ী উপভাষা পাহৰি যোৱা নাই ৷ যদিও অসমত বাস কৰাৰ বাবে আমাৰ ভাষা মিশ্ৰিত হৈছে, কিন্তু ছত্তীশগড়ী আমাৰ মাজত সোমাই আছে ৷ আমি চাহ বাগিচাত কাম কৰিবলৈ গৈছিলো আৰু এতিয়াও একেটা কাম কৰি আছো ৷ কিন্তু আজি মই মোৰ মূল ভূমিত উপস্থিত থাকি নথৈ আনন্দিত হৈছো ৷"

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে- "যি দলৰ চৰকাৰ কেন্দ্ৰত আছে, যদি সেই দলৰ চৰকাৰ ৰাজ্যত থাকে, তেন্তে উন্নয়ন অব্যাহত থাকে । কাৰণ ৰাজ্যখনে কেন্দ্ৰৰ পৰা পুঁজি লয় আৰু নিৰন্তৰ বিকাশ কৰে । ইয়াৰ লগতে, কেন্দ্ৰই ৰাজ্যসমূহত বহুতো আঁচনি ৰূপায়ণ কৰে । যিদৰে ছত্তীশগড়ত বিজেপি ১৫ বছৰ ধৰি শাসনত আছিল আৰু মোডীৰ চৰকাৰ কেন্দ্ৰত শাসনলৈ আহিছিল, ৰাজ্যখনৰ উন্নয়ন বহুগুণে বৃদ্ধি পাইছিল । ৰাজ্যখনে অধিক উচ্চতা স্পৰ্শ কৰিবলৈ আৰম্ভ কৰিছিল ৷ কিন্তু যোৱা 4 বছৰত জিলাখনৰ বিকাশৰ স্তব্ধ হৈছে ৷ সেয়েহে, আগন্তুক সময়ত, কেন্দ্ৰত থকা চৰকাৰে ৰাজ্যখনতো গঠন হ’ব লাগে ৷ অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ পিছত অসমৰ উন্নয়ন নিৰন্তৰ বৃদ্ধি পাইছে ৷"

লগতে পঢ়ক: Minister Nitin Gadkari in Guwahati: অসমৰ পথ পৰিবহণত আমূল পৰিৱৰ্তনৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.