ETV Bharat / state

Minister Nitin Gadkari in Guwahati: অসমৰ পথ পৰিবহণত আমূল পৰিৱৰ্তনৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ

author img

By

Published : Nov 10, 2022, 6:52 AM IST

Updated : Nov 10, 2022, 7:16 AM IST

আগন্তুক দুবছৰৰ ভিতৰত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰে নিৰ্মাণ কৰি তোলা হ'ব ৷ গুৱাহাটীত এই ঘোষনা কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ (Minister Nitin Gadkari press meet on Assam road development) ৷

Minister Nitin Gadkari press meet on Assam road development
Minister Nitin Gadkari in Guwahati: অসমৰ পথ পৰিবহণত আমূল পৰিৱৰ্তনৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

গুৱাহাটী, 10 নৱেম্বৰ: "আগন্তুক দুবছৰৰ ভিতৰত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰে নিৰ্মাণ কৰি তোলা হ'ব । গুৱাহাটীৰ পথ পৰিবহন ব্যৱস্থাটো উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 50 হাজাৰ কোটি টকা ব্যয় কৰিব ৷ কাজিৰঙাত চাৰিলেনযুক্ত এলিভেটেড কৰিডৰ ৰোড নিৰ্মাণৰ বাবে 6 হাজাৰ কোটি টকাৰ অনুমোদন জনোৱা হৈছে ৷" বুধবাৰে নিশা গুৱাহাটীত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই মন্তব্য কৰে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে (Union Road Transport and Highways Minister Nitin Gadkari ) ৷

অসমৰ পথ পৰিবহণত আমূল পৰিৱৰ্তনৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

মন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটীৰ ব্ৰক্ষ্মপুত্ৰৰ ওপৰত কুৰুৱা আৰু নাৰেংগী সংযোগী দলংখনৰ লগতে বাইহাটা, কুৰুৱা, নাৰেংগী আৰু খানাপাৰাৰ পৰা যোৰবাট সংযোগী ৰিং ৰোডৰ বাবে মুঠ 4500 কোটি টকাৰ কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছে (Minister Nitin Gadkari press meet on Assam road development) ৷ লগতে জালুকবাৰীৰ পৰা খানাপাৰলৈ ছয়লেন যুক্ত ঘাইপথ নিৰ্মাণৰ বাবে 550 কোটি টকাৰ অনুমোদন দিয়া হৈছে ৷ অহা তিনিমাহৰ ভিতৰত কুৰুৱা আৰু নাৰেংগী সংযোগী দলংখনৰ তেওঁ আধাৰশিলা স্থাপন কৰিব বুলিও ঘোষনা কৰে ৷

সংবাদমেলখনত তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পাঠশালা, বৰপেটাৰোডৰ শিমলাগুৰি, বাইহাটা চাৰিআলি, জাগীৰোড, বঙাইগাঁও, ৰহা আদি 10 টা ঠাইত বাইপাছত উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব ৷ এই উৰণীয়া সেতুসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নিৰ্ধাৰিত ধনৰ আৱন্টন দিছে ৷ 34 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙাত চাৰিলেনযুক্ত এলিভেটেড কৰিডৰ নিৰ্মাণৰ বাবে কেন্দ্ৰই 6 হাজাৰ কোটি টকাৰ অনুমোদন দিছে ৷ ইফালে পুনৰ মাজুলী-যোৰহাট সংলগ্ন দলং নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে 350 কোটি টকাৰ অনুমোদন দিছে ৷ চলিত বছৰৰ ভিতৰত এই দলং নিৰ্মাণৰ বাবে বিস্তৃত প্ৰকল্প প্ৰতিবেদন চলিত বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব ৷

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভৱিষ্যতে সমগ্ৰ অসমতে ইলেকট্ৰিক বাছ চলাচল কৰাৰ বাবে পৰিকল্পনা কৰি থকা হৈছে ৷ উল্লেখ্য যে এই সংবাদমেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও (CM Himanta Biswa Sarma)উপস্থিত থাকে ৷

লগতে পঢ়ক: Dhula teenager murder case: দৰঙৰ নিলম্বিত এছ পি ৰাজমোহন ৰায়ৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ

Last Updated : Nov 10, 2022, 7:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.