Dhula teenager murder case: দৰঙৰ নিলম্বিত এছ পি ৰাজমোহন ৰায়ৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Nov 9, 2022, 8:41 PM IST

Guwahati High Court rejected bail application of suspended Darang SP Rajmohan Roy

ঢেকীয়াজুলিৰ বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই লৈছে নতুন মোৰ । দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত অন্তৱৰ্তী অগ্ৰিম জামিনৰ বাবে আবেদন কৰিছিল । বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা এক শুনানিত দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰা অগ্ৰিম জামিন নাকচ কৰে ।

গুৱাহাটী, 9 নৱেম্বৰ: ঢেকীয়াজুলিৰ বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই লৈছে নতুন মোৰ । ঢেকীয়াজুলিৰ বনকৰা কিশোৰীগৰাকীৰ মৃত্যুৰ ঘটনাকলৈ ইতিমধ্যে দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে । লগতে এই ঘটনাৰ অভিযোগত ধুলা আৰক্ষী ধানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা আৰু তিনিগৰাকী চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (Dhula teenager murder case) ।

ইফালে ঘটনাস্থলীত উপস্থিত নোহোৱাকৈয়ে আত্মহত্যা বুলি প্ৰতিবেদন দিয়া দৰঙৰ অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকালৈ চি আই ডিয়ে চমন জাৰি কৰিছে । উল্লেখ্য যে দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত অন্তৱৰ্তী অগ্ৰিম জামিনৰ বাবে আবেদন কৰিছিল । বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা এক শুনানিত দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰা অগ্ৰিম জামিন নাকচ কৰে ।

অহা সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আদালতত কেচ ডায়েৰী প্ৰদান কৰিবলৈ চি আই ডিক নিৰ্দেশ দিছে । বৰ্তমান দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় পলাতক অৱস্থাত আছে । ইপিনে দৰঙৰ জিলা ন্যায়িক আদালতে দুদিনৰ CIDৰ জিম্মালৈ প্ৰেৰণ কৰিছে দৰঙৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক । ৰূপম ফুকনে ডেৰ লাখ টকা উৎকোচ লৈ ঢেকীয়াজুলিৰ বনকৰা কিশোৰীৰ মৃত্যুৰ ঘটনাক বিপথে পৰিচালিত কৰাৰ চি আই ডিয়ে অভিযোগ লাভ কৰিছিল ।

আনহাতে CIDএ গ্ৰেপ্তাৰ কৰা ৩ চিকিৎসকক দৰঙৰ জিলা ন্যায়িক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে । ইপিনে ঘটনাস্থলীত উপস্থিত নোহোৱাকৈয়ে ঢেকীয়াজুলিৰ বনকৰা কিশোৰী গৰাকীয়ে আত্মহত্যা কৰা বুলি প্ৰতিবেদন দিয়া অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ মঙলদৈত থকা ভাৰাঘৰ ছীল কৰিছে CID-এ ।

চি আই ডিৰ উচ্চস্তৰীয় সূত্ৰই জনোৱা মতে ঘটনাস্থলীত উপস্থিত নোহোৱাকৈয়ে ঢেকীয়াজুলিৰ বনকৰা কিশোৰীগৰাকীয় আত্মহত্যা কৰা বুলি প্ৰতিবেদন দিয়া দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ মঙলদৈ আৰু গুৱাহাটীৰ লংকেশ্বৰত থকা ঘৰলৈ বুধবাৰে ১১ বজাত চি আই ডিৰ গুৱাহাটীৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে জাননী দিছিল ।

কিন্তু আশীৰ্বাদ হাজৰিকাই জাননীৰ কোনো উত্তৰ নিদিয়াৰ বাবে চি আই ডিয়ে অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ মঙলদৈত থকা ভাৰাঘৰ ছীল কৰিছে । মনকৰিবলগীয়া যে অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা পলাতক অৱস্থাত আছে । দৰঙৰ জিলা উপায়ুক্তই অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ ছুটি নাকচ কৰি শীঘ্ৰেই কামত যোগদান কৰাৰ নিৰ্দেশ দিছে । অন্যথা তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি দৰঙৰ জিলা উপায়ুক্তই সকীয়াই দিছে ।

উল্লেখ্য যে, এছ এছ বি জোৱান কৃষ্ণকমলৰ হাতত ধৰ্ষিতা হৈছিল তেওঁৰেই ঘৰত বনকৰা হিচাপে থকা 13 বছৰীয়া কিশোৰীগৰাকী (Teenager girl raped in Dhula) ৷ প্ৰায় 9 বছৰ বয়সৰ পৰাই এছ এছ বিৰ জোৱান কৃষ্ণকমল বৰুৱাৰ ঘৰত বনকৰা হিচাপে আছিল কিশোৰীগৰাকী ৷ কিন্তু তাই হয়তো জনা নাছিল যে, যাৰ ঘৰত বন কৰি তাই দুবেলা দুসাঁজ খাইছে, তেৱেঁই এদিন ইয়াৰ প্ৰতিদান হিচাপে তাইৰ পৰা আঁজুৰি ল’ব সতীত্ব আৰু তাইৰ জীৱন ৷

সূত্ৰ অনুসৰি, 11 জুনৰ পুৱা পুৱা ঘৰত নাছিল কৃষ্ণকমলৰ পত্নী ৷ তাৰেই সুযোগ লৈ এছ এছ বিৰ জোৱানজন জপিয়াই পৰিছিল জীয়াৰিৰ বয়সীয়া বনকৰা কিশোৰীগৰাকীৰ ওপৰত ৷ প্ৰথমে উপৰ্জুপৰি ধৰ্ষণ কৰাৰ পাচত হত্যা কৰে কিশোৰীগৰাকীক ৷ মৃতদেহটো ওলোমাই থৈ ৰূপ দিয়ে আত্মহত্যাৰ ৷ তাৰ পাচত খবৰ দিয়া হ’ল আৰক্ষীক ৷ ঘটনাৰ তদন্তৰ বাবে আহিল তদানীন্তন ধূলা থানাৰ অ’চি উৎপল বড়া ৷ তাৰ পাচতেই এটা হত্যাকাণ্ড কাগজে-পত্ৰই ৰূপান্তৰিত হৈছিল আত্মহত্যাৰ ঘটনালৈ (Dhula murder case updates) ৷

লগতে পঢ়ক: Dhula teenager murder case: কেনেকৈ মেনেজ হৈছিল আৰক্ষী; কাৰ শ্ৰুতলিপি মতে হৈছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.