ETV Bharat / entertainment

Rakhi-Sherlyn file cases against each other: পৰস্পৰৰ বিৰুদ্ধে গোচৰ ৰাখী-শ্বাৰলিনৰ

author img

By

Published : Nov 10, 2022, 10:47 AM IST

বুধবাৰে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি বলীউডৰ তাৰকা ৰাখী সাৱন্ত আৰু শ্বাৰলিন চোপ্ৰাই আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ বাবে ইজনে সিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

Rakhi Sawant
এগৰাকীয়ে আনগৰাকীৰ বিৰুদ্ধে গোচৰ তৰিছে ৰাখী শ্বাৰলিনে

চিটাৰা ডেস্ক, 10 নৱেম্বৰ : বলীউড তাৰকা ৰাখী সাৱন্ত আৰু শ্বাৰলিন চোপ্ৰাই আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ বাবে এগৰাকীয়ে আনগৰাকীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে বুলি বুধবাৰে আৰক্ষীয়ে প্ৰকাশ কৰিছে । মুম্বাই আৰক্ষীয়ে জনোৱা মতে, চোপ্ৰাৰ অভিযোগৰ ভিত্তিত ৰাখী সাৱন্ত আৰু অধিবক্তা ফালগুনি ব্ৰহ্মভটৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে ।

অভিনেত্ৰী ৰাখী সাৱন্ত আৰু অধিবক্তা ফালগুনি ব্ৰহ্মভটৰ বিৰুদ্ধে IPC & IT Act ৰ একাধিক ধাৰাত এগৰাকী অভিনেত্ৰীৰ অভিযোগত গোচৰ ৰুজু কৰা হয় । মুম্বাই আৰক্ষীয়ে জনোৱা মতে, অভিযোগকাৰীয়ে অভিযোগ কৰিছে যে দুয়োজনেই সংবাদমেলৰ সময়ত তেওঁৰ আপত্তিজনক ভিডিঅ’ দেখুৱাই আপত্তিজনক ভাষা ব্যৱহাৰ কৰিছিল । আনহাতে, ৰাখী সাৱন্তে অভিনেতা শ্বাৰলিন চোপ্ৰাৰ বিৰুদ্ধে মুম্বাইৰ অশিৱাৰা থানাত গোচৰ ৰুজু কৰিছে । ৰাখী সাৱন্তে কয়, শ্বাৰলিনে তেওঁৰ ভিডিঅ’ত প্ৰেমিক সলনি কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।

ৰাখীয়ে আৰক্ষীক জনোৱা মতে, 2022 চনৰ 6 নৱেম্বৰত শ্বাৰলিন চোপ্ৰাই ইউটিউব আৰু ইনষ্টাগ্ৰামত এটা ভিডিঅ’ আপলোড কৰিছিল, য’ত শ্বাৰলিনে তেওঁৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল আৰু গালি-গালাজ কৰিছিল । অশিৱাৰা আৰক্ষীয়ে আই পি চিৰ 500, 504, 506 আৰু 509 ধাৰাত গোচৰ ৰুজু কৰি পৰৱৰ্তী তদন্ত আৰম্ভ কৰে । চলিত মাহৰ আৰম্ভণিতে শ্বাৰলিন চোপ্ৰা আৰু ৰাখী সাৱন্তৰ চলি থকা বিতৰ্কৰ শেহতীয়া দৃশ্যপটত শ্বাৰলিনে এটা টুইট শ্বেয়াৰ কৰি কয় যে নগ্নতা সন্মতিৰ সমান নহয় ।

মাইক্ৰ'ব্লগিং চাইটলৈ লৈ গৈ শ্বাৰলিনে হিন্দীত লিখিছে, "হামাৰী লড়াই যৌন শোষণ/ যৌন শোষণ কৰনে ৱালোন কে খিলাফ হে । ন্যায় কি গুহাৰ লগানে কা সাংবিধানিক হক হে । য়ে হক হমছে কয় নাহি ছিন সকতা হে । য়ে বাত হামাৰে আৰোপিয়ন কি বেহেন ছুন লে ঔৰ সমাঝ লে" । নগ্নতা সন্মতিৰ সমান নহয় । ৰাখীয়ে মুম্বাইৰ অশিৱাৰা থানাত তেওঁৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰাৰ পিছতেই শ্বাৰলিনৰ এই পোষ্টটো আহিছে ।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰাখীয়ে কয় যে শ্বাৰলিনৰ এই মন্তব্যৰ বাবেই তেওঁৰ ব্যক্তিগত জীৱনত যথেষ্ট প্ৰভাৱ পৰিছে কাৰণ তেওঁৰ প্ৰেমিকজনে তেওঁক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে । "মই সঁচাকৈয়ে দুখ পাইছো যে তেওঁ মোৰ বিষয়ে কৰা মন্তব্যৰ বাবে মোৰ জীৱনত অস্থিৰতা আহিছে । তেওঁৰ বাবেই মোৰ শেহতীয়া প্ৰেমিকজনে মোক সুধিছে শ্বাৰলিনে কোৱা কথাখিনিত কিবা সত্যতা আছে নেকি, মোৰ সঁচাকৈয়ে 10 জন বয়ফ্ৰেণ্ড আছে নেকি ? তেওঁ আহি সংবাদ মাধ্যমত যি বিচাৰে তাকে ক’লে আৰু এতিয়া মই তাৰ বাবে পৰিশোধ কৰিব লগীয়া হৈছে ৷

ইয়াৰ পূৰ্বে #MeToo অভিযুক্ত চলচ্চিত্ৰ নিৰ্মাতা ছাজিদ খানৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা শ্বাৰলিনে শেহতীয়াকৈ ছাজিদ আৰু ৰাজ কুন্দ্ৰাৰ সমৰ্থনত ওলাই অহাৰ বাবে ৰাখীৰ সৈতে বাকযুদ্ধত লিপ্ত হৈছিল । ব্যৱসায়ী ৰাজ কুন্দ্ৰাই অভিযোগ কৰিছে যে অভিনেত্ৰী শ্বাৰলিন চোপ্ৰাই ষ্ট্ৰীমিং চাইট OnlyFansত ‘filth’ প্ৰস্তুত কৰে । মঙলবাৰে ৰাজে টুইটাৰত শ্বাৰলিনে প্ৰাপ্তবয়স্ক কন্টেন্ট প্ৰস্তুত কৰা সম্পৰ্কে কৰা টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । "এইটোৱেই মোৰ সঠিক কথা ! অশ্লীলতা আৰু মহিলাৰ অধিকাৰৰ কথা কৈছে তথাপিও এই ধৰণৰ লেতেৰা প্ৰডাক্ট তেওঁ নিজেই উৎপাদন কৰি আছে ! তেওঁক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ'ব..কোৱল সময়ৰ কথা ! সমাজৰ বাবে আভিশাপ তেওঁ" !, ৰাজে এইদৰে টুইট কৰে ।

শ্বাৰলিনে 2021 চনৰ অক্টোবৰ মাহত ৰাজ আৰু তেওঁৰ পত্নী অভিনেতা শিল্পা শেট্টীৰ বিৰুদ্ধে জালিয়াতি আৰু মানসিক হাৰাশাস্তিৰ অভিযোগ দাখিল কৰিছিল ।সেই সময়ত ৰাজৰ বিৰুদ্ধে পৰ্ণগ্ৰাফিক কন্টেন্ট প্ৰস্তুত কৰা এপসমূহৰ সৈতে লিংকৰ বাবে তদন্ত চলি আছিল । আনকি ৰাজ 2021 চনৰ জুলাই মাহত পৰ্ণগ্ৰাফিক ভিডিঅ’ প্ৰস্তুত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল আৰু ছেপ্টেম্বৰ মাহত জামিন লাভ কৰিছিল । তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰা, মহিলাৰ অশোভনীয় প্ৰতিনিধিত্ব (প্ৰতিৰোধ) আইন আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল । ৰাজ আৰু শিল্পাই শ্বাৰলিনৰ বিৰুদ্ধে 50 কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰি ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনায় ।

লগতে পঢ়ক : Sherlyn Chopra on Rakhi Sawant: ৰাখীৰ বিৰুদ্ধে থানাত গোচৰ দি চৰ শোধালে শ্বাৰলিনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.