ETV Bharat / state

Earthquake in Assam and Arunachal Pradesh: দুটাকৈ ভূমিকম্পই জোকাৰিলে অসম-অৰুণাচল

author img

By

Published : Nov 10, 2022, 11:39 AM IST

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি । বুধবাৰে পুৱা দুটাকৈ ভূমিকম্পই জোকাৰি গ’ল অসমৰ লগতে অৰুণাচলক (Earthquake in Assam) ৷ পুৱা 10:31 বজাত অহা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৫.৭ ৰিখটাৰ স্কেল ৷ আনহাতে 10:59 বজাত অহা ভূমিকম্পটোৰ প্ৰাৱল্য 3.5 ৰিখটাৰ স্কেল ৷

earthquake-in-assam-and-arunachal-pradesh
দুটাকৈ ভূমিকম্পই জোকাৰিলে অসম-অৰুণাচল

গুৱাহাটী/ তেজপুৰ, ১০ নৱেম্বৰ: পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি । বুধবাৰে পুৱা অহা এটা ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটীৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চল (Earthquake in Assam) ৷ পুৱা 10:31 বজাত অহা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৫.৭ ৰিখটাৰ স্কেল ৷

অকল অসমেই নহয় এই ভূমিকম্পটোৱে অৰুণাচল প্ৰদেশতো জোকাৰণিৰ সৃষ্টি কৰে ৷ এই ভুমিকম্পৰ কেন্দ্ৰস্থল অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত বুলি জানিব পৰা গৈছে ৷ এই ভূমিকম্পটোৰ জোকাৰণি উজনি অসমত বেছি অনুভৱ হৈছে বুলি জানিব পৰা গৈছে ৷

অৱশ্যে ভূমিকম্পটোত এই পৰ্যন্ত দুয়োখন ৰাজ্যত কোনোধৰণৰ ক্ষয়ক্ষতিৰ খবৰ পোৱা হোৱা নাই । ইয়াৰ পিছতেই আকৌ পুৱা 10:59 বজাত পুনৰ 3.5 ৰিখটাৰ স্কেলৰ দ্বিতীয়বাৰৰ বাৰে অহা এটা ভূমিকম্পই জোকাৰি গ’ল অসমৰ লগতে অৰুণাচলক (Earthquake in Arunachal Pradesh) ৷

উল্লেখযোগ্য যে, বিগত মঙলবাৰৰ পৰা ক্ৰমাগতভাৱে অহা তিনিটাকৈ সৰু-বৰ ভূমিকম্পই কঁপাই গৈছিল চুবুৰীয়া ৰাষ্ট্ৰ নেপালক ৷ নেপালৰ ৰাষ্ট্ৰীয় ভূমিকম্প কেন্দ্ৰই জনোৱা মতে, নেপালৰ সুদূৰ পশ্চিম অঞ্চলত যোৱা মঙলবাৰে নিশা 9:07 বজাত অহা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল প্ৰায় 5.2 ৰিখটাৰ স্কেল ৷

আনফালে, এন এছ চিৰ তথ্য অনুসৰি, এই ভূমিকম্পৰ প্ৰাৱল্য আছিল প্ৰায় 4.1 ৰিখটাৰ স্কেল ৷ এই ভূমিকম্পৰ ফলত অঞ্চলটোত এটা ঘৰ ভাঙি 6 জন লোকৰ মৃত্যু হয় (6 killed as earthquake hits Nepal) । তাৰোপৰি ভাৰতৰ নতুন দিল্লীতো বুধবাৰে পুৱতি নিশা কম্পন অনুভৱ হৈছিল (Earthquake in Nepal and Delhi) ৷ নিশা প্ৰায় 1:57 বজাত অহা এই ভূমিকম্পৰ প্ৰাৱল্য আছিল প্ৰায় 6.3 ৰিখটাৰ স্কেল (6.3 on Richter scale) ৷

মনকৰিবলগীয়া যে, বিগত 2015 চনত নেপালৰ ৰাজধানী কাঠমাণ্ডু আৰু পোখৰা চহৰৰ মাজত প্ৰায় 7.8 ৰিখটাৰ স্কেলৰ ভূমিকম্প হৈছিল ৷ এই ভূমিকম্পৰ ফলত প্ৰায় 8,964 জন লোক নিহত হৈছিল ৷ ইয়াৰ বিপৰীতে প্ৰায় 22,000 জন লোক আহত হৈছিল ৷

লগতে পঢ়ক: Earthquake in Nepal and Delhi: কঁপি উঠিল নেপাল-দিল্লী, 6 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.