ETV Bharat / state

Attack on police officers: কৰিমগঞ্জত দুৰ্বৃত্তৰ আক্ৰমণত আহত দুই আৰক্ষী বিষয়া

author img

By

Published : Nov 10, 2022, 12:06 PM IST

কৰিমগঞ্জত নিশা আৰক্ষীৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ ৷ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দুগৰাকীকৈ আৰক্ষীৰ লোক ৷ অভিযুক্ত গৌতম ৰবিদাসক আটক কৰিছে আৰক্ষীয়ে(One arrested for attack on Police Officer) ৷

Attack on police officers
কৰিমগঞ্জত দুৰ্বৃত্তৰ আক্ৰমণত আহত দুই আৰক্ষীৰ লোক

কৰিমগঞ্জ, 10 নৱেম্বৰ: কৰিমগঞ্জত বুধবাৰে নিশা দুৰ্বৃত্তৰ আক্ৰমণত দুগৰাকীকৈ আৰক্ষীৰ লোক গুৰুতৰভাৱে আহত হয় (Attack on police officers) । নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰাহ্মণশাসন শিববাৰী এলেকাত সংঘটিত হৈছে এই ঘটনা । ঘটনাৰ তদন্তৰ বাবে যোৱাৰ সময়ত আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে দুৰ্বৃত্তটোৱে । আহত আৰক্ষী বিষয়া দুগৰাকী নিলামবজাৰ আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু বেটেলিয়ানৰ জোৱান বুলি জানিব পৰা হৈছে ৷

কৰিমগঞ্জত দুৰ্বৃত্তৰ আক্ৰমণত আহত দুই আৰক্ষীৰ লোক

আৰক্ষী সূত্ৰে জানিব পৰা মতে, বুধবাৰে নিশা এগৰাকী নাবালিকাৰ ওপৰত সংঘটিত নিৰ্যাতন তথা ধৰ্ষণৰ অপচেষ্টাৰ ঘটনাৰ তদন্তৰ বাবে গৈছিল আৰক্ষীৰ এটা দল ৷ এনে সময়তে আৰক্ষীৰ দলটোৰ ওপৰত আক্ৰমণ চলাই অভিযুক্ত গৌতম ৰবিদাসে(Man attack on police officers) ৷ অভিযুক্ত গৌতম ৰবিদাসৰ এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় নিলামবজাৰ আৰক্ষীৰ উপ-পৰিদৰ্শক প্ৰদীপ সিনহা আৰু বেটেলিয়ানৰ জোৱান গৌতম মহন্ত ৷

এই ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত নিলামবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি মালাকাৰৰ নেতৃত্বত আন এটা আৰক্ষী দল উপস্থিত হয় ৷ আৰক্ষীৰ দলটোৱে আহত আৰক্ষীৰ লোকসকলক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰে ৷ আৰক্ষীয়ে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰা গৌতম ৰবিদাসক আটক কৰিবলৈ সক্ষম হয়(One arrested for attack on police officer) ।

লগতে পঢ়ক: Bhupen Bora visited Barpeta Satra: অসমৰ পৰা বিভাজনৰ সাম্প্ৰদায়িক ৰাজনীতি উৎখাত কৰাৰ হুংকাৰ ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.