ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Aug 18, 2021, 7:01 PM IST

TOP 10 AT 7 PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

1.আফগানিস্তানৰ বাবে তালিবানী শাসনৰ অৰ্থ কি ?

তালিবানে(Taliban) আফগানিস্তান(Afganistan)ৰ ক্ষমতা নিজৰ হাতলৈ নিছে । দুই দশক ধৰি ব্যয়বহুল অভিযান অব্যাহত ৰখাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানৰ পৰা নিজৰ সেনা বাহিনী প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দুসপ্তাহ পূৰ্বেই আফগানিস্তানত আৰম্ভ হ'ল তালিবানৰ দপদপনি । এতিয়া তালিবানী শাসন আৰম্ভ হ'লে দেশখনৰ ভৱিষ্যৎ কেনেকুৱা হ'ব সেয়া সহজে অনুমেয় ।

2.ক'ভিড নীতিৰ মাজেৰে পুনৰ মুকলি হৈছে ঐতিহাসিক শিৱদৌলৰ দ্বাৰ

ৰাজ্য চৰকাৰে শেহতীয়া ক'ভিড নীতি(SOP) ত ধৰ্মীয় অনুষ্ঠান সমূহ খোলাৰ অনুমতি প্ৰদান কৰাৰ পাছতে বুধবাৰৰ পৰা ৰাজ্যত পুনৰ মুকলি হৈছে ধৰ্মীয় স্থান সমূহৰ দ্বাৰ ৷ সমান্তৰালকৈ মুকলি হৈছে ঐতিহাসিক শিৱদৌলৰ দ্বাৰ ৷

3.পুৰণি বাহন থকা সকলৰ বাবে এটা দুঃখবৰ

আপোনাৰ ঘৰত আছে নেকি 15 বছৰ পুৰণি বাহন ৷ যদি আছে তেন্তে সাৱধান হওক আপুনিও ৷ কাৰণ এতিয়া যিকোনো মুহূৰ্ততে আপুনি পেলাই দিবলগীয়া হ’ব পাৰে আপোনাৰ বাহনখন ৷

4.উপ নিৰ্বাচন: কংগ্ৰেছৰে মিত্রতা নকৰি উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পোষকতা এজেপিৰ

উপ-নিৰ্বাচনক লৈ কংগ্ৰেছৰ সৈতে আমাৰ আলোচনা হৈছে যদিও কোনো কাৰণতে আমি কংগ্ৰেছৰে মিত্ৰতা নকৰো । তেওঁলোকৰ লগত আমাৰ আদৰ্শগত মিল নাই । মিল থাকিলেহে মিত্ৰতাৰ কথা আহিব । আমি নীতিগতভাৱে বিচাৰিছো যে, বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত উপ-নিৰ্বাচনৰ প্ৰতিটো সমষ্টিত বিৰোধীৰ একোজন উমেহতীয়া প্ৰাৰ্থী দিয়া হওঁক ৷ এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।

5.মৰিগাঁৱত ভয়াৱহ হাৰত বৃদ্ধি পাইছে HIVৰ সংক্ৰমণ

ৰাজ্যৰ ড্ৰাগছ আসক্ত যুৱক-যুৱতীসকলৰ অধিকাংশৰ দেহতে AIDS আৰু HIV ৰ অৱস্থিতি ৷ মৰিগাঁৱত HIV ৰ অৱস্থিতিৰ অধিক ৷ এই তথ্য প্ৰকাশ পাইছে এটা বে-চৰকাৰী সংস্থাৰ সমীক্ষাত ৷
6.তিনিচুকীয়াত বৃহৎ পৰিমাণৰ চোৰাং তেল জব্দ

অইল ইণ্ডিয়া লিমিটেডৰ তেল চোৰাং ভাবে চুৰি কৰি আহিছে এটা দুষ্ট চক্ৰই ৷ মাজে সময়ে আৰক্ষীয়ে অভিযান চলাই এই তেল চুৰি কাৰ্যৰ লগত জড়িত বহুলোকক আটক কৰিবলৈ সক্ষম হৈছে ৷ তাৰ মাজতে মঙলবাৰেও তিনিচুকীয়াত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চোৰাং তেল জব্দ কৰিবলৈ সক্ষম হৈছে ৷

7.ডিব্ৰুগড়ত পুনৰ পোহৰলৈ আহিছে কিডনী বিক্ৰীৰ ঘটনা

ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে মানৱ দেহৰ অংগ ব্যৱসায়ৰ লগত জড়িত এটা চক্ৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহজ সৰল জনসাধাৰণক টকাৰ প্ৰলোভন দি অংগ বিক্ৰী কৰিবলৈ বাধ্য কৰে চক্ৰটোৱে ৷ উল্লেখযোগ্য যে, শেহতীয়াকৈ ৰাজ্যত এই মানৱ দেহৰ অংগ ব্যৱসায় বৃদ্ধি পোৱা দেখা গৈছে যদিও ৰাজ্যৰ চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

8.উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় : মহিলাসকলেও দিব পৰিব NDAৰ পৰীক্ষা

মহিলাসকলক ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ নিদিয়াটো সেনাৰ নীতিগত সিদ্ধান্ত "লিংগ বৈষম্য"ৰ ওপৰত আধাৰিত বুলি কটাক্ষ উচ্চতম ন্যায়ালয়ৰ ।

9.HDFC বেংকক নতুন ক্ৰেডিট কাৰ্ড বিক্ৰীৰ অনুমতি RBI ৰ

অৱশেষত ৮ মাহৰ পাছত পুনৰ নতুন ক্ৰেডিট কাৰ্ড বিক্ৰী কৰাৰ অনমতি লাভ কৰিলে এইচ ডি এফ চি বেংকে(HDFC Bank) । ব্যক্তিগত খণ্ডৰ বেংকটোৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে(Reserve Bank of India) । জুন মাহ পৰ্যন্ত এইচ ডি এফ চি বেংকৰ ক্ৰেডিড কাৰ্ডৰ গ্ৰাহক আছিল ১.৪৮ কোটি ।

10.আন্তঃজিলা বাছ চলাচল বন্ধ ৰখাক লৈ ক্ষোভিত ৰঙিয়াৰ বাছ চালক-হেণ্ডিমেন

ধনৰ বিনিময়ত একাংশ যাত্ৰীবাহী বাছক আন্তঃজিলা যাতায়াতৰ অনুমতি দিয়াৰ ভংয়কৰ অভিযোগ উত্থাপন কৰিছে ৰঙিয়াৰ বেচৰকাৰী বাছৰ চালকসকলে । নলবাৰী, বৰপেটা, কোকৰাঝাৰ জিলাৰ পৰা যাত্ৰীবাহী বাছৰ যাতায়াত অব্যাহত থকাৰ অভিযোগ উত্থাপিত হৈছে । সেয়ে, প্ৰশাসনৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে ৰঙিয়াৰ বেচৰকাৰী বাছৰ চালক আৰু হেণ্ডিমেনসকল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.