ETV Bharat / bharat

পুৰণি বাহনখনে যিকোনো মুহূৰ্ততে বিপদত পেলাব পাৰে আপোনাক !

author img

By

Published : Aug 18, 2021, 6:08 PM IST

Updated : Aug 20, 2021, 10:03 AM IST

আপোনাৰ ঘৰত আছে নেকি 15 বছৰ পুৰণি বাহন ৷ যদি আছে তেন্তে সাৱধান হওক আপুনিও ৷ কাৰণ এতিয়া যিকোনো মুহূৰ্ততে আপুনি পেলাই দিবলগীয়া হ’ব পাৰে আপোনাৰ বাহনখন ৷

The government of India has launched Vehicle Scrappage policy
পুৰণি বাহন থকা সকলৰ বাবে এটা দুঃখবৰ

নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ : আপোনাৰ পুৰণি বাহনখনে এতিয়া যিকোনো মুহূৰ্ততে আপোনাক পেলাব পাৰে বিপদত ৷ ইতিমধ্যে ভাৰত চৰকাৰে যোৱাটো সপ্তাহতে মুকলি কৰিছে ‘Vehicle Scrappage policy’ ৷ এই নতুন নীতি মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, ইয়াৰ দ্বাৰা প্ৰদূষিত আৰু অনুপযুক্ত বাহনসমূহক পৰিৱেশ অনুকূল প্ৰকাৰে কৰ্তন কৰাত সহায়ক হ’ব ৷ বাহনসমূহক কেৱল বয়স অনুপাতেই স্ক্ৰেপ (scrap) কৰা নহয় স্বয়ংক্ৰিয় পৰীক্ষাত অনুপযুক্ত বুলি বিবেচিত বাহনসমূহকো স্ক্ৰেপ (scrap) কৰা হ’ব ৷

VEHICLE SCRAPPAGE POLICY কি ?

নামটোৰ দৰেই, এই নীতিয়ে পুৰণি আৰু অনুপযুক্ত বাহনসমূহক কৰ্তন কৰাত সহায় কৰিব ৷ এখন বাহনৰ পঞ্জীয়ণৰ ম্যাদ উকলাৰ লগে লগেই এই স্ক্ৰেপেজ নীতি কাৰ্যক্ষম হৈ পৰে ৷ পঞ্জীয়নৰ ম্যাদ উকালৰ লগে লগেই বাহনখনৰ ফিটনেছ পৰীক্ষা কৰাটো হৈছে বাধ্যতামূলক ৷ আমাৰ দেশৰ ‘motor vehicle’ আইন অনুসৰি এখন যাত্ৰীবাহী বাহনৰ ম্যাদ থাকে 15 বছৰ আৰু বাণিজ্যিক বাহনৰ ম্যাদ থাকে এটা দশক ৷

এই সময়সীমাৰ উৰ্ধৰ বাহনসমূহে নতুন বাহনতকৈ অধিক হাৰত প্ৰদূষণৰ সৃষ্টি কৰে ৷ ইয়াৰ উপৰিও পুৰণি বাহনসমূহে নতুন বাহনতকৈ অধিক ইন্ধন খৰচ কৰে ৷ এই নীতিখনে লোকসকলক পুৰণি বাহনসমূহ প্ৰণালীৱদ্ধভাৱে পেলাই দিয়াত সহায় কৰাৰ উপৰিও এই বাহনসমূহ বাতিল কৰাৰ বাবে বিভিন্ন সুবিধাও প্ৰদান কৰিব ৷

এই POLICYখনে কি লক্ষ্যত উপনীত হ’বলৈ বিচাৰে ?

Vehicle Scrappage Policy খনৰ উদ্দেশ্য হ’ল পুৰণি বাহনসমূহ সাধাৰণভাৱে কৰ্তন কৰা আৰু এই বাহনসমূহক প্ৰণালীৱদ্ধ প্ৰক্ৰিয়াৰে পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰা ৷ এই নীতিখনৰ মুখ্য উদ্দেশ্যই হ’ল পঞ্জীয়নৰ ম্যাদ উকলা আৰু উপযুক্ত ফিটনেছ চাৰ্টিফিকেট নথকা বাহনসমূহৰ দ্বাৰা হোৱা পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰা ৷ 2021 বৰ্ষৰ বিত্তীয় অধিৱেশনৰ সময়ত এই আঁচনিখনৰ কথা ঘোষণা কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, পুৰণি বাহনসমূহৰ স্ক্ৰেপিঙে কেৱল বায়ু প্ৰদূষণ হ্ৰাস কৰাই নহয় আন বহু ক্ষেত্ৰতো লাভান্বিত কৰিব ৷

পুৰণি বাহনৰ পুনৰ্ব্যৱহাৰে ষ্টীল, প্লাষ্টিক, কপাৰ আদিৰ দৰে প্ৰধান ধাতুসমূহৰ পুনৰ ব্যৱহাৰৰ কামত আহিব ৷ এই আঁচনিখনৰ জৰিয়তে বিভিন্ন সুবিধা প্ৰদানৰ ব্যৱস্থা কৰাৰ ফলত দেশত বাহনৰ বিক্ৰীও বৃদ্ধি পাব ৷

পঞ্জীয়নৰ ম্যাদ উকলা সকলো বাহনেই স্ক্ৰেপ কৰা হ’ব নেকি ?

15 বছৰ পুৰণি যাত্ৰীবাহী বাহন আৰু 10 বছৰ পুৰণি সকলো বাণিজ্যিক বাহনকে স্ক্ৰেপ কৰা নহয় ৷ এই ম্যাদ উকলাৰ পিছত বাহনসমূহৰ ফিটনেছ পৰীক্ষা কৰাটো হ’ব বাধ্যতামূলক ৷ এই পৰীক্ষাই নিৰ্ধাৰণ কৰিব বাহনখন পুনৰ চলাচলৰ উপযোগী হয় নে নহয় ৷ যদি বাহনখনে এই ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰে তেন্তে বাহনখনক পুনৰ চলাচলৰ বাবে ৰিনিউৱেল (renewal) চাৰ্টিফিকেট প্ৰদান কৰা নহ’ব ৷

যদি বাহনখন এই ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হয়, তেন্তে বাহনখনক ৰিনিউৱেল (renewal) চাৰ্টিফিকেট প্ৰদান কৰা হ’ব ৷ কিন্তু বাহনখনে প্ৰতি পাঁচ বছৰৰ ব্যৱধানত ফিটনেছ পৰীক্ষা সম্পন্ন কৰিব লাগিব ৷ যিকোনো মুহূৰ্ততে যতিয়া বাহনখন এই ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিব তেতিয়াই বাহনখনত পুনৰ চলাচলৰ অনুপযোগী বুলি ঘোষণা কৰা হ’ব আৰু গৰাকীয়ে ৰিনিউৱেল (renewal) চাৰ্টিফিকেট লাভ নকৰিব ৷

কি হ’ব যেতিয়া বাহনখনে ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিব ?

যদি কোনো বাহন এই ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ নহয় তেন্তে ইয়াক ‘EOLV’ অৰ্থাৎ ‘End Of Life Vehicle’ বুলি গণ্য কৰা হ’ব ৷ ইয়াৰ লগতে বাহনৰ গৰাকীক ‘RVSF’ অৰ্থাৎ ‘Registered Vehicle Scrapping Facilities’ত স্ক্ৰেপ কৰাৰ বিকল্প প্ৰদান কৰা হ’ব ৷

কিন্তু এই কথা স্পষ্ট কৰা হোৱা নাই যে বাহনখনৰ গৰাকীয়ে সমস্যাটো চিনাক্ত কৰি বাহনখন পৰীক্ষাৰ বাবে মেৰামতিৰ ব্যৱস্থা কৰিব পাৰিব নে নাই ৷ কিন্তু প্ৰতিবেদনত কোৱা হৈছে যে এখন বাহন তিনিবাৰলৈ ফিটনেছ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ৷ তিনিওবাৰতে পৰীক্ষাত অনুতীৰ্ণ হ’লে বাহন খনক ‘End Of Life Vehicle’ বুলি গণ্য কৰা হ’ব ৷

ইয়াৰ দ্বাৰা কি লাভ হ’ব ?

যিসকল লোকে তেওঁলোকৰ পুৰণি বাহনসমূহ স্ক্ৰেপ কৰি নতুন বাহন ক্ৰয়ৰ পৰিককল্পনা কৰে তেওঁলোকক Vehicle Scrappage Policyৰ অধীনত বিশেষ সুবিধা প্ৰদান কৰা হ’ব ৷ বাহনখন স্ক্ৰেপ কৰাৰ সময়ত বাহনখনৰ পূৰ্বৰ শ্ব’ ৰূম দামৰ 6ৰ পৰা 8 শতাংশ মূল্য বাহনখনৰ গৰাকীক প্ৰদান কৰা হ’ব ৷ ইয়াৰ উপৰিও পুৰণি বাহন স্ক্ৰেপ কৰি নতুন ব্যক্তিগত বাহন ক্ৰয় কৰা লোকসকলক ৰোড টেক্সৰ ক্ষেত্ৰত 25 শতাংশ ৰেহাই প্ৰদান কৰা হ’ব ৷

আনহাতে, ব্যৱসায়ীক বাহনৰ ক্ষেত্ৰত পুৰণি বাহন স্ক্ৰেপ কৰি নতুন ক্ৰয় কৰিলে 15 শতাংশ ৰোড টেক্স ৰেহাই দিয়া হ’ব ৷ ইয়াৰ উপৰিও বাহন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহে পুৰণি বাহন স্ক্ৰেপ কৰা চাৰ্টিফিকেট থকা লোকসকলক নতুন বাহন ক্ৰয়ৰ সময়ত 5 শতাংশ ৰেহাইৰ লগতে পঞ্জীয়নৰ মাচুল ৰেহাই দিবলৈ উপদেশ দিয়া হৈছে ৷

এই স্ক্ৰেপিং নীতি কাৰ্যক্ষম হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব ৷ এই নীতি কাৰ্যক্ষম কৰাৰ অনুমানিক তাৰিখ 1 অক্টোৱৰ 2021 বুলি ধৰা হৈছে ৷ সমান্তৰালকৈ, 15 বছৰৰ উৰ্ধৰ চৰকাৰী আৰি PSU বাহনসমূহৰক স্ক্ৰেপিঙৰ ব্যৱস্থা 1 এপ্ৰিল 2022ৰ পৰা হাতত লোৱা হ’ব ৷

উল্লেখ্য যে, পুৰণি বাহনে নতুন বাহনতকৈ 10ৰ পৰা 15 গুণ অধিক বায়ু প্ৰদূষণৰ সৃষ্টি কৰে ৷ ভাৰতত প্ৰায় 51 লাখ ‘light motor’ বাহন আছে যাৰ বয়স 20 বছৰৰো অধিক ৷ আনহাতে, 34 লাখ ‘light motor’ বাহনৰ বয়স 15 বছৰৰ অধিক ৷ ইয়াৰ উপৰিও উপযুক্ত ফিটনেছ চাৰ্টিফিকেট নথকা মধ্যমীয়া আৰু পূৰ্ণ ব্যৱসায়ীক বাহন যাৰ বয়স 15 বছৰৰ অধিক তেনে বাহন আছে প্ৰয়া 17 লাখ ৷

লগতে পঢ়ক : পুৰুষ আৰু বিবাহিত মহিলাৰ লিভ-ইন ৰিলেশ্বনছিপক লৈ কি কলে ন্যায়ালয়ে ?

Last Updated : Aug 20, 2021, 10:03 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.