ETV Bharat / city

উপ নিৰ্বাচন: কংগ্ৰেছৰে মিত্রতা নকৰি উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পোষকতা এজেপিৰ

author img

By

Published : Aug 18, 2021, 5:37 PM IST

উপ-নিৰ্বাচনক লৈ কংগ্ৰেছৰ সৈতে আমাৰ আলোচনা হৈছে যদিও কোনো কাৰণতে আমি কংগ্ৰেছৰে মিত্ৰতা নকৰো । তেওঁলোকৰ লগত আমাৰ আদৰ্শগত মিল নাই । মিল থাকিলেহে মিত্ৰতাৰ কথা আহিব । আমি নীতিগতভাৱে বিচাৰিছো যে, বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত উপ-নিৰ্বাচনৰ প্ৰতিটো সমষ্টিত বিৰোধীৰ একোজন উমেহতীয়া প্ৰাৰ্থী দিয়া হওঁক ৷ এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।

lurinjuty-gogoi-reactions-on-alliance-with-congress-during-by-elections
কংগ্ৰেছৰে মিত্রতা নকৰে কিন্তু উপ-নিৰ্বাচনত উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পোষকতা AJP ৰ

গুৱাহাটী,১৮ আগষ্টঃ উপ-নিৰ্বাচনক লৈ বিৰোধী শিবিৰত ব্যাপক আলোচনা চলি আছে যদিও কোনো এটা দলে এতিয়াও এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাই । বিশেষকৈ কংগ্ৰেছৰ লগত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ পৃথকে পৃথকে কেইবালানি আলোচনা অনুষ্ঠিত হৈছে যদিও স্পষ্ট কোনো সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই । অৱশ্যে উপ-নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ বাবে বিৰোধী দলসমূহে উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পোষকতা কৰিছে ।

উপ-নিৰ্বাচনক লৈ বিৰোধী শিবিৰত চলি থকা জল্পনা-কল্পনাৰ মাজতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কংগ্ৰেছৰে মিত্ৰতা নকৰাৰ কথা স্পষ্ট কৰি দিছে । বুধবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত লুৰীণজ্যোতি গগৈয়ে কয়, উপ-নিৰ্বাচনকলৈ কংগ্ৰেছৰ সৈতে আমাৰ আলোচনা হৈছে যদিও কোনো কাৰণতে আমি কংগ্ৰেছৰে মিত্ৰতা নকৰো । তেওঁলোকৰ লগত আমাৰ আদৰ্শগত মিল নাই । মিল থাকিলেহে মিত্ৰতাৰ কথা আহিব ।

উপ নিৰ্বাচন: কংগ্ৰেছৰে মিত্রতা নকৰি উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পোষকতা এজেপিৰ

লগতে পঢ়কঃ পুৰুষ আৰু বিবাহিত মহিলাৰ লিভ-ইন ৰিলেশ্বনছিপক লৈ কি কলে ন্যায়ালয়ে ?

আমি নীতিগতভাৱে বিচাৰিছো যে, বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত উপ-নিৰ্বাচনৰ প্ৰতিটো সমষ্টিত বিৰোধীৰ একোজন উমেহতীয়া প্ৰাৰ্থী দিয়াটো । ইয়াৰ বাবে আলোচনা কৰা হৈছে । ইয়াত মিত্ৰতা কৰাৰ কথা নাই । এটা সমষ্টিত উমৈহতীয়া এজন প্ৰাৰ্থী দিয়াত সমস্যা তথা আপত্তি ক'ত ? বিজেপিক প্ৰতিহত কৰাটো সময়ৰ আহ্বান আৰু আমি সেই আহ্বানৰ কথা কৈছো । আমি আমাৰ প্ৰস্তাৱ তেওঁলোকক দিছো ।

এতিয়া সময়তহে লক্ষণীয় হ’ব ৰাজ্যত-প্ৰায় পাঁচৰ পৰা ছটা সমষ্টিত হ’ব লগীয়া উপ-নিৰ্বাচনত বিৰোধী শিবিৰ একত্ৰিত হ’ব পাৰে নে নাই ৷ নে 2021 বিধানসভা নিৰ্বাচনৰ দৰে সকলোৱে পৃথকে পৃথকে প্ৰাৰ্থী পক্ষেপ কৰি বিজেপিয়ে জয় লাব কৰাত সহায় কৰিব মতৰ অমিলৰ বাবে ৷

লগতে পঢ়কঃ ক’ভিড নিৰ্দেশনা অনুসৰি আজিৰে পৰা বৰপেটা সত্ৰৰ কীৰ্তনঘৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.