আফগানিস্তানৰ বাবে তালিবানী শাসনৰ অৰ্থ কি ?

author img

By

Published : Aug 18, 2021, 3:20 PM IST

aliban take over Afghanistan

তালিবানে(Taliban) আফগানিস্তান(Afganistan)ৰ ক্ষমতা নিজৰ হাতলৈ নিছে । দুই দশক ধৰি ব্যয়বহুল অভিযান অব্যাহত ৰখাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানৰ পৰা নিজৰ সেনা বাহিনী প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দুসপ্তাহ পূৰ্বেই আফগানিস্তানত আৰম্ভ হ'ল তালিবানৰ দপদপনি । এতিয়া তালিবানী শাসন আৰম্ভ হ'লে দেশখনৰ ভৱিষ্যৎ কেনেকুৱা হ'ব সেয়া সহজে অনুমেয় ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮ আগষ্ট: আফগানিস্তান(Afghanistan)ৰ অস্থিৰ পৰিস্থিতিয়ে শংকিত কৰি তুলিছে দেশখনৰ জনতাক । তালিবানী শাসনৰ ভয়াৱহ পৰিণতিৰ কথা চিন্তা কৰিয়েই সাধাৰণ নাগৰিকৰ উপৰিও খোদ ৰাষ্ট্ৰপতিয়েই দেশ এৰি পলায়ন কৰিছে । দুই দশকজোৰা ব্যয়বহুল যুদ্ধৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ সম্পূৰ্ণ কৰাৰ দুসপ্তাহ পূৰ্বে তালিবানে(Taliban) আফগানিস্তান দখল কৰে । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু মিত্ৰ শক্তিৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত আৰু অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত আফগান নিৰাপত্তা বাহিনী পিছহুহকি অহাৰ পাছতে তালিবানীয়ে সমগ্ৰ দেশতে নিজৰ আধিপত্য বিস্তাৰ কৰে আৰু মাত্ৰ কেইটামান দিনৰ ভিতৰতে দেশখনৰ সকলো মুখ্য চহৰ দখল কৰে ।

আফগানিস্তানত কি ঘটি আছে ?

১৯৯৬ৰ পৰা ২০০১ চনলৈ আফগানিস্তানত শাসন কৰা সন্ত্ৰাসবাদী সংগঠন তালিবানে পুনৰ দেশখন নিজৰ দখললৈ নিছে । ২০০১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত আফগানিস্তানত চলোৱা আক্ৰমণে তালিবানক ক্ষমতাচ্যুত কৰিছিল । কিন্তু তালিবানে কেতিয়াও দেশ এৰি যোৱা নাছিল । বিগত দিনবোৰত তালিবানে দেশখনৰ বিভিন্ন প্ৰান্তত বৰ্বৰ আক্ৰমণ কৰি অহাৰ পিছত ২০ বছৰ ধৰি দেশখনত শাসন কৰি অহা পশ্চিমীয়া শক্তি সমৰ্থিত চৰকাৰখনৰ অৱশেষত পতন হয় । তালিবানী শাসনে ভৱিষ্যতে সৃষ্টি কৰিব পৰা ভয়াৱহ পৰিস্থিতিৰ শংকাত আফগান নাগৰিকে এতিয়া দেশ এৰি যাবলৈ হেতাওপৰা লগাইছে । বিমানবন্দৰত অভাৱনীয় ভিৰ দেখা গৈছে ।

আফগানিস্তানৰ মানুহে কিয় দেশ এৰি পলায়ন কৰিছে ?

দেশখনত বিশৃংখল পৰিস্থিতি বিৰাজ কৰিব অথবা তালিবানে আমেৰিকান লোক অথবা চৰকাৰৰ সৈতে কাম কৰা নাগৰিকসকলৰ বিৰুদ্ধে প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাধাৰণ জনতা চিন্তিত হৈ পৰিছে । বহু লোকে আশংকা কৰিছে যে, তালিবানে ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ আফগানিস্তানত শাসন কৰাৰ সময়ত তেওঁলোকে নিৰ্ভৰ কৰাৰ দৰে এইবাৰো ইছলামিক আইনৰ কঠোৰ নীতি-নিয়ম পুনৰ জনতাৰ ওপৰত জাপি দিব । সেই সময়ত, মহিলাসকলক বিদ্যালয়লৈ যোৱাত আৰু ঘৰৰ বাহিৰত কাম কৰাত বাধা প্ৰদান কৰা হৈছিল । মহিলাসকলে বোৰ্খা পিন্ধি থাকিবলগীয়া হৈছিল । তেওঁলোকৰ শৰীৰৰ সকলো অংশ ঢাকি ৰখাৰ নিৰ্দেশ দিয়া হৈছিল । লগতে মহিলাসকল বাহিৰলৈ গ'লে তেওঁলোকৰ লগত এজন পুৰুষ আত্মীয়ৰ থকাটো বাধ্যতামূলক কৰা হৈছিল । তালিবানে সংগীতো নিষিদ্ধ কৰিছিল আৰু চোৰৰ হাত কাটি দিছিল । কিন্তু এতিয়া পুনৰ শাসনৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা তালিবানে মহিলাৰ অধিকাৰক সন্মান কৰা, তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিয়া সকলক ক্ষমা কৰা আৰু আফগানিস্তানক সন্ত্ৰাসবাদী আক্ৰমণৰ আধাৰ হিচাপে ব্যৱহাৰ কৰাত বাধা দিয়াৰ প্ৰতিশ্ৰুতি দিছে । কিন্তু বহু আফগান নাগৰিকে এই প্ৰতিশ্ৰুতিবোৰ বিশ্বাসত ল'ব পৰা নাই ।

কাবুল বিমানবন্দৰত কি ঘটিছিল ?

নিজ দেশৰ পৰা পলায়ন কৰিবলৈ সক্ষম হোৱাৰ আশাত হাজাৰ হাজাৰ আফগান নাগৰিকে বিমান বন্দৰত ভিৰ কৰিছে । কিয়নো তালিবানী শাসনে দেশত সৃষ্টি কৰিব পৰা পৰিস্থিতিক লৈ তেওঁলোক শংকিত । একাংশ লোক ইমানেই শংকিত হৈছিল যে, তেওঁলোকে উৰণৰ সময়ত বিমানৰ বাহিৰৰ অংশত ওলমি গৈছিল আৰু ওপৰৰ পৰা পৰি মৃত্যুক সাৱতিবলগীয়া হৈছিল । আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনীয়ে জনতাক ছত্ৰভংগ কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলে জনোৱা মতে, এই ঘটনাত সাতজন লোকৰ মৃত্যু হৈছে ।

তালিবানে এতিয়া কিয় আফগানিস্তান দখল কৰিছে ?

চলিত মাহৰ শেষৰ ফালে আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁলোকৰ সেনা আফগানিস্তানৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ সাজু হোৱাৰ বাবে সম্ভৱতঃ পুনৰ তালিবানৰ বাবে আফগানিস্তান দখলৰ বাট মুকলি হৈ পৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰই কেইবা বছৰ ধৰি এই দীঘলীয়া যুদ্ধৰ অংশীদাৰ হৈ আহিছে আৰু বিগত কিছু সময় ধৰি আমেৰিকাই আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰৰ চেষ্টা কৰি আহিছে । ২০০১ চনত মাৰ্কিন সৈন্যই তালিবানক কেইমাহমানৰ ভিতৰতে উৎখাত কৰিছিল । আমেৰিকাই আল কায়দাক উৎখাত কৰিবলৈ আক্ৰমণ কৰিছিল । আল কায়দাক তালিবানে আশ্ৰয় দিছিল আৰু সেই ৯/১১ৰ আক্ৰমণ সংঘটিত হৈছিল । কিন্তু বাৰে বাৰে হোৱা যুদ্ধৰ ফলত ক্ষতিগ্ৰস্ত হোৱা এখন দেশক সুৰক্ষা প্ৰদান কৰা আৰু দেশখন পুনৰ নিৰ্মাণ কৰাটো অধিক কঠিন হিচাপে প্ৰমাণিত হয় । আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৃষ্টি ইৰাকলৈ স্থানান্তৰিত হোৱাৰ লগে লগে তালিবানে পুনৰ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে আৰু বিগত বছৰবোৰত আফগানিস্তানৰ গ্ৰামাঞ্চলৰ অধিকাংশ তালিবানে দখল কৰে ।

যোৱা বছৰ, আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তালিবানৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰাৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰিছিল । এই চুক্তিয়ে তালিবানৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক পদক্ষেপ সীমিত কৰে । ৰাষ্ট্ৰপতি জ' বিডেনে ঘোষণা কৰিছিল যে, আগষ্ট মাহৰ শেষৰ ফালে আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে সেনা প্ৰত্যাহাৰ কৰিব আমেৰিকাই । এই সময় ওচৰ চাপি অহাৰ লগে লগে তালিবানে বৰ্বৰ আক্ৰমণ আৰম্ভ কৰে আৰু এখনৰ চহৰৰ পাছত আনখন চহৰ নিজৰ দখললৈ নিয়ে ।

আফগান নিৰাপত্তা বাহিনী কিয় দুৰ্বল হৈছিল ?

ইয়াৰ চমু উত্তৰ হৈছে দুৰ্নীতি । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু NATO মিত্ৰ শক্তিয়ে আফগান নিৰাপত্তা বাহিনীক প্ৰশিক্ষণ দিবলৈ আৰু সু-সজ্জিত কৰিবলৈ দুটা দশকত বহু বিলিয়ন ডলাৰ ব্যয় কৰিছিল । কিন্তু পশ্চিমীয়া শক্তি সমৰ্থিত চৰকাৰখন দুৰ্নীতিগ্ৰস্ত হৈ পৰিছিল । কমাণ্ডাৰসকলে ধনৰ লালসাত নথি-পত্ৰত সৈনিকৰ সংখ্যা অধিক দেখুৱাইছিল । কৰ্তব্যৰত সেনাৰ অধিকাংশৰে ওচৰত মজুত নাছিল পৰ্যাপ্ত গোলাবাৰুদ । আনকি খাদ্যৰো অভাৱ ঘটিছিল সেনা বাহিনীৰ মাজত । আমেৰিকা যুক্তৰাষ্ট্ৰই সেনা প্ৰত্যাহাৰ কৰাটো স্পষ্ট হোৱাৰ পাছতে আফগান বাহিনীৰ মনোবল অধিক হ্ৰাস পাইছিল । বিগত দিনবোৰত তালিবানে দ্ৰুতগতিত আফগানিস্তানৰ ক্ষমতা দখলৰ দিশে আগবঢ়াৰ লগে লগে আফগান সেনাই নাম মাত্ৰ যুদ্ধ কৰি পিছত আত্মসমৰ্পণ কৰে । তাৰেপৰি কাবুল আৰু কাষৰীয়া প্ৰদেশত যুদ্ধ অবিহনেই পৰাজয় স্বীকাৰ কৰে আফগান বাহিনীয়ে ।

ক'ত আছে আফগানিস্তানৰ ৰাষ্ট্ৰপতি ?

আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে পলায়ন কৰিলে । তালিবানীয়ে দেশৰ মুখ্য চহৰ, চৰকাৰী কাৰ্যালয় দখল কৰাৰ পাছতে ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে কেইটামান ৰাজহুৱা বিবৃতি জাৰি কৰিছিল । দেওবাৰে তালিবানে ৰাজধানী কাবুল দখল কৰাৰ লগে লগে আশ্ৰফ ঘানিয়ে আফগানিস্তান ত্যাগ কৰে আৰু তেওঁ কয় যে, দেশখন অধিক ৰক্তাক্ত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ দেশ এৰি যোৱাৰ সিদ্ধান্ত লৈছে । কিন্তু তেওঁ ক'লৈ গ'ল, সেয়া কোনেও নাজানে ।

জ' বিডেনে কি কৈছে ?

' বিডেনে আফগানিস্তানৰ পৰিস্থিতিক “Gut-wrenching” বুলি অভিহিত কৰিছে । কিন্তু বৰ্তমান দেশখনত যি পৰিস্থিতিৰ সৃষ্টি হৈছে, তাৰ বাবে আমেৰিকাৰ ওপৰত জাপি দিয়া দোষ প্ৰত্যাখ্যান কৰিছে । তেওঁ স্বীকাৰ কৰিছিল যে, আফগান চৰকাৰৰ পতন তেওঁ অনুমান কৰাতকৈ বহু সোনকালেই হৈছে । লগতে তেওঁ কয় যে, তেওঁ আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা প্ৰত্যাহাৰৰ সিদ্ধান্তৰ প্ৰতি সকলো একমত হৈছিল ।

আফগানিস্তানক চাইগনৰ পতনৰ সৈতে তুলনা কৰা হৈছে ?

১৯৭৫ চনত উত্তৰ ভিয়েটনামী বাহিনীৰ ওচৰত চাইগনৰ পতনৰ পিছতে ভিয়েটনাম যুদ্ধৰ অন্ত পৰিছিল । হাজাৰ হাজাৰ আমেৰিকান আৰু ভিয়েটনামৰ মিত্ৰ শক্তিক হেলিকপ্টাৰেৰে ৰাজধানী চহৰৰ পৰা বাহিৰলৈ উলিয়াই অনা হৈছিল । আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব এণ্টনী ব্লিংকেনে আফগানিস্তানৰ সৈতে এনে ধৰণৰ তুলনা কৰাৰ কথা অস্বীকাৰ কৰি কয় যে, আফগানিস্তানৰ পৰিস্থিত চাইগনৰ সৈতে একে নহয় আৰু এয়া স্পষ্ট ।

তালিবানে শাসনৰ বাঘজৰী নিজৰ হাতলৈ অনাৰ পাছত আফগানিস্তানত কি হ'ব ?

এয়া এতিয়াও স্পষ্ট নহয় । তালিবানে কৈছে যে, তেওঁলোকে আন দলৰ সৈতে "অন্তৰ্ভুক্ত, ইছলামিক চৰকাৰ" গঠন কৰিব বিচাৰে । তেওঁলোকে পূৰ্বৰ চৰকাৰৰ নেতাৰ লগতে জ্যেষ্ঠ ৰাজনীতিবিদ সকলৰ সৈতে আলোচনা অব্যাহত ৰাখিছে । তালিবানে ইছলামিক আইন বলৱৎ কৰাৰ প্ৰতিশ্ৰুতি দিছে । কিন্তু মহিলাসকলক তেওঁলোকৰ চৰকাৰৰ অংশ হ'বলৈ উৎসাহিত কৰিছে । তালিবানে কৈছে যে, কেইবা দশকজোৰা যুদ্ধৰ পিছত দেশখনৰ নাগৰিকক স্বাভাৱিক জীৱন-যাপন কৰিবলৈ সুবিধা দিয়াৰ বাবে এক সুৰক্ষিত পৰিৱেশ গঢ়ি তুলিব ।

কিন্তু বহু আফগান নাগিৰকে তালিবানক বিশ্বাস নকৰে আৰু ভয় কৰে । তালিবানৰ শাসন অতি বৰ্বৰ আৰু অত্যাচাৰী হ'ব বুলি সন্দেহ কৰিছে সাধাৰণ জনতাই । হাজাৰ হাজাৰ বন্দীক মুক্ত কৰি দিয়াৰ পিছত আৰু তালিবানৰ ভয়ত নিৰাপত্তা বাহিনী দুৰ্বল হৈ পলায়ন কৰাৰ পাছত আফগান নাগৰিকসকলে নিৰপত্তাহীনতাত ভূগিছে ।

আফগানিস্তানৰ মহিলাসকলৰ বাবে তালিবানী শাসনৰ অৰ্থ কি ?

বহুতেই ভাৱে, আফগানিস্তানত তালিবানী শাসনৰ অৰ্থ হৈছে মহিলাৰ অধিকাৰ খৰ্ব হোৱা । তালিবানক ক্ষমতাচ্যুত কৰাৰ পিছত আফগান মহিলাসকলে বহু ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিছিল । পুনৰ ঘৰৰ চাৰি বেৰৰ মাজতে আৱদ্ধ হৈ থাকিব লাগিব বুলি বহু মহিলা শংকিত হৈ পৰিছে । আনহাতে, তালিবানে কৈছে যে, ইছলামিক আইনৰ অধীনত মহিলাৰ অধিকাৰক সন্মান কৰা হ'ব । এই ক্ষেত্ৰত বিশেষ ব্যাখ্যা আগবঢ়োৱা নাই তালিবানে । মুছলমান লোক অধিক থকা দেশবোৰতো বিভিন্ন প্ৰান্তত মহিলাৰ স্থিতি পৃথক হয় । আফগানিস্তান সদায়ে মহিলাৰ প্ৰতি অতি ৰক্ষণশীল হৈ আহিছে । বিশেষকৈ মুখ্য চহৰসমূহৰ বাহিৰৰ অঞ্চলত প্ৰায়ে মহিলাই নিজৰ অধিকাৰ লাভৰ পৰা বঞ্চিত হোৱা দেখা যায় ।

তালিবানক আকৌ আল-কায়দা আখ্যা দিয়া হ'ব নেকি ?

তালিবানে আফগানিস্তানক আন দেশৰ ওপৰত আক্ৰমণ কৰাৰ আধাৰ হিচাপে ব্যৱহাৰ কৰাত বাধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে । ২০২০ চনৰ শান্তি চুক্তিত সন্নিবিষ্ট থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এয়া এক গুৰুত্বপূৰ্ণ দাবী । কিন্তু মাৰ্কিন সামৰিক বিষয়াসকল এতিয়াও চিন্তিত হৈ আছে । চলিত বৰ্ষৰ আৰম্ভণিতে শীৰ্ষ নেতাসকলে কৈছিল যে, আল-কায়দাৰ দৰে এটা সন্ত্ৰাসবাদী সংগঠন আফগানিস্তানত পুনৰ জন্ম হোৱাৰ আশংকা আছে । বিষয়াসকলে এতিয়া সতৰ্ক কৰি দিছে যে, এনে সন্ত্ৰাসবাদী সংগঠন আশা কৰাতকৈ অধিক দ্ৰুতগতিত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

আনহাতে, যোৱা ২০ বছৰত হোৱা প্ৰযুক্তিগত অগ্ৰগতিৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰই য়েমেন আৰু চোমালিয়াৰ দৰে দেশত, য'ত ইয়াৰ স্থায়ী সৈন্যৰ নাই তাত সন্দেহযুক্ত সন্ত্ৰাসবাদীক লক্ষ্য কৰি লোৱাৰ সম্ভাৱনা আছে । তালিবানে ছেপ্টেম্বৰ মাহত হোৱা আক্ৰমণত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল ।

আফগানিস্তানত এটা ইছলামিক ষ্টেট গোটৰ সহযোগী সংগঠনো আছে, যিয়ে বিগত বছৰবোৰত সংখ্যালঘু লোকসকলক লক্ষ্য কৰি ভয়ংকৰ আক্ৰমণৰ অব্যাহত ৰাখিছে । তালিবানে এনে আক্ৰমণক গৰিহণা দিছে আৰু দুয়োটা গোটে পৰস্পৰৰ বিৰুদ্ধে যুঁজ দিছে । কিন্তু তালিবান চৰকাৰে আই এছক দমন কৰিবলৈ সক্ষম হ'ব নে নাই সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:আফগানসকলৰ বাবে জৰুৰীকালীন ই-ভিছা ঘোষণা ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.