আফগানসকলৰ বাবে জৰুৰীকালীন ই-ভিছা ঘোষণা ভাৰতৰ

author img

By

Published : Aug 17, 2021, 10:30 PM IST

India announces emergency e-visa for Afghans
আফগানসকলৰ বাবে জৰুৰীকালীন ই-ভিছা ঘোষণা ভাৰতৰ ()

আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ বাবে দেশ এৰিব বিচৰা লোকসকলৰ বাবে বিশেষ জৰুৰীকালীন ই-ভিছাৰ ব্যৱস্থা কৰিছে ভাৰতে ৷ জাতি-ধৰ্ম নিৰ্বিশেষে সকলো আফগান নাগৰিকেই এই ভিছাৰ বাবে আবেদন কৰিব পাৰিব ৷

নেশ্যনেল ডেস্ক, 17 আগষ্ট : আফগান নাগৰিক সকলৰ বাবে জৰুৰীকালীন ই-ভিছাৰ ঘোষণা ভাৰত চৰকাৰৰ ৷ দেশখনৰ সম্প্ৰতিক পৰিস্থিতিৰ বাবে যিসকল নাগৰিকে ভাৰতলৈ আহিব বিচাৰে তেওঁলোকৰ বাবে জৰুৰীকালীন ই-ভিছাৰ ব্যৱস্থা কৰাৰ কথা মঙলবাৰে ঘোষণা কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৷ জাতি-ধৰ্ম নিৰ্বিশেষে সকলো আফগান নাগৰিকেই 'e-Emergency X-Misc Visa'ৰ বাবে আবেদন কৰিব পাৰিব ৷ এই আবেদন প্ৰক্ৰিয়া অনলাইনযোগে কৰা হ’ব ৷

মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এগৰাকী মুখপাত্ৰই কয়, "আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গৃহ মন্ত্ৰণালয়ে ভিছাৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰি আছে ৷ ভাৰতত প্ৰৱেশৰ বাবে ‘e-Emergency X-Misc Visa’ নামৰ এক ফাষ্ট-ট্ৰেক ইলেকট্ৰনিক ভিছা ব্যৱস্থা মুকলি কৰা হৈছে ৷" যিহেতু আফগানিস্তানত ভাৰতীয় মিছন বন্ধ কৰা হৈছে, গতিকে এই ভিছাসমূহ নতুন দিল্লীতে অনলাইযোগে পৰীক্ষা আৰু সংশোধিত কৰা হ’ব ৷

উল্লেখ্য যে, প্ৰাৰম্ভিক অৱস্থাত এই ভিছাসমূহ ছয় মাহৰ বাবেহে কাৰ্যকৰী হ’ব ৷ এই ভিছাসমূহ পৰীক্ষণ আৰু প্ৰদানৰ সময়ত সুৰক্ষাৰ দিশটো চালি জাৰি চোৱা হ’ব বুলি জানিবলৈ দিয়ে গৃহ মন্ত্ৰণালয়ৰ বিষয়াই ৷

লগতে পঢ়ক : এইবাৰ আফগানিস্তানত সলনি হ’ব নেকি তালিবানৰ পুৰুষতান্ত্ৰিক চৰিত্ৰ?

উল্লেখ্য যে, দেওবাৰে আফগানিস্তানৰ ৰাজধানীত প্ৰৱেশ কৰে উগ্ৰপন্থী সংগঠন তালিবানে ৷ ইয়াৰ পিছতেই তালিবানৰ আগত আত্মসমৰ্পণ কৰি দেশ এৰি পলায়ন কৰে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীয়ে ৷ লগে লগেই আফগানিস্তানত অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠনৰ কথা ঘোষণা কৰে তালিবানে ৷

কাবুলত তালিবানৰ প্ৰৱেশৰ পিছতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় দেশখনৰ নাগৰিকসকল মাজত ৷ হাজাৰ হাজাৰ আফগানী লোকে দেশ এৰি পলায়ণ কৰাৰ বাবে কাবুল বিমানবন্দৰত ভিৰ কৰা ৷ ইয়াৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰদূতৰ লগতে তেওঁলোকৰ বিষয়ববীয়া আৰু নাগৰিকসকলক লৈ উৰা মৰা এখন বিমানৰ চকাত নিজকে বান্ধি পলাবলৈ প্ৰয়াস কৰা দুগৰাকী আফগান নাগৰিক চকাৰ পৰা সৰি পৰি মৃত্যুমুখত পৰে ৷ এই ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত প্ৰচাৰ হৈ পৰিছে ৷

দেশখনত মহিলাসকলৰ ভৱিষ্যত পুনৰবাৰ অন্ধকাৰৰ মাজলৈ যাব বুলি সকলো শংকিত হৈ পৰিছে ৷ কাবুলৰ নাগৰিকসকলক নিজৰ ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ লগতে ঘৰৰ গেটত থলা লগাই থ’বলৈ সামজিক মাধ্যমত বাৰ্তা প্ৰচাৰ কৰা হৈছে ৷ সমগ্ৰ বিশ্ববাসীয়ে আফগানিস্তানৰ লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিছে ৷ লগতে এইক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মৌনতাৰ বাবে ৰাষ্ট্ৰপতি জ’ বাইডেনৰ বিৰুদ্ধেও সৰৱ হৈ পৰিছে একাংশ লোক ৷

লগতে পঢ়ক : আফগানিস্তানত পৰৱৰ্তী চৰকাৰ গঠনৰ পৰিকল্পনা তালিবানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.