ETV Bharat / state

ডিব্ৰুগড়ত পুনৰ পোহৰলৈ আহিছে কিডনী বিক্ৰীৰ ঘটনা

author img

By

Published : Aug 18, 2021, 5:58 PM IST

ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে মানৱ দেহৰ অংগ ব্যৱসায়ৰ লগত জড়িত এটা চক্ৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহজ সৰল জনসাধাৰণক টকাৰ প্ৰলোভন দি অংগ বিক্ৰী কৰিবলৈ বাধ্য কৰে চক্ৰটোৱে ৷ উল্লেখযোগ্য যে, শেহতীয়াকৈ ৰাজ্যত এই মানৱ দেহৰ অংগ ব্যৱসায় বৃদ্ধি পোৱা দেখা গৈছে যদিও ৰাজ্যৰ চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

human-organ-selling-agent-active-in-dibrugarh
ডিব্ৰুগড়ত পুনৰ পোহৰলৈ আহিছে কিডনী বিক্ৰী কৰা লোক

মৰাণ,18 আগষ্ট: বিগত কিছু দিন পূৰ্বে মৰিগাঁও জিলাত পোহৰলৈ আহিছিল কিডনী বিক্ৰীৰ দৰে ভয়াবহ ঘটনা ৷ ইয়াৰ পিছতে ৰাজ্যৰ অন্যান্য প্ৰান্ততো মানৱদেহৰ অংগ ব্যৱসায়ৰ তথ্য পোহৰলৈ আহিছিল ৷ ইয়াৰ ভিতৰত অন্যতম এখন জিলা হিচাপে পৰিগনিত হৈছে ডিব্ৰুগড় জিলা ৷ জিলাখনত এতিয়াও সক্ৰিয় হৈ আছে মানৱ দেহৰ অংগ বিক্ৰীৰ লগত জড়িত এটা দালাল চক্ৰ ।

ইপিনে চাহ বাগিচা অঞ্চলত ভয়াবহভাৱে বৃদ্ধি পোৱা কিডনী বিক্ৰীৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে চাহ জনগোষ্ঠীয় সমাজে । প্ৰাপ্ত তথ্য অনুসৰি, ডিব্ৰুগড়ৰ চেংলিজান চাহ বাগিচাত এগৰাকী মহিলাই নিজৰ কিডনী বিক্ৰী কৰাৰ আন এটা ঘটনা পোহৰলৈ আহিছে । সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ পাছতে এই লৈ অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা । অঞ্চলটোৰ স্থানীয় মহিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ৰাজহুৱা সভাত মানৱ দেহৰ অংগ বিশেষকৈ কিডনীৰ দালাল চক্ৰৰ পৰা আঁতৰি থাকিবলৈ সকলোকে জনাইছে আহ্বান ।

ডিব্ৰুগড়ত পুনৰ পোহৰলৈ আহিছে কিডনী বিক্ৰী কৰা লোক

লগতে পঢ়কঃ পুৰুষ আৰু বিবাহিত মহিলাৰ লিভ-ইন ৰিলেশ্বনছিপক লৈ কি কলে ন্যায়ালয়ে ?

জানিব পৰা মতে, বিনা মৃৰ্দ্ধা নামৰ মহিলাগৰাকীৰ কন্যা অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ সময়তে তেখেতৰ সাক্ষাৎ হৈছিল তেজপুৰৰ নাতুন দেউৰী আৰু মনিকা দেউৰীৰ সৈতে । সেই সময়তে তেজপুৰ ৰঙাপাৰাৰ কিডনী বিক্ৰীৰ লগত জড়িত এক দালাল দম্পত্তিয়ে কিডনী বিক্ৰীৰ পৰামৰ্শ দিছিল বিনা মৃৰ্দ্ধা । তাৰ পাছতে ৫ লাখ ৫০ হাজাৰ টকাত নিজৰ এটা কিডনী দিবলৈ মান্তি হৈছিল বিনা মৃৰ্দ্ধা নামৰ মহিলাগৰাকী । কিডনী বিক্ৰীৰ দৰদাম ঠিক হোৱাৰ পাছতে এমাহৰ পূৰ্বে কলকাতাত নিজৰ কিডনী বিক্ৰী কৰিছিল বিনা মৃৰ্দ্ধাই ।

মন কৰিবলগীয়া যে, বাণীপুৰ ৰে'লৱে ষ্টেচনৰ পৰা নাতুন দেউৰী আৰু মনিকা দেউৰীৰ সৈতে কলকাতালৈ যোৱাৰ কথা স্বীকাৰ কৰিছে বিনা মৃৰ্দ্ধাই । সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে মানৱ দেহৰ ব্যৱসায় কৰা দালাল চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আটছাই । উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেইও ডিব্ৰুগড়ৰ বহু কেইখন চাহ বাগিচাত কিডনী বিক্ৰীৰ বহুকেইটা ঘটনা পোহৰলৈ আহিছিল । কিন্তু এই বিষয়টো লৈ আৰক্ষীয়ে আজি পৰ্যন্ত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ আভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন লোকে ৷

লগতে পঢ়কঃ কাকপথাৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটি পক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.