উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় : মহিলাসকলেও দিব পৰিব NDAৰ পৰীক্ষা

author img

By

Published : Aug 18, 2021, 2:57 PM IST

SC allows women to take National Defence Academy exams

মহিলাসকলক ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ নিদিয়াটো সেনাৰ নীতিগত সিদ্ধান্ত "লিংগ বৈষম্য"ৰ ওপৰত আধাৰিত বুলি কটাক্ষ উচ্চতম ন্যায়ালয়ৰ ।

নিউজ ডেস্ক, 18 আগষ্ট : উচ্চতম ন্যায়ালয়ে বুধবাৰে এক ঐতিহাসিক ৰায়দান কৰে ৷ ন্যায়ালয়ে মহিলাসকলক ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (NDA)ৰ পৰীক্ষা দিবলৈ অনুমতি প্ৰদান কৰে ৷ ৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত নামভৰ্তিৰ পৰীক্ষা ৷ উচ্চতম ন্যায়ালয়ে এক অন্তৱৰ্তীকালীন নিৰ্দেশৰ জৰিয়তে প্ৰদান কৰে এই ৰায় ।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু হৃষীকেশ ৰয়ৰ বিচাৰপীঠে গ্ৰহণ কৰে এই শুনানি ৷ ন্যায়ালয়ে ৰায়দানৰ সময়ত ভাৰতীয় সেনাক তীব্ৰ সমালোচনা কৰে ৷ ন্যায়ালয়ে মহিলাসকলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ নিদিয়াটো সেনাৰ নীতিগত সিদ্ধান্ত "লিংগ বৈষম্য"ৰ ওপৰত আধাৰিত বুলি উল্লেখ কৰে ।

ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু হৃষীকেশ ৰয়ৰ বিচাৰপীঠে লগতে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (এন ডি এ)ৰ নামভৰ্তি আদালতৰ চূড়ান্ত আদেশ সাপেক্ষে হ'ব বুলি উল্লেখ কৰে । উচ্চতম ন্যায়ালয়ে অধিবক্তা কুশ কালৰাই দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায়দান কৰে ন্যায়ালয়ে ।

লগতে পঢ়ক : মেঘালয়ৰ ৰাজ্যপালৰ কনভয়ত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.