ETV Bharat / bharat

HDFC বেংকক নতুন ক্ৰেডিট কাৰ্ড বিক্ৰীৰ অনুমতি RBI ৰ

author img

By

Published : Aug 18, 2021, 1:48 PM IST

অৱশেষত ৮ মাহৰ পাছত পুনৰ নতুন ক্ৰেডিট কাৰ্ড বিক্ৰী কৰাৰ অনমতি লাভ কৰিলে এইচ ডি এফ চি বেংকে(HDFC Bank) । ব্যক্তিগত খণ্ডৰ বেংকটোৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে(Reserve Bank of India) । জুন মাহ পৰ্যন্ত এইচ ডি এফ চি বেংকৰ ক্ৰেডিড কাৰ্ডৰ গ্ৰাহক আছিল ১.৪৮ কোটি ।

RBI partially lifts ban on HDFC Bank
HDFC বেংকক নতুন ক্ৰেডিট কাৰ্ড বিক্ৰীৰ অনুমতি দিলে RBIই

নেশ্যনেল ডেস্ক, ১৮ আগষ্ট : দেশৰ সৰ্ববৃহৎ ব্যক্তিগত বিত্তীয় খণ্ডৰ ঋণদাতা এইচ ডি এফ চি বেংক(HDFC Bank)ক পুনৰ নতুন ক্ৰেডিট কাৰ্ড বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে(Reserve Bank of India) । আঠ মাহ পূৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেংকে এইচ ডি এফ চি বেংকক নতুন ক্ৰেডিট কাৰ্ড বিক্ৰী কৰাত বাধা আৰোপ কৰিছিল ।

মঙলবাৰে বেংকৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, ভাৰতীয় ৰিজাৰ্ভ বেংকে বৰ্তমান এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে । অৱশ্যে, নতুন প্ৰযুক্তিগত পদক্ষেপ আৰম্ভ কৰাৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই নিষেধাজ্ঞা বাহাল আছে । বাৰে বাৰে প্ৰযুক্তিগত সমস্যা সৃষ্টি হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছত বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ভাৰতীয় ৰিজাৰ্ভ বেংকে ঋণদাতা বেংকটোক নতুন ক্ৰেডিট কাৰ্ড বিক্ৰী কৰা আৰু নতুন প্ৰযুক্তিগত পদক্ষেপ আৰম্ভ কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল ।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিষেধাজ্ঞাই এইচ ডি এফ চি বেংকক প্ৰভাৱিত কৰিলেও প্ৰতিদ্বন্দ্বী আই চি আই চি আই বেংক আৰু ভাৰতীয় ষ্টেট বেংকে নতুন ক্ৰেডিট কাৰ্ড বিক্ৰীৰ ক্ষেত্ৰত এইচ ডি এফ চি বেংকৰ সৈতে ব্যৱধান হ্ৰাস কৰাৰ সুযোগ লাভ কৰে । বেংকৰ সূত্ৰটোৱে জনোৱা মতে, মঙলবাৰে ক্ৰেডিট কাৰ্ডৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা সন্দৰ্ভত এইচ ডি এফ চি বেংকে এক নিৰ্দেশনা লাভ কৰিছে ।

আনহাতে, বৰ্তমান বেংকটোৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকল নিষেধাজ্ঞাৰ দ্বাৰা প্ৰভাৱিত হোৱা নাই । জুন মাহ পৰ্যন্ত এইচ ডি এফ চি বেংকৰ ক্ৰেডিড কাৰ্ডৰ গ্ৰাহক আছিল ১.৪৮ কোটি । যোৱা ১৭ জুলাইত, বেংকটোৰ মুখ্য কাৰ্যবাহী আৰু পৰিচালন সঞ্চালক শশীধৰ জগদীশনে কয় যে, এই ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৮৫ শতাংশ প্ৰয়োজনীয়তা পূৰণ কৰিছে ।

জগদীশনে লগতে কয় যে, প্ৰযুক্তিৰ অডিট ইতিমধ্যে শেষ হৈছে আৰু ৰিজাৰ্ভ বেংকে এতিয়া এইচ ডি এফ চি বেংকৰ বিৰুদ্ধে লোৱা শাস্তিমূলক ব্য়ৱস্থা কেতিয়া উঠাই ল'ব সেই বিষয়ে সিদ্ধান্ত ল'ব । জগদীশনে লগতে কয় যে, দুটা দশক ধৰি তেওঁ এইচ ডি এফ চি বেংকৰ সৈতে জড়িত হৈ আছে । যিকোনো সময়তে ভাৰতীয় ৰিজাৰ্ভ বেংকে সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

এই নিষেধাজ্ঞাৰ বাবে বেংকটোৱে ক্ৰেডিট কাৰ্ড বিক্ৰীৰ ক্ষেত্ৰত বজাৰৰ শ্বেয়াৰ হেৰুৱাবলগীয়া হৈছে বুলি স্বীকাৰ কৰি শশীধৰ জগদীশনে কয় যে, প্ৰযুক্তিগত সমস্যা বিশ্বজুৰি সৃষ্টি হোৱা পৰিঘটনা । এইচডিএফচি বেংকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পিছত কাৰ্ড কোম্পানী মাষ্টাৰকাৰ্ড আৰু আমেৰিকান এক্সপ্ৰেছৰ ওপৰত যিকোনো নতুন কাৰ্ড বিক্ৰী কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

কিয়নো, কোম্পানী দুটাই ডাটা স্থানীয়কৰণ নিয়ম মানি চলা নাই বুলি অভিযোগ উত্থাপন হৈছে । এইচ ডি এফ চি বেংকৰ শ্বেয়াৰ মঙলবাৰে ০.৯৫ শতাংশ হ্ৰাস হৈ বি এছ ইত ১,৫১৪.৮৫ টকাত ৰৈছে ।

লগতে পঢ়ক: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ বিভিন্নগৰাকীৰ জন্মদিনৰ শুভেচ্ছা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.