মৰিগাঁৱত ভয়াৱহ হাৰত বৃদ্ধি পাইছে HIVৰ সংক্ৰমণ

author img

By

Published : Aug 18, 2021, 6:02 PM IST

Most of drug addicts youth of morigaon suffer from HIV

ৰাজ্যৰ ড্ৰাগছ আসক্ত যুৱক-যুৱতীসকলৰ অধিকাংশৰ দেহতে AIDS আৰু HIV ৰ অৱস্থিতি ৷ মৰিগাঁৱত HIV ৰ অৱস্থিতিৰ অধিক ৷ এই তথ্য প্ৰকাশ পাইছে এটা বে-চৰকাৰী সংস্থাৰ সমীক্ষাত ৷

মৰিগাঁও, 18 আগষ্ট : ৰাজ্যৰ ড্ৰাগছ আসক্ত যুৱক-যুৱতীসকলৰ মাজত ভয়াৱহভাৱে বৃদ্ধি পাইছে AIDS আৰু HIV পজিটিভৰ সংখ্যা ৷ যি ধৰণে ৰাজ্যৰ যুৱচামক ড্ৰাগছ আসক্তই এক অন্ধকাৰ কোঠৰীৰ মাজত আৱদ্ধ কৰি ৰাখিছে তাৰ সমান্তৰালভাৱে HIV দৰে মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈছে যুৱচাম ৷ ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে বিশেষকৈ মৰিগাঁও জিলাত AIDS আৰু HIV পজিটিভ হাৰ অধিক ৷

এই HIV পজিটিভ ৰোগীৰ মাজৰ অধিকাংশই হৈছে ড্ৰাগছ আসক্ত ৷ মৰিগাঁও জিলাৰ এটা বে-চৰকাৰী সংস্থাৰ উদ্যোগত চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে এই ভয়াৱহ তথ্য ৷ স্বেচ্ছাসেৱী সংগঠন সুমলা মহিলা সংঘই মৰিগাঁও জিলাত AIDS আৰু HIV ৰ অৱস্থিতিৰ সন্দৰ্ভত চলাইছিল এক সমীক্ষা ৷ সমীক্ষাটো প্ৰকাশ পোৱা তথ্য অনুসৰি, বৰ্তমানলৈকে মৰিগাঁও জিলাত 42 গৰাকী লোকৰ দেহত ধৰা পৰিছে HIV পজিটিভ ৷

ড্ৰাগছ আসক্তৰ অধিকাংশৰ দেহতে HIV ৰ অৱস্থিতি

চলিত মাহতে জিলাখনত 27 গৰাকী ব্যক্তিৰ দেহত HIV ৰ অৱস্থিতি পোৱা গৈছে ৷ এই 27 গৰাকীৰ HIV পজিটিভ ৰোগীৰ 7 গৰাকী হৈছে কাৰাগাৰৰ কয়দী ৷ সুমলা মহিলা সংঘৰ বিষয় ববীয়া মহেন্দ্ৰ শইকীয়াই সাংবাদিকৰ আগত সদৰি কৰা মতে, AIDS আৰু HIV ত আক্ৰান্ত হোৱা এধিকাংশই হৈছে ড্ৰাগছ আসক্ত ৷

লগতে পঢ়ক: আফগানিস্তানৰ বাবে তালিবানী শাসনৰ অৰ্থ কি ?

'একেটা চিৰিঞ্জ(Syringe)ৰে একাধিক লোকে ড্ৰাগছ লোৱাৰ ফলতে ড্ৰাগছ আসক্ত সকলৰ মাজত ভয়াৱহভাৱে বৃদ্ধি পাইছে HIV পজিটিভৰ সংখ্যা ৷ এগৰাকী ড্ৰাগছ আসক্ত লোকৰ দেহত যদি AIDS আৰু HIV ভাইৰাছ থাকে তেন্তে একেটা চিৰিঞ্জ ব্যৱহাৰ কৰা ফলত সহজে HIV ভাইৰাছ আন এগৰাকী লোকৰ দেহলৈ সংক্ৰমিত হয় ৷ স্বাভাৱিকতে ড্ৰাগছ আসক্ত সকলে প্ৰায়ে একেটা চিৰিঞ্জকে বহু কেইজনে ব্যৱহাৰ কৰে ৷' সাংবাদিকৰ আগত এই কথা জানিবলৈ দিয়ে মহেন্দ্ৰ শইকীয়াই ৷

উল্লেখ্য যে, সুমলা মহিলা সংঘ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে অসম চৰকাৰৰ এইডছ কন্ট্ৰল চ’ছাইটি(Assam Aids Control society)ৰ অধীত TIP, FSW, MWS, IAU আঁচনিৰ জৰিয়তে চলাইছিল AIDS আৰু HIV ৰ অৱস্থিতিৰ সন্দৰ্ভত চলাইচিল সমীক্ষা ৷ সমীক্ষাতে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ৷

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় : মহিলাসকলেও দিব পৰিব NDAৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.