ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 22, 2022, 3:01 PM IST

top-10-at-3pm
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Army Helicopter Crashed : অৰুণাচলৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ৫ মৃতদেহ উদ্ধাৰ

উজনি চিয়াঙৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ৫ জনৰ মৃতদেহ উদ্ধাৰ (5 body rescued in Arunachal Helicopter crashed) । শুকুৰবাৰে সংঘটিত হৈছিল সেনাবাহিনীৰ এই হেলিকপ্টাৰ দুৰ্ঘটনা (Army Helicopter crashed in Arunachal) । হেলিকপ্টাৰখনত আছিল পাঁচজন সেনাবাহিনীৰ লোক । পূব অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ টুটিঙৰ পৰা ২৫ কিলোমিটাৰ নিলগত সংঘটিত হয় দুৰ্ঘটনাটো ।

Sharad Pawar to participate in Bharat Jodo Yatra: শৰদ পাৱাৰে অংশ ল’ব ভাৰত জোড়ো যাত্ৰাত

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশ ল’ব এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে(Sharad Pawar to participate in Bharat Jodo Yatra) ৷ আদিত্য ঠাকৰেয়েও এই যাত্ৰাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা ৷ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে শেহতীয়াকৈ শিৱসেনা (উদ্ধৱ বালাচাহেব ঠাকৰে)ৰ মুৰব্বী উদ্ধৱ ঠাকৰে আৰু এনচিপিৰ মুৰব্বী শৰদ পাৱাৰক সাক্ষাৎ কৰি এই যাত্ৰাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায় ।

Protest at lakhimpur: লখিমপুৰ মেডিকেল কলেজৰ পাৰ্কিং মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

পুনৰ বিতৰ্কৰ আৱৰ্তত লখিমপুৰ মেডিকেল কলেজ(Lakhimpur Medical College in controversy) । এইবাৰ পাৰ্কিঙৰ নামত অতিৰিক্ত ধন সংগ্রহৰ কাণ্ডই জোকাৰিছে মেডিকেল কলেজখনক । ঘন্টাই প্ৰতি মাচুল বৃদ্ধি কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে(Human chain in front of Lakhimpur Medical College) ।

Helicopter Crashed: দুৰ্ঘটনাত পতিত হোৱাৰ পূৰ্বে সেনা হেলিকপ্টাৰখনে পঠাইছিল বিশেষ বাৰ্তা

"দুৰ্ঘটনাটোৰ পূৰ্বে এয়াৰ ট্ৰেফিক কণ্ট্ৰোলে (Air Traffic Control) কাৰিকৰী বা যান্ত্ৰিক বিফলতাৰ পৰামৰ্শ দি মে' দিৱসৰ কল এটা পাইছিল ।" এক সূত্ৰই কয় ।

Employment of Child Labour: ধোৱাচাঙত শিশু শ্ৰমিক আইন

শিশু শ্ৰমিক বিৰোধী আইনক ধোঁৱাচাঙত তুলিছে ৰূপহীহাটৰ সমষ্টিৰ অন্তৰ্গত গৰিষ্ঠসংখ্যক ইটা ভাটাৰ মালিক পক্ষই(Anti-Child Labour Act) । ৰাজ্য চৰকাৰৰ শিশু শ্ৰমিক বিৰোধী আইন বলৱৎ থকাৰ পাছতো ইটা ভাটা সমূহত শিশু শ্ৰমিক নিয়োজিত হৈ থকাৰ দৃশ্য‌ই সকলোৰে চকু কপালত তুলিছে(Disobedience to anti-child labour laws) ।

Salman Khan news: বিগ বছ 16 ত ঘোষক হিচাপে কৰণ জোহৰ, ডেংগুত আক্ৰান্ত ছলমান খান

ছুপাৰষ্টাৰ ছলমান খান ডেংগুত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে (Salman Khan news) । বিগ বছ 16ৰ শুকুৰবাৰৰ খণ্ডটো কৰণ জোহৰে হ’ষ্ট কৰাৰ পিছতে এই খবৰ বিয়পি পৰে ।

APSC CCE final result 2022 : পিতৃৰ আদ্যশ্ৰাদ্ধৰ দিনাই আহিল পুত্ৰৰ সফলতাৰ খবৰ

এফালে সফলতাৰ সুখ আনফালে পিতৃৰ বিয়োগৰ শোক । পিতৃৰ আদ্যশ্ৰাদ্ধৰ দিনাই আহিল APSC পৰীক্ষাৰ ফলাফলৰ খবৰ (APSC CCE final result)। পিতৃহাৰা অৰুণাভজ্যোতি বৰুৱাই অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ৮৭ সংখ্যক স্থানত উজলিল ।

Diwali 2022 in Assam: ৰাজ্যৰ চৌদিশে পোহৰৰ উৎসৱক লৈ ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীৰ

ৰাজ্যৰ চৌদিশে চলিছে দীপাৱলীক আদৰাৰ ব্যাপক প্ৰস্তুতি । পোহৰৰ উৎসৱ দীপাৱলীক লৈ ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰো । মৃৎ শিল্পীসকলে তৈয়াৰ কৰি উলিয়াইছে বিভিন্ন আকৃতিৰ মাটিৰ চাকি (Diwali 2022 in Assam) ৷

Anti corruption raid : পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাৰ নেতৃত্বত চলিছিল নেকি ধনৰ লেনদেন ?

ডিব্ৰুগড় পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যাপক দুৰ্নীতি (Corruption in Dibrugarh DTO)! ধন নহ'লে একোৱে নকৰে বিষয়া-কৰ্মচাৰীয়ে ! কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক দীতিমণি গগৈৰ গ্ৰেপ্তাৰৰ পাছতে নতুন নতুন ৰহস্য ফাদিল । পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাকো আটক । শুকুৰবাৰে নিশাও বহু স্থানত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ।

Narak Chaturdashi 2022: ভগৱান শ্ৰীকৃষ্ণৰ সৈতে সম্পৰ্ক কি সম্পৰ্ক নৰক চতুৰ্দশীৰ!

হিন্দু ধৰ্মৰ সকলো উৎসৱৰ ভিতৰত দীপাৱলী উৎসৱ হৈছে অন্যতম ৷ সমগ্ৰ দেশতে পোহৰৰ এই উৎসৱ অতি উল্লাসেৰে উৎযাপন কৰা হয় । দীপাৱলীৰ এই পাঁচটা দিনত দেৱী লক্ষ্মী আৰু ভগৱান কুবেৰৰ বিশেষ পূজা কৰা হয় । পাঁচদিনীয়া দীপাৱলী উৎসৱত নৰক চতুৰ্দশীৰ বিশেষ তাৎপৰ্য আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.