ETV Bharat / state

Employment of Child Labour: ধোৱাচাঙত শিশু শ্ৰমিক আইন

author img

By

Published : Oct 22, 2022, 2:23 PM IST

শিশু শ্ৰমিক বিৰোধী আইনক ধোঁৱাচাঙত তুলিছে ৰূপহীহাটৰ সমষ্টিৰ অন্তৰ্গত গৰিষ্ঠসংখ্যক ইটা ভাটাৰ মালিক পক্ষই(Anti-Child Labour Act) । ৰাজ্য চৰকাৰৰ শিশু শ্ৰমিক বিৰোধী আইন বলৱৎ থকাৰ পাছতো ইটা ভাটা সমূহত শিশু শ্ৰমিক নিয়োজিত হৈ থকাৰ দৃশ্য‌ই সকলোৰে চকু কপালত তুলিছে(Disobedience to anti-child labour laws) ।

child labourers recruited at brick kilns
ধোৱাচাঙত শিশু শ্ৰমিক আইন

চামগুৰি,২২ অক্টোবৰ: শিশু শ্ৰমিক বিৰোধী আইন(Anti-Child Labour Act)ক ধোঁৱাচাঙত তুলিছে ৰূপহীহাটৰ সমষ্টিৰ অন্তৰ্গত গৰিষ্ঠসংখ্যক ইটা ভাটাৰ মালিক পক্ষই । ৰাজ্য চৰকাৰৰ শিশু শ্ৰমিক বিৰোধী আইন বলৱৎ হৈ থকাৰ পাছতো ইটা ভাটা সমূহত শিশু শ্ৰমিক নিয়োজিত হৈ থকাৰ দৃশ্য‌ই সকলোৰে চকু কপালত তুলিছে (Disobedience to anti-child labour laws) । জিলা প্ৰশাসন তথা ৰাজহ চক্ৰ বিষয়াৰ আওঁকনীয়া মনোভাৱৰ বাবেই ইটা ভাটাৰ মালিক পক্ষই কম মজুৰিতে শিশু শ্ৰমিক নিয়োজিত কৰি চলাই গৈছে ৰমৰমীয়া ব্যৱসায় ।

ধোৱাচাঙত শিশু শ্ৰমিক আইন

যিটো সময়ত এইসকল শিশুৱে ফলি-পুথি লৈ বিদ্যালয়লৈ যাব লাগিছিল, সেই সময়তে শিশু শ্ৰমিকসকলে পেটৰ তাৰণাত কৰিব লগা হৈছে দিন হাজিৰাৰ দৰে কষ্টকৰ কাম । ইটা ভাটাৰ মালিকে শ্ৰমিক হিচাপে নিয়োজিত কৰাৰ দৃশ্য বন্দী হৈছে সাংবাদিকৰ কেমেৰাত । পখিলা খেদাৰ বয়সৰ কন কন শিশুক নিয়োগ কৰা হৈছএ MA‌ ইটা ভাটাত ।

কিন্তু লক্ষণীয়ভাৱে স্বত্বাধিকাৰীৰ বিৰুদ্ধে নগাঁও শ্ৰম বিভাগে এতিয়ালৈ গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা । কেৱল MA ইটা ভাটাই নহয় KN নামৰ ইটা ভাটায়ো বিনাদ্বিধাই ফুলকুমলীয়া বহু শিশু শ্ৰমিক নিয়োগ কৰিছে । স্থানীয় ৰাইজে প্ৰশাসন তথা চাইল্ড লাইনক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি শিশু শ্ৰমিকৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ আহ্বান জনাই স্থানীয় ৰাইজে ।

উল্লেখ্য যে বিশ্বব্যাপী শিশুৰ অধিকাৰ ৰক্ষা কৰিবলৈ আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১২ জুনত পালন কৰা হয় শিশু শ্ৰমিক বিৰোধী দিৱস । কিন্তু অতি পৰিতাপৰ কথা যে, শিশু শ্ৰমিক হ্ৰাসৰ বিপৰীতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনে দিনে বৃদ্ধি পাইছে শিশু শ্ৰমিকৰ সংখ্যা(Increases in child labours in Assam) ।

লক্ষণীয়ভাৱে শিক্ষিত মানুহৰ বসতিস্থলী হিচাপে পৰিগণিত গুৱাহাটী মহানগৰীতো দৈনিক বৃদ্ধি হৈছে শিশু শ্ৰমিকৰ সংখ্যা (Increases in child labours in Guwahati) । চাইল্ড লাইন গুৱাহাটীৰ তথ্যত পোহৰলৈ আহিছে এই তথ্য । চাইল্ড লাইন গুৱাহাটীৰ পৰা পোৱা তথ্য অনুসৰি, গুৱাহাটী মহানগৰীত ২০২০ ৰ এপ্ৰিলৰ পৰা ২০২১ ৰ ৩১ মাৰ্চলৈ ১১৬ টা শিশু শ্ৰমিক উদ্ধাৰ কৰিছে ।

লগতে পঢ়ক: Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.