ETV Bharat / bharat

Sharad Pawar to participate in Bharat Jodo Yatra: শৰদ পাৱাৰে অংশ ল’ব ভাৰত জোড়ো যাত্ৰাত

author img

By

Published : Oct 22, 2022, 2:18 PM IST

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশ ল’ব এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে(Sharad Pawar to participate in Bharat Jodo Yatra) ৷ আদিত্য ঠাকৰেয়েও এই যাত্ৰাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা ৷ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে শেহতীয়াকৈ শিৱসেনা (উদ্ধৱ বালাচাহেব ঠাকৰে)ৰ মুৰব্বী উদ্ধৱ ঠাকৰে আৰু এনচিপিৰ মুৰব্বী শৰদ পাৱাৰক সাক্ষাৎ কৰি এই যাত্ৰাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায় ।

Sharad Pawar to participate in Bharat Jodo Yatra
এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে অংশ ল’ব ভাৰত জোড়ো যাত্ৰাত

নিউজ ডেস্ক, ২২ অক্টোবৰ: কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশ ল’ব এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে (Sharad Pawar to participate in Bharat Jodo Yatra) ৷ ভাৰত জোড়ো যাত্ৰাকাৰী দলটো মহাৰাষ্ট্ৰৰ নান্দেদত প্ৰৱেশ কৰাৰ পিছত ৯ নৱেম্বৰত এই যাত্ৰাত অংশগ্ৰহণ কৰিব নেতাগৰাকীয়ে ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক চাৱনে শনিবাৰে সদৰী কৰে এই কথা(Senior Congress leader Ashok Chavan ) ৷

শিৱসেনাৰ(Uddhav Balasaheb Thackeray)ৰ মুৰব্বী উদ্ধৱ ঠাকৰেকো কংগ্ৰেছে ভাৰত যোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ কথা উল্লেখ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷ আদিত্য ঠাকৰেয়েও যাত্ৰাত অংশগ্ৰহণ কৰিব পাৰে বুলি জানিবলৈ দিয়ে কংগ্ৰেছ নেতাগৰাকীয়ে । উল্লেখ্য যে, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ(Former president of congress Rahul Gandhi) নেতৃত্বত আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰা ৭ নৱেম্বৰত নান্দেদ জিলাৰ পৰা মহাৰাষ্ট্ৰত প্ৰৱেশ কৰিব ৷

ভাৰত জোড়ো দলটো জিলাখনত ৭ দিন থাকিব । এই দলটো ৰাজ্যখনত প্ৰৱেশ কৰা পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া এইচ কে পাটিল, প্ৰাক্তন মুখ্যমন্ত্ৰী অশোকৰাও চাৱন, কংগ্ৰেছ বিধায়িনী দলৰ নেতা বালাচাহেব থোৰাট আৰু মুম্বাই বিভাগীয় কংগ্ৰেছ কমিটীৰ সভাপতি বিধায়ক ভাই জগতাপ, কংগ্ৰেছ বিধান পৰিষদৰ গোটৰ নেতা বিধায়ক অমৰনাথ ৰাজুৰকাৰে মাতোশ্ৰীত উদ্ধৱ ঠাকৰেক সাক্ষাৎ কৰে ।

কংগ্ৰেছৰ প্ৰতিনিধিৰ দলটোৱে শিৱসেনাৰ(Uddhav Balasaheb Thackeray)ৰ মুৰব্বী উদ্ধৱ ঠাকৰেক সাক্ষাৎ কৰি এই যাত্ৰাত অংশ লোৱাৰ বাবে আহ্বান জনায়(Uddhav Thackeray invited to join Bharat Jodo Yatra) ৷ প্ৰতিনিধি দলটোৱে ৱাইবি চৱন কেন্দ্ৰতো মিলিত হৈছিল । কংগ্ৰেছৰ প্ৰতিনিধি দলে নেতা দুগৰাকীৰ পূৰ্বে যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে ।

শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰে(Shiv Sena chief Uddhav Thackeray) আৰু শৰদ পাৱাৰে পূৰ্বে ভাৰত জোড়ো যাত্ৰাকাৰী দলটো মহাৰাষ্ট্ৰত প্ৰৱেশ কৰা সময়ত ৰাহুল গান্ধীক স্বাগতম জনাবলৈ সন্মত হৈছিল ৷ ৰাহুলৰ এই যাত্ৰাই বিৰোধীসকলক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি উল্লেখ কৰে কংগ্ৰেছ নেতাসকলে(Bharat Jodo Yatra) ।

লগতে পঢ়ক : ভাৰত জোড়ো যাত্ৰা: কৰ্ণাটকত আটক ‘PayCM' লিখা টি-চাৰ্ট পৰিহিত কংগ্ৰেছ কৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.