ETV Bharat / state

APSC CCE final result 2022 : পিতৃৰ আদ্যশ্ৰাদ্ধৰ দিনাই আহিল পুত্ৰৰ সফলতাৰ খবৰ

author img

By

Published : Oct 22, 2022, 2:14 PM IST

এফালে সফলতাৰ সুখ আনফালে পিতৃৰ বিয়োগৰ শোক । পিতৃৰ আদ্যশ্ৰাদ্ধৰ দিনাই আহিল APSC পৰীক্ষাৰ ফলাফলৰ খবৰ (APSC CCE final result)। পিতৃহাৰা অৰুণাভজ্যোতি বৰুৱাই অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ৮৭ সংখ্যক স্থানত উজলিল ।

APSC
পিতৃৰ আদ্যশ্ৰাদ্ধৰ দিনাই আহিল পুত্ৰ সফলতাৰ খবৰ

যোৰহাট,২২ অক্টোবৰ : অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল শুকুৰবাৰে ঘোষণা কৰা হৈছে (APSC CCE final result declared)। লগে লগে পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ ঘৰত আনন্দমুখৰ পৰিৱেশ । আত্মীয়, চুবুৰীয়া, সংগঠনে ভিৰ কৰিছে উত্তীৰ্ণ প্ৰাৰ্থীৰ ঘৰত । উত্তীৰ্ণ প্ৰাৰ্থীৰ ঘৰত একপ্ৰকাৰ উৎসৱমুখৰ পৰিৱেশ । কিন্তু যোৰহাটৰ এগৰাকী উত্তীৰ্ণ প্ৰাৰ্থীৰ ঘৰত সেই পৰিৱেশ নাই । শোকত ম্ৰিয়মান প্ৰাৰ্থী লগতে প্ৰাৰ্থীৰ পৰিয়াল ।

আমি ক'ব বিচাৰিছো অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ৮৭ সংখ্যক স্থান লাভ কৰা যোৰহাটৰ অৰুণাভজ্যোতি বৰুৱাৰ কথা (87th rank of APSC secured by Arunabh Jyoti Baruah)। আচলতে পিতৃ বিয়োগৰ শোকৰ মাজতে এই সুখৰ খবৰটো আহিছে । যাৰ বাবে অৰুণাভজ্যোতি বৰুৱা সুখী যদিও পিতৃৰ বিয়োগৰ বাবে মৰ্মাহত হৈ আছে প্ৰাৰ্থীগৰাকী । শনিবাৰে পিতৃৰ আদ্যশ্ৰাদ্ধ, তাৰ মাজতে পৰীক্ষাৰ ফলাফল লাভ কৰিছে অৰুণাভে । ১০ দিন পূৰ্বে অৰুণাভৰ লগতে পৰিয়ালটোক এৰি গৈছিল পিতৃয়ে । পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ভাল খবৰটোৱে যদিও অৰুণাভৰ লগতে পৰিয়ালটোক আনন্দিত কৰি তুলিছে তথাপিও যেন পিতৃৰ অনুপস্থিতিয়ে ব্যাকুল কৰি তুলিছে অৰুণাভক ।
পিতৃৰ ১১ দিনীয়া সকামৰ দিনাই ভাল খবৰটো লাভ কৰাত দুখৰ মাজতো যেন পৰিয়াল, আত্মীয় স্বজনৰ মাজত অকণমান সুখৰ হাঁহি দেখিবলৈ পোৱা গৈছে । অৱশ্যে তেওঁলোকৰ এটাই দুখ পিতৃয়ে নাপালে পুত্ৰৰ এই সাফল্য তথা সুখৰ বতৰা ।

উল্লেখ্য যে শুকুৰবাৰে ঘোষণা কৰা হৈছে APSCৰ ফলাফল (APSC CCE final result declared) ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে অসমীয়া ভাষাৰ প্ৰশ্নকাকত বাতিলৰ চৰকাৰী সিদ্ধান্ত বাহাল ৰখাৰ পাছতে এই পৰীক্ষাৰ ফলাফল ঘোষণা ৷ ২০২০ বৰ্ষৰ WP(C) নং ৫১৬৯ৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২১/১০/২০২২ তাৰিখৰ নিৰ্দেশ আৰু কিছু আবেদন মানি অসম চৰকাৰৰ অসম অসামৰিক সেৱা, আৰক্ষী সেৱা, কৰ অধীক্ষককে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদবীৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হয় (Final Results of CCE-2020 announced) ।

লগতে পঢ়ক :APSC CCE final result declared : আমগুৰিলৈ সুনাম কঢ়িয়ালে অংকিত শইকীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.