ETV Bharat / entertainment

Salman Khan news: বিগ বছ 16 ত ঘোষক হিচাপে কৰণ জোহৰ, ডেংগুত আক্ৰান্ত ছলমান খান

author img

By

Published : Oct 22, 2022, 12:25 PM IST

Salman Khan
ডেংগুত আক্ৰান্ত ছলমান খান

ছুপাৰষ্টাৰ ছলমান খান ডেংগুত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে (Salman Khan news) । বিগ বছ 16ৰ শুকুৰবাৰৰ খণ্ডটো কৰণ জোহৰে হ’ষ্ট কৰাৰ পিছতে এই খবৰ বিয়পি পৰে ।

চিটাৰা ডেস্ক, 22 অক্টোবৰ : বলীউড ছুপাৰষ্টাৰ ছলমান খান ডেংগুত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে । অভিনেতাগৰাকী সুস্থ হৈ নুঠা পৰ্যন্ত বিগ বছৰ 16 সংখ্যক চিজনৰ আয়োজক হিচাপে দেখিবলৈ পোৱা নাযাব ৷ 56 বছৰীয়া অভিনেতাগৰাকীক চিকিৎসকে কোনো ধৰণৰ শাৰিৰীক পৰিশ্ৰম নকৰিবলৈ আৰু পৰ্যাপ্ত পৰিমাণে জিৰণি ল’বলৈ কৈছে ।

ছলমানৰ অসুস্থতাৰ খবৰ বিয়পি পৰিলেও অভিনেতাগৰাকী বা তেওঁৰ দলটোৱে এতিয়ালৈকে এই কথা নিশ্চিত কৰা নাই । বিগ বছৰ নিৰ্মাতাসকলে অৱশ্যে ছলমানৰ অনুপস্থিতিত চলি থকা ছিজনটো হ’ষ্ট কৰিবলৈ কৰণ জোহৰক বাছি লৈছে । খানৰ ঠাইত জোহৰে বিগ বছ 16 ৰ সপ্তাহান্তৰ বিশেষ খণ্ডটো হ’ষ্ট কৰা দেখিবলৈ পোৱা যাব । কৰণে বিগ বছ অ’টিটিও হ’ষ্ট কৰিছিল আৰু এতিয়া তেওঁ প্ৰতিযোগীসকলৰ সৈতে কেনেদৰে মোকাবিলা কৰিব আৰু শ্ব’টোত তেওঁলোকক কেনেদৰে কথাৰে তল পেলাব সেয়া লক্ষণীয় হ’ব ।

তদুপৰি এই সপ্তাহৰ বাবে মনোনীত তিনিগৰাকী প্ৰতিযোগী হৈছে চুম্বুল তৌকীৰ খান, মান্যা সিং আৰু শালিন ভানোট । ইফালে, টিনা দত্ত আৰু শালিনে শ্ব’টোত সৰ্বনিম্ন প্ৰদৰ্শন কৰা প্ৰতিযোগী হিচাপে চুম্বুলৰ নাম লৈছে । কিন্তু আগৰ খণ্ডটোত শ্বালিনক চুম্বুলৰ সৈতে কথা পাতি টিনাক তেওঁৰ লগত কৰা আচৰণৰ বাবে দোষাৰোপ কৰা দেখা গৈছিল ।

লগতে পঢ়ক : Sherlyn Chopra Vs. Sajid Khan: ছাজিদ খানৰ বিৰুদ্ধে গোচৰ তৰি বিগ-বছৰ পৰা অপসাৰণৰ দাবী শ্বাৰলিন চোপ্ৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.