ETV Bharat / entertainment

Sherlyn Chopra Vs. Sajid Khan: ছাজিদ খানৰ বিৰুদ্ধে গোচৰ তৰি বিগ-বছৰ পৰা অপসাৰণৰ দাবী শ্বাৰলিন চোপ্ৰাৰ

author img

By

Published : Oct 20, 2022, 11:27 AM IST

শ্বাৰলিন চোপ্ৰাই বিগ-বছ 16 ৰ ঘৰত প্ৰতিযোগী হিচাপে উপস্থিত থকা চলচ্চিত্ৰ নিৰ্মাতা ছাজিদ খানৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

sherlyn chopra
ছাজিদ খানৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ

চিটাৰা ডেস্ক, 20 অক্টোবৰ : বলীউডৰ চুপাৰষ্টাৰ ছলমান খানৰ আটাইতকৈ জনপ্ৰিয় টিভি ৰিয়েলিটী শ্ব’ বিগ-বছ 16 ৰ ঘৰত প্ৰতিযোগী হিচাপে উপস্থিত থকা চলচ্চিত্ৰ নিৰ্মাতা ছাজিদ খানৰ বিৰুদ্ধে মডেল তথা অভিনেত্ৰী শ্বাৰলিন চোপ্ৰাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । অভিনেত্ৰীগৰাকীয়ে বিগ-বছৰ নিৰ্মাতাসকলক অনুৰোধ জনাইছে তৎক্ষণাত ছাজিদ খানক শ্ব’টোৰ পৰা বাহিৰ কৰিবলৈ ।

মুম্বাইৰ জুহু থানাত শ্বাৰলিনে চলচ্চিত্ৰ নিৰ্মাতা তথা বিগ-বছ 16 ৰ প্ৰতিযোগী ছাজিদ খানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । এই সন্দৰ্ভত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰলৈয়ো এখন পত্ৰ প্ৰেৰণ কৰিছে ।

ছাজিদ খানৰ বিৰুদ্ধে কেইবাটাও ধাৰাত এজাহাৰ দাখিল কৰিছে শ্বাৰলিনে । শ্বাৰলিনে Me too আন্দোলনৰ অধীনত ছাজিদ খানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে বহুতো চাঞ্চল্যকৰ তথ্যও প্ৰকাশো কৰিছিল । শ্বাৰলিনে লগতে জানিবলৈ দিয়ে যে বিগ-বছ 16 ৰ পৰা ছাজিদ খানক বাহিৰ নকৰালৈকে শ্ব’টোৰ টেলিকাষ্ট বন্ধ কৰিবলৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰলৈ এখন পত্ৰ লিখিছে ।

শেহতীয়াকৈ শ্বাৰলিনে প্ৰকাশ কৰা তথ্যৰ বাবে মানুহে ছাজিদ খানৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে আৰু ছবি নিৰ্মাতাগৰাকী এই অনুষ্ঠানটোত উপস্থিত থকাৰ বাবেও তেওঁলোকে আপত্তি কৰিছে । Me too আন্দোলনৰ অধীনত বিগ-বছ 16 ৰ প্ৰতিযোগী ছাজিদ খানৰ বিৰুদ্ধে বহু মহিলাই অভিযোগ উত্থাপন কৰিছিল । শেহতীয়াকৈ ভোজপুৰী অভিনেত্ৰী ৰাণী চেটাৰ্জীয়েও ছাজিদ খানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ।

এই খণ্ডটোত গায়িকা সোণা মোহাপাত্ৰ আৰু অভিনেতা আলী ফৈজলেও বিগ-বছ 16 ৰ ঘৰত ছাজিদ খান থকাৰ বাবে আপত্তি কৰিছে । সকলোৱে দাবী কৰিছে যে ছাজিদ খানক অতি সোনকালে শ্ব’টোৰ পৰা উলিয়াই দিব লাগে ।

লগতে পঢ়ক : Aryan Khan drugs case: এনচিবি বিষয়াৰ আচৰণ সন্দেহজনক, ৰাডাৰত 7ৰ পৰা 8জন বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.