ETV Bharat / state

Anti corruption raid : পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাৰ নেতৃত্বত চলিছিল নেকি ধনৰ লেনদেন ?

author img

By

Published : Oct 22, 2022, 12:24 PM IST

ডিব্ৰুগড় পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যাপক দুৰ্নীতি (Corruption in Dibrugarh DTO)! ধন নহ'লে একোৱে নকৰে বিষয়া-কৰ্মচাৰীয়ে ! কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক দীতিমণি গগৈৰ গ্ৰেপ্তাৰৰ পাছতে নতুন নতুন ৰহস্য ফাদিল । পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাকো আটক । শুকুৰবাৰে নিশাও বহু স্থানত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ।

Anti corruption raid
পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাৰ নেতৃত্বত চলিছিল নেকি ধনৰ লেনদেন

মৰাণ,২২ অক্টোবৰ : ডিব্ৰুগড়ত কেঁচু খান্দোতে ওলাইছে সাপ । ৰাইজৰ বহুদিনৰ পৰাই অভিযোগ আছিল যে ধন নিদিলে কোনো কামেই নহয় ডিব্ৰুগড় জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত । সৰু এটা কামৰ বাবেও দালালৰ জৰিয়তে কাৰ্যালয়ত বিষয়াই বিচাৰে মোটা অংকৰ ধন । ধন নিদিলে নহয় কোনো কাম ।

এই ব্যৱস্থাত অতিষ্ঠ হৈছিল ডিব্ৰুগড়ৰ ৰাইজ । অৱশেষত যোৱা ১৯ অক্টোবৰত ডিব্ৰুগড় জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অভিযান চলাই দালাল পংকজ শইকীয়া আৰু কনিষ্ঠ সহায়ক দীতিমণি গগৈক গ্ৰেপ্তাৰ কৰিছিল (Raid in Dibrugarh DTO House)। ৭০০ টকা উৎকোচ লোৱাৰ অভিযোগত হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল দুয়োগৰাকী (Dibrugarh DTO officials arrested)। ইয়াৰ পাছতে অভিযানকাৰী দলটোৱে দীতিমণি গগৈৰ ডিব্ৰুগড়ৰ বাসগৃহত অভিযান চলাই উদ্ধাৰ কৰিছিল বৃহৎ পৰিমাণৰ ধন ।

দীতিমণি গগৈৰ ডিব্ৰুগড়ৰ উদয়পুৰত থকা জে এছ বি ফ্লেটত অভিযানকাৰী দলে অভিযান চলাই উদ্ধাৰ কৰিছিল ৯,৩০,৫০০ টকা । ইয়াৰ পাছৰ পৰাই অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে দুৰ্নীতি নিবাৰক শাখাৰ দলে । শুকুৰবাৰে ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাৰ বাসগৃহৰ পৰাও অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে ৭,০৩, ৮০০ লাখ টকা । লগতে বাসগৃহৰ পৰা উদ্ধাৰ হয় ৮৭ হাজাৰ অচল নোট (Demonetized notes recovered from transport officer)।

অভিযানকাৰী দলটোৱে পৰিবহণ বিষয়াগৰাকীক ডিব্ৰুগড় ষ্টেট বেংকত থকা একাউন্ট পৰীক্ষণ কৰাৰ লগতে বিষয়া গৰাকীৰ কাৰ্যালয়তো যাৱতীয় নথি পত্ৰসমূহ পৰীক্ষা কৰাৰ উপৰিও ভিন্ন স্থানত মাৰাথন জেৰা অব্যাহত ৰাখিছে । মাজ নিশা অভিযানকাৰী দলটোৱে ডিব্ৰুগড় পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সহকাৰী প্ৰৱৰ্তন পৰিদৰ্শক (Assistant Enforcement Inspector) উজ্জ্বল বৰুৱাৰ জ্যোতিনগৰৰ বাসগৃহত অভিযান চলাই যদিও কোনো ধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম নহ'ল ।

ইয়াৰ সমান্তৰালভাৱে শান্তিপাৰাৰ এনফ'ৰ্চমেণ্ট কনিষ্টবল নবাৰন দে'ৰ ঘৰতো অভিযান চলাই দলটোৱে । ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাক আটক কৰি গুৱাহাটীলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে যদিও বাকী বিষয়া কৰ্মচাৰীৰ ওপৰত এই মুহূৰ্তলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই দুৰ্নীতি নিবাৰক শাখাই । মুঠৰ ওপৰত এটা কথাই প্ৰমাণ হৈছে ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাৰ নেতৃত্বতে পৰিবহণ বিষয়াৰ কাৰ্যালয়ত চলিছিল প্ৰতিটো কামৰ বিনিময়ত বৃহৎ ধনৰ লেনদেন । পৰৱৰ্তী সময়ত এই ঘটনাত আৰু কোন কোন বিষয়া কৰ্মচাৰী জালত পৰে সেইয়া লক্ষ্যনীয় হ'ব ।

লগতে পঢ়ক :Raid in Dibrugarh DTO House: ডিব্ৰুগড়ত উজান উঠিছে অচল-সচল টকাৰ, অভিযান অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.