ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 28, 2022, 1:04 PM IST

top-10-at-1pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Ragging in Dibrugarh University: মুখ্যমন্ত্ৰীৰ টুইটৰ পিছতে আটক চাৰি জেষ্ঠ অভিযুক্ত ছাত্ৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ ভয়ানক কাণ্ড ৷ জেষ্ঠ ছাত্ৰৰ প্ৰহাৰত চিকিৎসাধীন এজন ৷ এই ঘটনাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে টুইট ৷ দোষীক কৰায়ত্ব কৰাৰ লগতে আহত ছাত্ৰজনক উপযুক্ত চিকিৎসাৰ নিৰ্দেশ ৷ ইয়াৰ পিছতে ডিব্ৰুগড় আৰক্ষীয়ে নিশাই আটক কৰিলে চাৰিজন জেষ্ঠ ছাত্ৰক ৷

Road accident in Tamulpur: তামুলপুৰত কাৰ-বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন

তামুলপুৰৰ বাৰেইগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা ৷ সোমবাৰে পুৱাই সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনাটো ৷ চাৰিচকীয়া বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষ (Road accident in Tamulpur) ৷

Barjatri group attacked: মৰিগাঁৱত বৰযাত্ৰীৰ দলক আক্ৰমণ, ক্ষতিগ্ৰস্ত বাহন

মৰিগাঁৱত বৰযাত্ৰীক আক্ৰমণ তেল ডিপোৰ কৰ্মচাৰীৰ ৷ দা, লাঠি লৈ বৰযাত্ৰীৰ বাহনত আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে (Attack on Bridegroom Party in Marigaon) । ক্ষতিগ্ৰস্ত হ’ল বৰযাত্ৰীৰ বাহন । ইফালে বৰযাত্ৰীৰ দলটোৰ একাংশই সুৰাপান কৰি তেল ডিপোৰ সামগ্ৰী অনিষ্ট কৰাৰ অভিযোগ স্থানীয় লোকৰ । ঘটনা সংক্ৰান্তত দুজনক আটক ।

Fire at Bihpuria: অগ্নিকাণ্ডত দোকানসহ এজন ভস্মীভূত হোৱাৰ সন্দেহ

লখিমপুৰ জিলাৰ বিহপুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড (Fire at Bihpuria) ৷ বিহপুৰীয়াৰ সন্তপুৰ পাঁচআলিত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত প্ৰায় ৪ খনকৈ দোকান ভস্মীভূত ৷

Jhalak Dikhhla Jaa 10 winner: ঝলক দিখলা জা 10 ৰ বিজয়ী গুৱাহাটীৰ গুঞ্জন সিনহা

গুৱাহাটীৰ 8 বছৰীয়া গুঞ্জন সিনহাই ঝলক দিখলা জা 10 ৰ বিজয়ী হৈ অসমলৈ সুনাম কঢ়িয়াই আনিছে । অনুষ্ঠানটো 3 ছেপ্টেম্বৰত 15 জন চেলেব্ৰিটী প্ৰতিযোগীৰ সৈতে প্ৰিমিয়াৰ হৈছিল, য’ত বিচাৰকৰ আসনত আছিল বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিত, চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ আৰু নৃত্যশিল্পী-অভিনেত্ৰী নোৰা ফাতেহী । কৌতুক অভিনেতা মনীষ পলে অনুষ্ঠানটো পৰিচালনা কৰিছিল ।

Road accident in Tezpur: তেজপুৰত পথ দুর্ঘটনাত নিহত দুজন

তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাটোত থিতাতে নিহত দুজন লোক ৷

Mukro violence issue: সীমা সমস্যা সমাধানৰ বাবে সকলোকে আগুৱাই অহাৰ আহ্বান প্ৰমোদ বড়োৰ

‘‘যিহেতু আমি একেখন ভাৰত ৰাষ্ট্ৰৰ অধীনতে আছোঁ, গতিকে এই সমস্যাৰ সমাধানৰ বাবে সকলোৱেই ধনাত্মকভাৱে আগবাঢ়িব লাগে । কাশ্মীৰৰ দৰে সমস্যাক সমাধান কৰিব পাৰিছে, তেনে ক্ষেত্ৰত অসমৰ লগত হোৱা মেঘালয়ৰ অথবা অৰুণাচল সমস্যাৰ সমাধান কৰিব নোৱাৰাৰ প্ৰশ্নই থাকিব নোৱাৰে’’ । এইদৰে উল্লেখ কৰি ইয়াৰ বাবে সকলো নেতৃত্বক আগুৱাই আহিবলৈ আহ্বান জনায় প্ৰমোদ বড়োৱে (BTC chief Pramod Boro) ৷

Kaliabor Press Club Silver Jubilee: সীমা বিবাদে সাতভনীৰ সম্পৰ্ক জটিল কৰিছে: টাকাম চ'নীয়া

কলিয়াবৰ প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি (Silver Jubilee of Kaliabor Press Club)। এই অনুষ্ঠানৰ মুকলি সভাত বিশিষ্ট অতিথিৰূপে অৰুণাচল প্ৰদেশৰ হিন্দী কাকত অৰুণভূমিৰ মুখ‍্য সম্পাদক টাকাম চ'নীয়াই অংশগ্ৰহণ কৰি কয় যে সীমা বিবাদ মীমাংসাৰ বাবে চুবুৰীয়া ৰাজ‍্য দুখনৰ চৰকাৰে ব‍্যৱস্থা লৈছে যদিও এইক্ষেত্ৰত ৰাজ‍্যদুখনৰ জনসাধাৰণৰ সহযোগিতাৰো প্ৰয়োজন ।

MP Pallab Lochan Das: কংগ্ৰেছে বেদখলকাৰীৰ মুখপাত্ৰ হিচাপে কাম কৰিছে: সাংসদ পল্লৱ লোচন

ভাৰত জোড়োৰ জৰিয়তে কংগ্ৰেছে মুষ্টিমেয় অঞ্চলক লক্ষ্য় কৰি লৈছে বুলি মন্তব্য় সাংসদ পল্লৱ লোচন দাসৰ (MP Pallab Lochan Das critisised Congress)। নগাঁও জিলাৰ কঢ়ালীগাঁৱত সাংসদগৰাকীয়ে ৰাইজৰ সৈতে একেলগে প্ৰধানমন্ত্ৰীৰ "মন কী বাত"ত অংশগ্ৰহণ কৰি এইদৰে কয় ।

Dilapidated Bamboo Bridge: স্বাধীনতাৰ ৭৫ বছৰ পাছতো পোকালাগী নদীৰ ওপৰত নিৰ্মাণ নহ'ল দলং

অভয়াপুৰীৰ উত্তৰ বিধানসভা সমষ্টিৰ শৌলমাৰীত নিজৰ জীৱনটোক হাতৰ মুঠিত লৈ বিপদ সংকুল যাত্ৰা কণ কণ ছাত্ৰ-ছাত্ৰীৰ (Poor road communication at Abhayapuri) । শৌলমাৰীৰ স্থানীয় ৰাইজৰ গাঁঠিৰ ধনেৰে প্ৰতিবছৰে নিৰ্মাণ কৰি আহিছে ২০০ মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলংখন । ইয়াৰ পিছতো চকু মুদা কুলিৰ ভাৱত স্থানীয় জনপ্ৰতিনিধি, প্ৰশাসন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.