ETV Bharat / state

Kaliabor Press Club Silver Jubilee: সীমা বিবাদে সাতভনীৰ সম্পৰ্ক জটিল কৰিছে: টাকাম চ'নীয়া

author img

By

Published : Nov 28, 2022, 12:57 PM IST

কলিয়াবৰ প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি (Silver Jubilee of Kaliabor Press Club)। এই অনুষ্ঠানৰ মুকলি সভাত বিশিষ্ট অতিথিৰূপে অৰুণাচল প্ৰদেশৰ হিন্দী কাকত অৰুণভূমিৰ মুখ‍্য সম্পাদক টাকাম চ'নীয়াই অংশগ্ৰহণ কৰি কয় যে সীমা বিবাদ মীমাংসাৰ বাবে চুবুৰীয়া ৰাজ‍্য দুখনৰ চৰকাৰে ব‍্যৱস্থা লৈছে যদিও এইক্ষেত্ৰত ৰাজ‍্যদুখনৰ জনসাধাৰণৰ সহযোগিতাৰো প্ৰয়োজন ।

Kaliabor Press Club
সীমা বিবাদে সাতভনীৰ সম্পৰ্ক জটিল কৰিছে:টাকাম

কলিয়াবৰ, ২৮ নৱেম্বৰ: উত্তৰ পূৱৰ চুবুৰীয়া ৰাজ‍্যকেইখনৰ সদভাৱ বৃদ্ধিত সাংবাদিকে ভূমিকা লোৱা উচিত বুলি মন্তব্য় কৰিছে অৰুণভূমি কাকতৰ মুখ্য সম্পাদক টাকাম চ'নীয়াই (Editor in chief of Arunabhoomi paper)। কলিয়াবৰ প্ৰেছ ক্লাবৰ বছৰজোৰা ৰূপালী জয়ন্তী উৎসৱৰ সামৰণী অনুষ্ঠানৰ মুকলি সভাত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি অৰুণাচল প্ৰদেশৰ হিন্দী কাকতখনৰ মুখ‍্য সম্পাদকগৰাকীয়ে এইদৰে বক্তব্য আগবঢ়াই (Silver Jubilee of Kaliabor Press Club)।

বিশিষ্ট অতিথি চ'নীয়াই পুনৰ কয় যে উত্তৰ-পুৱৰ সাংবাদিকে চুবুৰীয়া ৰাজ‍্যকেইখনৰ মাজত সদভাৱ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে । চুবুৰীয়া ৰাজ‍্যকেইখনৰ সীমা বিবাদে পূৰ্বৰ সাতভনীৰ সম্পৰ্কক জটিল কৰিছে । এই জটিলতা কেৱল চৰকাৰেই কৰিব নোৱাৰে । শেহতীয়া অসম-অৰণাচল সীমা বিবাদ মীমাংসাৰ বাবে দুই ৰাজ‍্য চৰকাৰে ব‍্যৱস্থা লৈছে যদিও এইক্ষেত্ৰত ৰাজ‍্যকেইখনৰ জনসাধাৰণৰ সহযোগিতাৰো প্ৰয়োজন বুলি তেওঁ মন্তব্য় কৰে । অসম আৰু অৰুণাচল প্ৰদেশৰ সংবাদ মাধ্যম আৰু সংবাদ কৰ্মীসকলে ৰাজ্য দুখনৰ বিভিন্ন সংঘাতৰ বিষয়ে ৰাইজৰ মাজত বিভেদ সৃষ্টি কৰাৰ বিপৰীতে ঐক্যবদ্ধভাৱে কাম কৰি দুয়ো ৰাজ্যৰ ৰাইজৰ মাজত সদভাৱ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ কাম কৰি যাব লাগিব বুলিও তেওঁ মন্তব্য আগবঢ়ায় ।

সীমা বিবাদে সাতভনীৰ সম্পৰ্ক জটিল কৰিছে:টাকাম

সংবাদ মাধ্যমৰ এক গুণগত বৈশিষ্টই সাংবাদিকতাৰ কৰ্মত বিশ্বাসযোগ্যতা বৃদ্ধি কৰিব বুলি মন্তব্য় কৰি তেওঁ কয় যে সমাজৰ দাপোণ হিচাপে সংবাদ মাধ্যমে সমাজৰ প্ৰতিটো বিষয় ৰাইজৰ মাজলৈ লৈ যাব লাগে । বৰ্তমান সময়ত বাতৰি কাকতৰ অৱস্থা শোচনীয় বুলিও বিশিষ্ট অতিথি চ'নীয়াই মন্তব্য কৰে ।

উক্ত মুকলি সভাখন উদ্বোধন কৰি প্ৰাক্তন মন্ত্ৰী তথা বিশিষ্ট লেখক গুণীন হাজৰিকাই অসমৰ বাতৰি কাকতৰ ক্ৰমবিকাশৰ লগতে বাতৰি কাকত প্ৰকাশত অসমৰ স্বনামধন্য ব্যক্তিৰ অহোপুৰুষাৰ্থ আৰু প্ৰচেষ্টা আৰু বৰ্তমান সময়ত সংবাদ মাধ্যমৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সম্পকে আলোকপাত কৰে (Former minister Gunin Hazarika)। বিশেষকৈ বৰ্তমান সময়ত চৰকাৰী পক্ষ আৰু পূঁজিপতিসকলে সংবাদ মাধ্যমৰ ওপৰত দেখুওৱা প্ৰভাৱ আৰু সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্বৰ বাবে গ্ৰহণ কৰা পদক্ষেপে পেলাব পৰা প্ৰভাৱ সম্পৰ্কেও তেওঁ আলোকপাত কৰে । কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তপন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি প্ৰণৱ মহন্তই আদৰণি ভাষণ আগবঢ়ায় ।

উক্ত অনুষ্ঠানত বিশিষ্ট লেখক ডাঃ হেমন্ত কুমাৰ গোস্বামীয়ে সংবাদ মাধ্যমৰ ইতিবৃত্ত,সাংবাদিকতাৰ দায়বদ্ধতা আৰু সংবাদ ক্ষেত্ৰত সংবাদকৰ্মীসকলৰ‌ গুণগত মানৰে সংবাদ পৰিবেশনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । জ‍্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে সংবাদ মাধ‍্যমৰ লগত জড়িত সংবাদকৰ্মীসকলে সন্মুখীন হোৱা সমস‍্যাৰ লগতে প্ৰত‍্যাহ্বানৰ বিষয়ে ব্য়াখ্য়া কৰে । মৰিগাঁৱ জিলাৰ মায়ঙৰ সাংবাদিক নজৰুল ইছলামে মফছলীয়া সাংবাদিকসকলে ৰাইজৰ আস্থাভাজন হ'বলৈ কিদৰে প্ৰৱল প্ৰত্যাহ্বানৰ মাজেৰে কাম কৰিব লাগে সেই সম্পৰ্কে বক্তব্য আগবঢ়াই ।

এই সভাখনত নগাঁও প্ৰেছ ক্লাবৰ পলাশ প্ৰতীম হাজৰিকা আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় । তদুপৰি সমাজকৰ্মী মণি মাধৱ মহন্ত, সাংবাদিক বিতুমণি মহন্ত, কলিয়াবৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি নৃপেন চন্দ্ৰ কেওঁট, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূপেন শৰ্মাকে প্ৰমূখ্য কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি অনুষ্ঠানটোত উপস্থিত থাকে (Nagaon Press Club)। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি সভাপতি ভূপেন শৰ্মা আৰু সম্পাদক ৰূপজ্যোতি গোস্বামীৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ "মহী অসি" কলিয়াবৰৰ মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসে উন্মোচন কৰে । উক্ত অনুষ্ঠানতেই ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি বৰ্ষটোত আয়োজিত সদৌ অসম ভিত্তিত চিন্তানায়ক যতীন্দ্ৰ কুমাৰ বৰগোহাঞি সোঁৱৰণী সাহিত‍্য প্ৰতিযোগিতা, কবিতা, প্ৰৱন্ধ, বাতৰি লিখা, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, সাংবাদিক তিলক হাজৰিকা সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা আদি বিভিন্ন প্ৰতিযোগিতাৰ বঁটা প্ৰাপসকলক বঁটাসমূহ প্ৰদান কৰা হয় ।

লগতে পঢ়ক:Theft in Nagaon: নগাঁৱত অব্যাহত চোৰৰ উপদ্ৰৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.