Barjatri group attacked: মৰিগাঁৱত বৰযাত্ৰীৰ দলক আক্ৰমণ, ক্ষতিগ্ৰস্ত বাহন

author img

By

Published : Nov 28, 2022, 11:43 AM IST

Attack on Bridegroom Party

মৰিগাঁৱত বৰযাত্ৰীক আক্ৰমণ তেল ডিপোৰ কৰ্মচাৰীৰ ৷ দা, লাঠি লৈ বৰযাত্ৰীৰ বাহনত আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে (Attack on Bridegroom Party in Marigaon) । ক্ষতিগ্ৰস্ত হ’ল বৰযাত্ৰীৰ বাহন । ইফালে বৰযাত্ৰীৰ দলটোৰ একাংশই সুৰাপান কৰি তেল ডিপোৰ সামগ্ৰী অনিষ্ট কৰাৰ অভিযোগ স্থানীয় লোকৰ । ঘটনা সংক্ৰান্তত দুজনক আটক ।

মৰিগাঁও, 28 নৱেম্বৰ : মৰিগাঁৱত সংঘটিত হৈছে বৰযাত্ৰীৰ গাড়ীত আক্ৰমণৰ ঘটনা (Barjatri group attacked) ৷ সোমবাৰে মৰিগাঁৱৰ দলবৰীত অৱস্থিত তেল ডিপোত এই আক্ৰমণৰ ঘটনাটো সংঘটিত হয় (Barjatri vehicle damaged in Morigaon)।

মৰিগাঁৱৰ মায়ং বৰপাকৰ বিবাহযাত্ৰীৰ দলটোয়ে নগাঁৱৰ লাওখোৱাৰ পৰা কইনাক লৈ দৰাঘৰলৈ আহি আছিল । কইনাক লৈ আহি থকাৰ সময়তে সোমবাৰে পুৱতি নিশা মৰিগাঁৱৰ সমীপৰ দলবৰীস্থিত তেল ডিপোটোত তেল বিচাৰি যোৱাত তেল ডিপোৰ কৰ্মচাৰীয়ে দলটোৰ ওপৰত অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

মৰিগাঁৱত বৰযাত্ৰীৰ দলক আক্ৰমণ, ক্ষতিগ্ৰস্ত বাহন

কৰ্মচাৰীসকলে অশ্লীল শব্দ প্ৰয়োগ কৰি বিবাহ যাত্ৰীসকলক অভব্য আচৰণ কৰাৰ লগতে দা লৈ আক্ৰমণ কৰাৰ উপৰিও গাড়ীৰ আইনা ভাঙি বিবাহ যাত্ৰীসকলক মাৰধৰ কৰা বুলি জানিব পৰা গৈছে (Attack on Bridegroom Party in Marigaon)। পৰৱৰ্তী সময়ত ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে । এই ঘটনাৰ পাচতে ৬০ জনীয়া বিবাহযাত্ৰীৰ দলটোৱে মৰিগাঁও সদৰ থানাত(Morigaon Police Station) আশ্ৰয় লয়গৈ ।

আনহাতে তেল ডিপোটোৰ দুই কৰ্মচাৰীক আৰক্ষীয়ে আটক কৰি আৰম্ভ কৰিছে তদন্ত । ইফালে বৰযাত্ৰীৰ দলটোৰ একাংশই সুৰামত্ত অৱস্থাত তেল বিচৰাৰ নামত ডিপোটোত থকা টেবুল, মেজ আদি ভাঙি লণ্ড-ভণ্ড কৰা বুলিহে অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ লোকে ৷

লগতে তেল ডিপোটো জ্বলাই দিয়াৰো ভাবুকি প্ৰদান কৰা বুলিহে অভিযোগ উত্থাপন কৰিছে তেল ডিপোটোৰ কৰ্মচাৰীসকলে । এই ঘটনাটোৰ লগত প্ৰকৃততে কোনটো ফৈদ জড়িত হৈ আছে সেয়া অৱশ্যে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক : Dibrugarh University: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ ভয়ানক পৰিণতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.