Mukro violence issue: সীমা সমস্যা সমাধানৰ বাবে সকলোকে আগুৱাই অহাৰ আহ্বান প্ৰমোদ বড়োৰ

author img

By

Published : Nov 28, 2022, 10:19 AM IST

Mukro violence issue

‘‘যিহেতু আমি একেখন ভাৰত ৰাষ্ট্ৰৰ অধীনতে আছোঁ, গতিকে এই সমস্যাৰ সমাধানৰ বাবে সকলোৱেই ধনাত্মকভাৱে আগবাঢ়িব লাগে । কাশ্মীৰৰ দৰে সমস্যাক সমাধান কৰিব পাৰিছে, তেনে ক্ষেত্ৰত অসমৰ লগত হোৱা মেঘালয়ৰ অথবা অৰুণাচল সমস্যাৰ সমাধান কৰিব নোৱাৰাৰ প্ৰশ্নই থাকিব নোৱাৰে’’ । এইদৰে উল্লেখ কৰি ইয়াৰ বাবে সকলো নেতৃত্বক আগুৱাই আহিবলৈ আহ্বান জনায় প্ৰমোদ বড়োৱে (BTC chief Pramod Boro) ৷

মৰিগাঁও, 28 নৱেম্বৰ: অসম আৰু মেঘালয়ৰ মাজত অব্যাহত থকা সংঘাত আৰু সীমা সমস্যা সন্দৰ্ভত মন্তব্য বিটিচি প্ৰধান প্ৰমোদ বড়োৰ (BTC chief Pramod Boro on Mukro violence) ৷ দেওবাৰে মৰিগাঁৱত এক অনুষ্ঠানত উপস্থিত হৈ তেওঁ কয়, ‘‘যিহেতু আমি একেখন ভাৰত ৰাষ্ট্ৰৰ অধীনতে আছোঁ, গতিকে এই সমস্যাৰ সকলোৱেই ধনাত্মকভাৱে আগবাঢ়িব লাগে । কাশ্মীৰৰ দৰে সমস্যাক সমাধান কৰিব পাৰিছে অসমৰ লগত হোৱা মেঘালয়ৰ অৰুণাচল সমস্যাৰ সমাধান কৰিব নোৱাৰাৰ প্ৰশ্ন থাকিব নোৱাৰে’’ । ইয়াৰ বাবে সকলো নেতৃত্বক আগুৱাই আহিবলৈ আহ্বান জনায় প্ৰমোদ বড়োৱে ৷

দেওবাৰে সীতা জখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ (Sitajakhala Dugdha Utpadak Samabai Samiti) এশ বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকি এই আহ্বান জনাই প্ৰমোদ বড়োৱে ৷ লগতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে, শ্বেত বিপ্লৱে কেৱল যে গাখীৰ উৎপাদনেই কৰিছে তেনে নহয় । গাখীৰ উৎপাদনৰ সমান্তৰালকৈ গাখীৰৰ দ্বাৰা উৎপাদিত বিভিন্ন খাদ্য সম্ভাৰ প্ৰস্তুত কৰি ইয়াৰ লগত জড়িত বহতো পৰিয়াল অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হৈছে । মৰিগাঁৱৰ জাগীৰোডৰ সীতা জখলা দুগ্ধ উৎপাদন সমবায় সমিতি শ্বেত বিপ্লৱৰ প্ৰেৰণা বুলি তেওঁ মন্তব্য কৰে ।

সীমা সমস্যা সমাধানৰ বাবে সকলোকে আগুৱাই অহাৰ আহ্বান প্ৰমোদ বড়োৰ

উল্লেখ্য যে, যোৱা 22 নৱেম্বৰত অসমৰ পশ্চিম কাৰ্বি আংলং আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ সীমান্তৰ মুক্ৰ’ত সংঘটিত হৈছিল এক গুলীয়াগুলীৰ ঘটনা ৷ জিৰিকিন্দিং আৰক্ষী থানাৰ অন্তৰ্গত সীমান্ত অঞ্চলত অসম আৰক্ষীৰ এটা টহলদাৰী দল আৰু বন বিভাগৰ এটা দলে জব্দ কৰিছিল এখন চোৰাং কাঠভৰ্তি ট্ৰাক (Firing at Assam Meghalaya border) ৷

কিন্তু সেই সময়তে বন মাফিয়া আৰু আৰক্ষীৰ দলৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ ৷ পৰৱৰ্তী সময়ত পশ্চিম জয়ন্তীয়া পাহাৰৰ সীমান্তত বাস কৰা প্ৰায় তিনি শতাধিক লোকে ঘেৰাও কৰে অসম আৰক্ষী আৰু বন বিভাগৰ দলটোক ৷ লগতে ক্ষোভিত লোকসকলে আক্ৰমণ কৰিবলৈ উদ্যত হয় অসম আৰক্ষীৰ দলটোক ৷ যাৰ ফলত আত্মৰক্ষাৰ বাবে গুলী চলাবলৈ বাধ্য হয় আৰক্ষীৰ দলটোৱে ৷

অসম আৰক্ষীৰ গুলীত থিতাতে তিনিজন লোক নিহত হোৱাৰ লগতে আহত হয় আন কেইবাজনো লোক ৷ ইফালে মেঘালয়ৰ দলটোৰ আক্ৰমণত নিহত হয় অসমৰ এজন বনকৰ্মী ৷ তাৰ পাচতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ৷ আনহাতে, চিকিৎসালয়ত মৃত্যুক সাৱটি লয় মেঘালয়ৰ আন দুজন লোকে ৷ এই সংঘাতৰ পাচতেই মেঘালয়লৈ অসমৰ পৰা আটাইকেইটা পথেৰে বন্ধ কৰি দিয়া হয় যাতায়াত ব্যৱস্থা ৷ মেঘালয়ৰ কেইবাটাও স্থানত বন্ধ কৰি দিয়া হয় ইন্টাৰনেট সেৱা ৷

মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম আৰক্ষীক দোষাৰোপ কৰে ৷ অসমৰ মুখ্যমন্ত্ৰীয়েও অসম আৰক্ষীয়ে ধৈৰ্য ধৰা উচিত আছিল বুলি মন্তব্য কৰে ৷ লগতে মৃত লোক কেইজনৰ পৰিয়াললৈ অসম চৰকাৰৰ তৰফৰ পৰা 5 লাখকৈ টকাৰ এককালীন সাহায্য ঘোষণা কৰে ৷ সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্য়ায়াধীশ ৰুমী ফুকনৰ নেতৃত্বত এখন এজনীয়া কমিটী গঠন কৰি দুমাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ বাবে নিৰ্দেশ প্ৰদান কৰে অসম চৰকাৰে ৷

ইফালে, সমগ্ৰ ঘটনা সন্দৰ্ভত দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি ক্ষোভ প্ৰকাশ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷ লগতে এই ঘটনাৰ তদন্ত কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা কৰিবলৈও আবেদন জনায় ৷ অসম চৰকাৰেও চিবিআইৰ দ্বাৰা ইয়াৰ আৰক্ষী পৰ্যায়ৰ এক তদন্ত কৰাৰ বাবে পোষকতা কৰে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে চিবিআইক এই ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদানৰ আশ্বাস প্ৰদান কৰে ৷

ৰাজনৈতিকভাৱে এই সমস্যা সমাধানৰ চেষ্টা চলাই থকাৰ সময়তে, মেঘালয়ৰ বিভিন্ন স্থানত দেখা গ’ল হিংসাত্মক ঘটনা ৷ শ্বিলঙৰ সমীপৰ জালুপাৰাত একাংশ উত্তেজিত যুৱকে ঘটনা দিনা নিশাই জ্বলাই দিছিল অসমৰ এখন বাহন ৷ তাৰ পাচতে যোৱা বৃহস্পতিবাৰে শ্বিলং চহৰত আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি একাংশ প্ৰতিবাদকাৰীয়ে শিলগুটি আৰু পেট্ৰ’ল বোমা নিক্ষেপ কৰে ৷ প্ৰতিবাদকাৰীয়ে ক্ষতিসাধন কৰে মেঘালয় আৰক্ষীৰ তিনিখন বাহন ৷ অৱশ্যে দেওবাৰে বিয়লিভাগৰ পৰা মেঘালয়লৈ যাতায়াত মুকলি কৰি দিয়া হৈছে অসমৰ পৰা ৷

লগতে পঢ়ক: Assam Meghalaya Border violence : মৃত বিদ্যাছিং লকথেক বনবীৰ ঘোষণা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.