ETV Bharat / state

5বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Dec 30, 2022, 5:06 PM IST

5বজাৰ শীৰ্ষ 10টা বাতৰি
top ten news at 5pm

5বজাৰ শীৰ্ষ 10টা বাতৰি

1. Cabinet Meeting in Delhi: হঠাৎ অসমৰ সকলো মন্ত্ৰীকে দিল্লীলৈ তলৱ হিমন্ত বিশ্ব শৰ্মাৰ

দিল্লীত শনিবাৰে জৰুৰী কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ ৷ সকলো মন্ত্ৰীকে শনিবাৰে দিল্লীত উপস্থিত হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ(Cabinet Meeting in Delhi) ৷

2.Relations between Nepal and India : নেপালৰ নতুন প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল, চিন্তা বাঢ়িছে ভাৰতৰ !

পুষ্প কমল দাহাল নেপালৰ প্ৰধানমন্ত্ৰী হোৱাটো ভাৰতৰ বাবে এক বিফলতা নেকি (Pushpa Kamal Dahal becoming PM of Nepal)? চীনে নিজৰ আধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছে নেকি আৰু ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক আঁতৰাই ৰাখিবলৈ সক্ষম হৈছে নেকি ? আগন্তুক দিনত ভাৰত আৰু নেপালৰ সম্পৰ্ত আউল লাগিব নেকি ? এই সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন ।

3.Rukminigaon murder case: বন্ধুক হত্যা কৰি উবেৰত লৈ গ'ল মৃতদেহ

মহানগৰীৰ ৰুক্মিনী গাঁৱত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে (Sensational murder in Guwahati)। হিতেশ দাস নামৰ এজন লোকে বন্ধুক নৃশংসভাৱে হত্যা কৰিলে । হত্যা কৰি বস্তাত ভৰাই জংঘলত দলিয়ালে বন্ধুৰ মৃতদেহ । ইতিমধ্যে হত্যাকাৰী হিতেশ দাসক গ্ৰেপ্তাৰ কৰিছে দিশপুৰ আৰক্ষীয়ে (Dispur police arrested Murderer)। জানিব পৰা মতে এখন উবেৰ ভাড়া কৰি ৰঙিয়াৰ সমীপৰ কমলপুৰৰ ঘন জংঘলত নি পেলাই দিছিল মৃতদেহটো । মৃত লোকজন হৈছে নলবাৰীৰ প্ৰেমনাথ ভূঞা । হত্যাকাৰী হিতেশ দাসে খগেন দাস নামৰ উবেৰ চালকজনৰ বাহনখন অফলাইনত ভাড়া কৰি লৈ গৈছিল কমলপুৰলৈ আৰু তাতেই জংঘলত মৃতদেহটো পেলাই দিছিল । ইফালে সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পাছতে উবেৰ চালকজনে দিশপুৰ আৰক্ষীৰ কাষ চাপিছে । উবেৰ চালকজনৰ এই পদক্ষেপক প্ৰশংসা কৰিছে আৰক্ষীয়ে । উবেৰ চালকজনক তেওঁৰ সাহসিকতাৰ বাবে ১০ হাজাৰ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছে আৰক্ষীয়ে (Dispur police reward Uber driver)। ইফালে সমগ্ৰ ঘটনাক লৈ সমগ্ৰ অসমতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

4. Refinery worker protest : ন্যায্য প্ৰাপ্তিৰ দাবীত গুৱাহাটীত শ্ৰমিক সংগঠনৰ ধৰ্মঘট

গুৱাহাটী শোধনাগাৰৰ ঠিকাভিত্তিক শ্রমিকৰ ৯ ঘণ্টীয়া ধৰ্মঘটৰ কাৰ্যসূচী ৷ শ্ৰমিক সংগঠন ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ উদ্যোগত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী (Refinery worker protest)।

5.Naga Miscreant Encroachment : কাৰ্বি আংলঙত নগাৰ আগ্ৰাসনত ত্ৰস্তমান গাঁওবাসী

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত অব্যাহত আছে নগাৰ আগ্ৰাসন (Naga aggression continues in Assam Nagaland border) । চৰম শংকা আৰু জীৱনৰ নিৰাপত্তাহীনতাত ভোগাৰ কথা অসহায়ভাৱে বৰ্ণালে গাওঁবাসীয়ে ।

6.MAC Visited Assam Nagaland Border : তিলোত্তমা হাঞ্চুৰ অসম নাগালেণ্ড সীমান্ত পৰিদৰ্শন

এমএচি তিলোত্তমা হাঞ্চুৰ অসম-নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন (MAC Tilottma Hanchu visited Assam Nagaland border) । চৰকাৰৰ বিভিন্ন আঁচনি, মাটিৰ পট্টা, সীমান্ত পথ সন্দৰ্ভত ৰাইজৰ সৈতে মত-বিনিময় ৷

7.Tunisha Sharma Death Case: সহ-অভিনেতা শ্বীজান খানৰ বিৰুদ্ধে তুনিষাৰ মাতৃৰ চাঞ্চল্যকৰ অভিযোগ

Tunisha Sharma suicide: তুনিষা শৰ্মাৰ মাতৃ বনীতা শৰ্মাই আদালতত হাজিৰ হোৱাৰ পূৰ্বে অভিযুক্ত শ্বীজান খানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কিছু আচৰিত তথ্য ফাদিল কৰিছে ।

8.Drugs seized in Mariani: মৰিয়নি আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী

সমগ্ৰ যোৰহাটতেই আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্য তথা ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে(Anti drugs mission by Assam police) । ইয়াৰ অংশ হিচাপে মৰিয়নি আৰক্ষীয়ে ফৰেষ্ট কলনীত বৃহস্পতিবাৰে নিশা অভিযান চলায় (Mariani police raid against drugs) । উক্ত অভিযানত বাসগৃহৰ ভিতৰত আৰু গছৰ তলত লুকুৱাই থোৱা অৱস্থাত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়(Drugs seized in Mariani) । লগতে আটক কৰে বিশাল বৰ্মন ওৰফে চনু নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক । জানিব পৰা মতে বিশাল বৰ্মন ওৰফে চনুৱে দীৰ্ঘদিন দিন ধৰি নিচাযুক্ত দ্ৰব্য ড্ৰাগছৰ বেহা চলাই আহিছিল । ধৃত অপৰাধীটোৱে মৰিয়নিৰ বিভিন্ন প্ৰান্তৰ লগতে কাষৰীয়া নাগালেণ্ডলৈ সৰবৰাহ কৰি আহিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

9.Congress reacted to BJPs negative remarks: নিজৰ কৰ্মৰ বাবেই বিজেপি দল এদিন নিঃশেষ হ’ব: বিধায়ক কমলাক্ষ দে পুৰকায়স্থ

"ক’ৰণা সকলোৰে দেহলৈ নিবিয়পে" বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ কংগ্ৰেছ দল সন্দৰ্ভত প্ৰদান কৰা বিৰূপ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই এনেদৰে কটাক্ষ কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক (Congress reacted to BJPs negative remarks) ৷ উল্লেখ্য যে, দদৰাত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল ভৱেশ কলিতাই (BJP President Bhabesh Kalita) ৷ বিজেপি ফেমিলিয়াৰ দল, ফেমিলীৰ দল নহয়; কিন্তু কংগ্ৰেছ এটা পৰিয়ালতান্ত্ৰিক দল বুলি উল্লেখ কৰি ৰাষ্ট্ৰীয় দলটোক কঠোৰভাৱে সমালোচনা কৰিছিল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (BJPs negative remarks about Congress) । বিষয়টো সন্দৰ্ভত কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, ৰাষ্ট্ৰীয় দল এটাৰ সভাপতি এগৰাকীৰ মুখত এনেধৰণৰ বক্তব্য শোভা নাপায় ৷ এনেধৰণৰ বিৰূপ মন্তব্যৰ বাবেই বিজেপি দল এদিন নিঃশেষ হৈ যাব বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই (MLA Kamalakhya Dey Purkayastha)৷

10.Small traders protest in Dibrugarh: কৰ সংগ্ৰহৰ নামত হাৰাশাস্তিৰ অভিযোগেৰে ক্ষুদ্ৰ ব্যৱসায়ীৰ মৌন সমদল

পথৰ কাষৰ ব্যৱসায়ীৰ পৰা কৰ সংগ্ৰহৰ নামত গুণ্ডাগিৰি ডিব্ৰুগড় পৌৰসভাৰ(Hooliganism in collecting tax from small traders) । ডিব্ৰুগড়ত নতুনকৈ অনুমোদন দিয়া হৈছে পৌৰসভাৰ পাৰ্কিঙৰ ব্যৱস্থাৰ ৷ কিন্তু পৌৰসভাৰ অন্তৰ্গত অঞ্চলত পাৰ্কিঙৰ নামত দাদাগিৰিৰে পদপথৰ কাষত থকা ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা কৰ সংগ্ৰহ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলে (Dibrugarh Municipality alleged of harassment small traders) । যাক লৈ জাঙুৰ খাই উঠিছে সদৌ অসম পথৰ কাষৰ ব্যৱসায়ী কল্যাণ সন্থা(Protest in Dibrugarh) ।পৌৰসভাৰ এনে কাৰ্যৰ বিৰোধিতাৰে বৃহস্পতিবাৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলে ডিব্ৰুগড় চহৰৰ মাজেৰে বাহিৰ কৰে এক মৌন সমদল(Silent rally of small traders in Dibrugarh) । প্ৰতিবাদকাৰীসকলৰ অভিযোগ, পাৰ্কিঙৰ অনুমোদনৰ পাছতেই ভেন্দৰ জ'নত থকা পদপথৰ কাষৰ ব্যৱসায়ীসকলক হাৰাশাস্তি কৰি পৌৰ কৰ সংগ্ৰহ কৰি অহা হৈছে(Dibrugarh Municipality) । সেয়ে পদপথৰ বিক্ৰেতাসকলৰ অধিকাৰ আৰু সুৰক্ষা বিচাৰি ব্যৱসায়ী সকলে মৌন সমদলেৰে সাব্যস্ত কৰে প্ৰতিবাদ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.