ETV Bharat / state

Naga Miscreant Encroachment : কাৰ্বি আংলঙত নগাৰ আগ্ৰাসনত ত্ৰস্তমান গাঁওবাসী

author img

By

Published : Dec 30, 2022, 2:01 PM IST

Updated : Dec 30, 2022, 2:46 PM IST

Naga
Naga

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত অব্যাহত আছে নগাৰ আগ্ৰাসন (Naga aggression continues in Assam Nagaland border) । চৰম শংকা আৰু জীৱনৰ নিৰাপত্তাহীনতাত ভোগাৰ কথা অসহায়ভাৱে বৰ্ণালে গাওঁবাসীয়ে ।

কাৰ্বি আংলঙৰ নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসন অব্যাহত

ডিফু, ৩০ ডিচেম্বৰ : অসমৰ ভূমি বেদখলৰ বাবে সীমামূৰীয়া ৰাজ্যই প্ৰচেষ্টা অব্যাহত (encroachment of Assam land by Border states) ৰখাৰ সময়তে পোহৰলৈ আহিছে কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ অতি দুৰ্গম এলেকাৰ সীমান্তৰ দিখাংচি গাঁৱৰ গাঁওবাসীয়ে চৰম নিৰাপত্তাহীনতাত ভুগি থকাৰ এক স্পষ্ট ছবি ৷ বৃহস্পতিবাৰে নিশা সাংবাদিকৰ আগত গাঁওখনৰ এজন বাসিন্দাই স্পষ্ট আৰু সৰল ভাষাত বৰ্ণনা কৰিলে সীমান্তঞ্চলত নগা দুৰ্বৃত্তৰ পৰা পাই অহা ভাবুকি আৰু নিৰাপত্তাহীনতাৰ কথা (Naga aggression continues in Assam Nagaland border) ৷

লোকজনে সাংবাদিকৰ আগত কয় যে সীমামূৰীয়া দিখাংচি গাঁৱত চৰকাৰৰ জনকল্যাণমুখী আঁচনিৰ কোনো সুবিধা আজিলৈকে লাভ কৰা নাই ৷ গাঁওখনৰ যোগাযোগৰ বাবে বাট-পথৰ অসুবিধাৰ পৰা আৰম্ভ কৰি বিশুদ্ধ খোৱাপানী, বিজুলী আদি অন্যান্য ব্যৱস্থাসমূহো আজিকোপতি লাভ কৰিবলৈ সক্ষম নহ'ল (poor livelihood in Nagaland border villagers) ৷

ইয়াৰোপৰি গাঁওখন সীমামূৰীয়া হোৱাৰ বাবে প্ৰতি দিন প্ৰতি পল নগা দুৰ্বৃত্তৰ আক্ৰমণৰ আশংকাক বুকুত লৈ অতি কোনোমতে গাঁওবাসীয়ে জীৱন নিৰ্বাহ কৰি আহিছে ৷ নগাৰ অত্যাচাৰে গাঁওখনত চৰম সীমা পাইছে (Naga atrocities reached extreme in border village) ৷ নগাই দিন দুপৰতে গাঁওবাসীৰ পৰা বলপূৰ্বক কুকুৰ, ছাগলী আৰু গৰু আদি লৈ যোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷ সীমান্তবাসীয়ে জংঘল কাটি মুকলি কৰা ভূমি বেদখলৰ চেষ্টা কৰিছে বুলি উল্লেখ কৰে লোকজনে ৷

দিনত নগা পুৰুষ-মহিলাই হাতত দা, কুঠাৰ আদি লৈ কাৰ্বি আংলঙৰ ভূমিত অনাধিকাৰ প্ৰৱেশ কৰি জংঘল কাটি বেদখলৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে (Naga miscreant encroachment in Karbi Anglong) ৷ এই লৈ গাঁওবাসীয়ে আপত্তি কৰিলেও গাঁওবাসীক দাবী ধমকি দি খেদি পঠিয়ায় বুলিও অভিযোগ কৰে ৷ বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ধনশিৰি পৰিষদীয় সমষ্টিৰ এমএচি সীমান্ত এলেকা পৰিদৰ্শনকালত গাঁওবাসীয়ে এমএচি তিলোত্তমা হাঞ্চুৰ ওচৰত সীমান্তৰ ঘটনা আৰু নগাৰ অত্যাচাৰ আগ্ৰাসানৰ সন্দৰ্ভত অৱগত কৰে ৷

সৰ্বদিশতে অনগ্ৰসৰ উক্ত গাঁওবাসীয়ে বিচাৰিছে এতিয়া নিৰাপত্তা ৷ এমএচি তিলোত্তমা হাঞ্চুৱেও সীমান্তত বাস কৰা গাঁওবাসীৰ কথা হৃদয়ংগম কৰে আৰু ধৈৰ্য সহকাৰে শুনে ৷ এমএচিগৰাকীয়ে বিষয়টো কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ তুলিৰাম ৰংহাং আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰিব বুলি ৰাইজক আশ্বাস দিয়ে ৷

উল্লেখ্য, কাৰ্বি আংলং স্বায়ত্তশাসিত (Karbi Anglong Autonomous Council) পৰিষদীয় সমষ্টিৰ এমএচি (Member of Autonomous Council) তিলোত্তমা হাঞ্চুৱে শুকুৰবাৰে ১৯ নং ধনশিৰি সমষ্টিটোৰ অধীনৰ অসম-নাগালেণ্ড সীমান্তৰ বিভিন্ন দুৰ্গম অঞ্চল পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰে ৷

তেওঁৰ উক্ত ভ্ৰমণকালত সীমামূৰীয়া অঞ্চলটোৰ চৰকাৰী আঁচনিৰ সুবিধা জনসাধাৰণে লাভ কৰিছেনে নাই সেই সন্দৰ্ভতো স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰাৰ লগতে সীমান্ত বাট-পথ নিৰ্মাণৰ লগতে বিজুলী, পানী আৰু সৌৰচাকিৰ ব্যৱস্থা কৰাৰ আপ্ৰাণ চেষ্টা কৰা হ'ব বুলি কয় এমএচিগৰাকীয়ে ৷ আনহাতে, এমএচিগৰাকীয়ে দুয়োখন দুৰ্গম গাঁৱৰ লোকৰ মাজত কম্বল, আঁঠুৱা আৰু কিছু আৰ্থিক সাহায্য প্ৰদান কৰে ৷

লগতে পঢ়ক :Brazil Legend Footballer Pele : কিংবদন্তি ফুটবলাৰ পেলেৰ বিষয়ে কিছু কথা

Last Updated :Dec 30, 2022, 2:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.