Congress reacted to BJPs negative remarks: নিজৰ কৰ্মৰ বাবেই বিজেপি দল এদিন নিঃশেষ হ’ব: বিধায়ক কমলাক্ষ দে পুৰকায়স্থ

By

Published : Dec 30, 2022, 12:13 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

"ক’ৰণা সকলোৰে দেহলৈ নিবিয়পে" বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ কংগ্ৰেছ দল সন্দৰ্ভত প্ৰদান কৰা বিৰূপ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই এনেদৰে কটাক্ষ কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক (Congress reacted to BJPs negative remarks) ৷ উল্লেখ্য যে, দদৰাত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল ভৱেশ কলিতাই (BJP President Bhabesh Kalita) ৷ বিজেপি ফেমিলিয়াৰ দল, ফেমিলীৰ দল নহয়; কিন্তু কংগ্ৰেছ এটা পৰিয়ালতান্ত্ৰিক দল বুলি উল্লেখ কৰি ৰাষ্ট্ৰীয় দলটোক কঠোৰভাৱে সমালোচনা কৰিছিল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (BJPs negative remarks about Congress) । বিষয়টো সন্দৰ্ভত কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, ৰাষ্ট্ৰীয় দল এটাৰ সভাপতি এগৰাকীৰ মুখত এনেধৰণৰ বক্তব্য শোভা নাপায় ৷ এনেধৰণৰ বিৰূপ মন্তব্যৰ বাবেই বিজেপি দল এদিন নিঃশেষ হৈ যাব বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই (MLA Kamalakhya Dey Purkayastha)৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.