ETV Bharat / entertainment

Tunisha Sharma Death Case: সহ-অভিনেতা শ্বীজান খানৰ বিৰুদ্ধে তুনিষাৰ মাতৃৰ চাঞ্চল্যকৰ অভিযোগ

author img

By

Published : Dec 30, 2022, 2:13 PM IST

Tunisha Sharma Death Case
শ্বীজানৰ বিৰুদ্ধে তুনিষাৰ মাতৃৰ গুৰুতৰ অভিযোগ

Tunisha Sharma suicide: তুনিষা শৰ্মাৰ মাতৃ বনীতা শৰ্মাই আদালতত হাজিৰ হোৱাৰ পূৰ্বে অভিযুক্ত শ্বীজান খানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কিছু আচৰিত তথ্য ফাদিল কৰিছে ।

চিটাৰা ডেস্ক, 30 ডিচেম্বৰ : অভিনেত্ৰী তুনিষা শৰ্মাৰ আত্মহত্যাৰ ঘটনাক লৈ তীব্ৰতৰ হৈ পৰিছে আৰক্ষী । অতি ক্ষীপ্ৰতাৰে অভিযান চলাইছে তেওঁলোকে ৷ এই মৃত্যুৰ গোচৰৰ এজন গুৰুতৰ অভিযুক্ত, তুনিষাৰ প্ৰাক্তন প্ৰেমিক তথা টিভি অভিনেতা শ্বীজন খান আৰক্ষীৰ জিম্মাত । 30 ডিচেম্বৰত শেষ হ’ব শ্বীজানৰ আৰক্ষীৰ জিম্মা । শুকুৰবাৰে শ্বীজান আদালতত হাজিৰ হ’ব ।

আদালতলৈ যোৱাৰ পূৰ্বে তুনিষাৰ মাতৃ বনীতা শৰ্মাই অভিযুক্ত শ্বীজানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে । 24 ডিচেম্বৰত তুনিষাক শ্বুটিং চেটৰ মেক-আপ ৰুমত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল । আত্মহত্যাৰ 15 মিনিট পূৰ্বে তুনিষা আৰু শ্বীজানৰ মাজত বাৰ্তালাপ হৈছিল ।

তুনিষাৰ মাতৃৰ চাঞ্চল্যকৰ অভিযোগ

শুকুৰবাৰে শ্বীজান আদালতত হাজিৰ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ সময়ত প্ৰয়াত টিভি অভিনেত্ৰী তুনিষা শৰ্মাৰ মাতৃ বনীতা শৰ্মা আৰু মাতৃৰ ফালৰ পৰা ককাক পৱন শৰ্মাই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে ।

  • তুনিষাই শ্বীজানক 25 হাজাৰ টকাৰ উপহাৰ দিছিল ।
  • মোৰ ছোৱালী তুনিষাৰ ওপৰত ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা আছিল ।
  • শ্বীজানে মোৰ ছোৱালীক উৰ্দু শিকাই আছিল ।
  • শ্বীজানে আগতে ড্ৰাগছ সেৱন কৰিছিল ।
  • শ্বীজানৰ লগত ব্ৰেকআপৰ পিছত মোৰ ছোৱালীজনী মানসিক চাপত আছিল ৷
  • মানসিক চাপৰ বাবে মোৰ ছোৱালীজনী মোৰ পৰা আঁতৰি আহিছিল ।
  • মোৰ ছোৱালী তুনিষাই মোক কৈছিল যে শ্বীজানে তাইক ব্যৱহাৰ কৰিছিল ।
  • আমি সন্দেহ কৰোঁ যে ই হত্যাকাণ্ড হ’ব পাৰে ।
  • শেষ নিশ্বাসলৈকে মই শ্বীজানক এৰি নিদিও ।
  • ন্যায় নোপোৱালৈকে এই যুঁজ চলি থাকিব ।

উল্লেখযোগ্য কথাটো হ’ল যে এই বিষয়টোৰ ওপৰত গুৰুত্বসহকাৰে তদন্ত কৰি থকাৰ সময়তে আৰক্ষীয়ে শ্বীজানৰ ফোনৰ পৰা 300 পৃষ্ঠাৰ চেট স্কেন কৰিছে । সমান্তৰালকৈ তুনিষাৰ ফোনটোও আনলক কৰা হৈছে । এই ক্ষেত্ৰত শ্বীজানৰ প্ৰাক্তন প্ৰেমিকাৰ নামো চৰ্চালৈ আহিছে । শুকুৰবাৰে আদালতত শ্বীজান সন্দৰ্ভত কি ৰায়দান হ’ব সেয়া লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক : তুনিষাৰ আত্মহত্যাৰ বাবে শ্বীজান খানক দোষাৰোপ কৰিব নোৱাৰি-উৰ্ফী জাভেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.