ভোট দিবলৈ পুৱাতে শাৰী পাতি তাৰকাৰ ভিৰ - Lok Sabha Election 2024
LOK SABHA POLLS 2024 : সোমবাৰে চলি থকা লোকসভা নিৰ্বাচন ২০২৪ ত মিষ্টাৰ আৰু মিচেছ মাহীৰ যুটি জাহ্নৱী কাপুৰ আৰু ৰাজকুমাৰ ৰাৱৰ পৰা আৰম্ভ কৰি ফাৰহান আখটাৰলৈকে কেইবাজনো অভিনেতা ভোটদান কৰিবলৈ ওলাই আহে ।

By ETV Bharat Entertainment Team
Published : May 20, 2024 at 12:00 PM IST
চিটাৰা ডেস্ক, 20 মে’ : অক্ষয় কুমাৰে ভোটদান কৰাৰ ঠিক পিচতেই মুম্বাইৰ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰত দেখা গ’ল ফাৰহান আখটাৰ, সান্যা মালহোত্ৰা, জাহ্নৱী কাপুৰ আৰু ৰাজকুমাৰ ৰাৱকে ধৰি আন কেইবাজনো অভিনেতা । মহাৰাষ্ট্ৰৰ ৪৮খন লোকসভাৰ আসনৰ ভিতৰত ১৩খন আসনৰ লগতে মুম্বাইৰ ৬খন আসনতে আজি সোমবাৰে পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ হোৱাৰ লগে লগে বিপুল সংখ্যক বলীউড তাৰকাক দেখাৰ সম্ভাৱনা আছে ।
ভোটদানৰ অন্তত ৰাজকুমাৰে কয় যে আমাৰ দেশৰ প্ৰতি এয়া এক ডাঙৰ দায়িত্ব, আমি ভোট দিয়া উচিত । আমাৰ জৰিয়তে যদি মানুহ প্ৰভাৱিত হ’ব পাৰে তেন্তে অৱশ্যেই এইটো এটা আটাইতকৈ ডাঙৰ কাম যিটো যাৰ জৰিয়তে আমি ভোটদানৰ গুৰুত্বৰ বিষয়ে মানুহক সজাগ কৰিব পাৰো । গতিকে মই অতি সুখী যে নিৰ্বাচন আয়োগে মোক ৰাষ্ট্ৰীয় আইকন হিচাপে বাছি লৈছে আৰু মই সকলোকে আহ্বান জনাইছো যে অনুগ্ৰহ কৰি ওলাই আহি ভোট দিয়ক... আমি সকলোৱে বিচাৰো যে আমাৰ ৰাষ্ট্ৰৰ বিকাশ হওক, উজ্জ্বল হওক । ইতিমধ্যেই ৰাষ্ট্ৰ জিলিকি উঠিছে । মই নিশ্চিত যে আৰু বেছি জিলিকি উঠিব... ৷"
মিষ্টাৰ এণ্ড মিচেছ মাহীৰ ৰাজকুমাৰৰ সহ-অভিনেত্ৰী জাহ্নৱী কাপুৰকো এটা ভোটগ্ৰহণ কেন্দ্ৰত গোলাপী ৰঙৰ অনাৰ্কলি চুটত দেখা যায় । ভোটদানৰ পিচত অভিনেত্ৰীগৰাকী খৰখেদাকৈ বিমানবন্দৰ পাইগৈ । কিন্তু বিমানত উঠাৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে মানুহক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাই কয় : "অনুগ্ৰহ কৰি ওলাই আহি ভোট দিয়ক ।"
একেদৰে অভিনেতা শ্বাহিদ কাপুৰকো এটা ভোটগ্ৰহণ কেন্দ্ৰত দেখা গ’ল । গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে সান্যা মালহোত্ৰা আৰু ফাৰহান আখটাৰেও । চলি থকা লোকসভা নিৰ্বাচনত সোমবাৰে পুৱা ফাৰহানৰ সৈতে তেওঁৰ ভগ্নী জোয়া আখতাৰেও ভোটাধিকাৰ সাব্যস্ত কৰে ।
মুম্বাইৰ ৬ খন লোকসভা আসনত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন চলি আছে । আসনসমূহ হৈছে উত্তৰ মুম্বাই, মুম্বাই , উত্তৰ-পশ্চিম মুম্বাই, উত্তৰ-পূব মুম্বাই, উত্তৰ-মধ্য মুম্বাই, দক্ষিণ মুম্বাই আৰু দক্ষিণ মধ্য মুম্বাই । পঞ্চম পৰ্যায়ত চলি থকা নিৰ্বাচনৰ অংশ হোৱা মহাৰাষ্ট্ৰৰ আন সমষ্টিবোৰৰ ভিতৰত আছে ধুলে, দিনদোৰী, নাছিক, কল্যাণ, পালঘৰ, ভিৱান্দি আৰু থানে ।
লগতে পঢ়ক : প্ৰিয় তাৰকায়ো কৰিলে ভোটদান, আপুনি সাব্যস্ত কৰিলেনে গণতান্ত্ৰিক অধিকাৰ ? - Lok Sabha Elections 2024

