Rukminigaon murder case: বন্ধুক হত্যা কৰি উবেৰত লৈ গ'ল মৃতদেহ

By

Published : Dec 30, 2022, 11:43 AM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

মহানগৰীৰ ৰুক্মিনী গাঁৱত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে (Sensational murder in Guwahati)। হিতেশ দাস নামৰ এজন লোকে বন্ধুক নৃশংসভাৱে হত্যা কৰিলে । হত্যা কৰি বস্তাত ভৰাই জংঘলত দলিয়ালে বন্ধুৰ মৃতদেহ । ইতিমধ্যে হত্যাকাৰী হিতেশ দাসক গ্ৰেপ্তাৰ কৰিছে দিশপুৰ আৰক্ষীয়ে (Dispur police arrested Murderer)। জানিব পৰা মতে এখন উবেৰ ভাড়া কৰি ৰঙিয়াৰ সমীপৰ কমলপুৰৰ ঘন জংঘলত নি পেলাই দিছিল মৃতদেহটো । মৃত লোকজন হৈছে নলবাৰীৰ প্ৰেমনাথ ভূঞা । হত্যাকাৰী হিতেশ দাসে খগেন দাস নামৰ উবেৰ চালকজনৰ বাহনখন অফলাইনত ভাড়া কৰি লৈ গৈছিল কমলপুৰলৈ আৰু তাতেই জংঘলত মৃতদেহটো পেলাই দিছিল । ইফালে সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পাছতে উবেৰ চালকজনে দিশপুৰ আৰক্ষীৰ কাষ চাপিছে । উবেৰ চালকজনৰ এই পদক্ষেপক প্ৰশংসা কৰিছে আৰক্ষীয়ে । উবেৰ চালকজনক তেওঁৰ সাহসিকতাৰ বাবে ১০ হাজাৰ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছে আৰক্ষীয়ে (Dispur police reward Uber driver)। ইফালে সমগ্ৰ ঘটনাক লৈ সমগ্ৰ অসমতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.