ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Apr 8, 2022, 8:59 AM IST

9 বজাৰ শীৰ্ষ দহটা বাতৰি
9 বজাৰ শীৰ্ষ দহটা বাতৰি

9 বজাৰ শীৰ্ষ দহটা বাতৰি

কাজিৰঙাত নিশা আৰক্ষীৰ গুলীচালনা; সন্দেহযুক্ত আলফা কেডাৰ আটক

বোকাখাতত পুনৰ সক্ৰিয় হৈছে নেকি আলফাৰ শক্তি ! কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন ধাবাত ধনদাবী সন্দেহযুক্ত আলফা সদস্যৰ(Suspected ULFA-I Cader) ৷ আলফাৰ নামত দাবী কৰা ধন নিবলৈ অহা দুষ্কৃতিকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা(Police firing at Kaziranga) ৷

অন্ধ্ৰপ্ৰদেশৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ ২৪ কেবিনেট মন্ত্ৰীৰ

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডিৰ অধ্যক্ষতাত বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটৰ বৈঠকখন অনুষ্ঠিত হয় ৷ কেবিনেট বৈঠকৰ পিছতেই মন্ত্ৰীসভাৰ ২৪ জনকৈ মন্ত্ৰীয়ে পদত্যাগ কৰে(AP all ministers submit resignation) ৷ মন্ত্ৰীসকলে পদত্যাগ দাখিলৰ বাবে খালী লেটাৰহেডৰ সৈতে বৈঠকত উপস্থিত আছিল ।

Price rise in Assam : মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত কংগ্ৰেছৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ (Congress protests in Guwahati against price rise)৷ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বানত দেশজুৰি চলা 'মেহেংগাই মুক্ত ভাৰত অভিযান'ৰ অংশ হিচাপে গুৱাহাটীতো অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে কেন্দ্রীয়ভাৱে ৰাজীৱ ভৱনৰ পৰা উলিয়ালে প্রতিবাদী সমদল ৷

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল

অসম আৰক্ষীত ব্যপক সালসলনি (Major reshuffle in Assam Police) । অসম চৰকাৰে বৃহস্পতিবাৰে অসম আৰক্ষীত ভালেমান উচ্চপৰ্যায়ৰ বিষয়াক বদলি কৰাৰ লগতে বহুকেইজন আৰক্ষী বিষয়াক নতুন দায়িত্বভাৰ অৰ্পণ কৰে ৷

শ্ৰোতাৰ হৃদয় জয় কৰা জনপ্ৰিয় শিল্পী ৰবীন বৰাৰ কলম এতিয়া কিয় স্তব্ধ !

মৰমজান' বুলিলেই কাণত ভাঁহি উঠে 'গৰু বিহুৰ গধূলি হুচৰি গাই', 'কাজিৰঙা বৰ ধুনীয়া', 'সেউজীয়া পথাৰতো বোকা নাই' বিহুগীতৰ গুণগুণনি, এসময়ৰ এনে বহু জনপ্ৰিয় বিহুগীতৰ লগতে আধুনিক গীত, ভক্তিমূলক গীতৰ গীতিকাৰ-সুৰকাৰ ৰবীন বৰা এতিয়া কিহত ব‍্যস্ত ?

উত্তৰাখণ্ডৰ নিৰ্ভয়াৰ ন্যায়: অভিযুক্তৰ ফাঁচীৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দান স্থগিত

ছাওলা ধৰ্ষণৰ গোচৰত(Chhawla Rape case), দিল্লী উচ্চ ন্যায়ালয়ে তিনিজন দোষীক মৃত্যুদণ্ড প্ৰদান কৰিছিল, ইয়াৰ পিছত ভুক্তভোগীৰ পৰিয়ালে ন্যায়ৰ আশা দেখিছিল । পিছে এই সময়ছোৱাত, অভিযুক্তসকলে ফাঁচীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰে আৰু অৱশেষত আজি গোচৰটোৰ শুনানি উচ্চতম ন্যায়ালয়ত হৈছিল আৰু আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰা নকৰাৰ ওপৰত সম্প্ৰতি নিজৰ ৰায়দান স্থগিত কৰি ৰাখিছে ৷

২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব 7 খনকৈ কেঞ্চাৰ হাস্পতাল

ৰাজ্যবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ উপহাৰ ৷ বৃহস্পতিবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনোৱা মতে, ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একেলগে মুকলি কৰিব 7 খনকৈ কেঞ্চাৰ হাস্পতাল ৷ আনহাতে ২৮ এপ্ৰিলত আন ৭ খন নতুন কেঞ্চাৰ হাস্পতালৰো আধাৰশিলা স্থাপন কৰা হ’ব ৷

World Health Day: বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে নগাঁও চহৰত বিনামূলীয়া স্বাস্থ্য শিবিৰ

বিশ্ব পৰিৱেশ দিৱস দিৱসৰ লগত সংগতি ৰাখি নগাঁৱৰ দক্ষিণ হয়বৰগাঁৱত অৱস্থিত নেহৰু বিদ্যাপীঠ এল পি স্কুলত এখন স্বাস্থ্য সজাগতা সভা আৰু বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় (Free health camp in Nagaon city) ।

আইপিএল জ্বৰত আক্ৰান্ত হৰিদ্বাৰৰ সাধু-সন্ত এইবাৰ ক্ৰিকেটাৰৰ ৰূপত

আইপিএলৰ জ্বৰত আক্ৰান্ত হৰিদ্বাৰৰ সাধুসকলো ৷ ব্যতিক্ৰমীৰূপত এইবাৰ সাধুসকলক দেখা গ’ল ক্ৰিকেটাৰৰ ৰূপত (The saints of Haridwar playing cricket ) ৷

তেজপুৰত বিহু কমিটিৰ চেক প্ৰদান অনুষ্ঠান

উদুলি মুদুলি শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয় । ঢোল পেঁপাৰ মাতত ৰজনজনাইছে জিলা উপায়ুক্তৰ কাৰ্যালয় । চলিছে বিহুনাচ আৰু বিহুনাম । অসম চৰকাৰে ৰাজ্যৰ দহ বছৰ সম্পূৰ্ণ কৰা ৰঙালী বিহু উদযাপন সমিতি সমূহলৈ 1 বহাগৰ পৰা 7 বহাগৰ ভিতৰত ৰঙালী বিহু উদযাপনৰ বাবে আগবঢ়োৱা আৰ্থিক সাহাৰ্য প্ৰদান অনুষ্ঠানত দেখা গল এই দৃশ্য (Bihu Committee cheque distribution ceremony in Tezpur)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.