ETV Bharat / bharat

আইপিএল জ্বৰত আক্ৰান্ত হৰিদ্বাৰৰ সাধু-সন্ত এইবাৰ ক্ৰিকেটাৰৰ ৰূপত

author img

By

Published : Apr 7, 2022, 9:17 PM IST

আইপিএলৰ জ্বৰত আক্ৰান্ত হৰিদ্বাৰৰ সাধুসকলো ৷ ব্যতিক্ৰমীৰূপত এইবাৰ সাধুসকলক দেখা গ’ল ক্ৰিকেটাৰৰ ৰূপত (The saints of Haridwar playing cricket ) ৷

saints-playing-cricket-in-shri-panchayati-niranjani-akhara-haridwar
আইপিএল জ্বৰত আক্ৰান্ত হৰিদ্বাৰৰ সাধু-সন্ত এইবাৰ ক্ৰিকেটাৰৰ ৰূপত

নেচনেল ডেস্ক, 7 এপ্ৰিল : সমগ্ৰ বিশ্ব বৰ্তমান আইপিএলৰ জ্বৰত আক্ৰান্ত । আইপিএলৰ এই জ্বৰৰ পৰা বাদ পৰি যোৱা নাই হৰিদ্বাৰৰ সাধুসকলো । শেহতীয়াকৈ দেখা গৈছে শ্ৰী পঞ্চায়তি নিৰঞ্জনী আখাৰাত ক্ৰিকেট খেলি থকা দেখা গৈছে এই সাধুসকলক (Cricket in Sri Panchayati Niranjani Akhara ) । উজ্জ্বল বলিং একচন আৰু শক্তিশালী বেটিঙৰ দ্বাৰা হৰিদ্বাৰৰ এই আশ্ৰমৰ সাধুসকলে এতিয়া লাভ কৰিছে ব্যাপক চৰ্চা ৷

আইপিএল জ্বৰত আক্ৰান্ত হৰিদ্বাৰৰ সাধু-সন্ত এইবাৰ ক্ৰিকেটাৰৰ ৰূপত

মন কৰিব লগীয়া যে, য'ত মানুহে ক্ৰিকেট দল ভাৰত আৰু আই পি এল দলক ঘৰে ঘৰে প্ৰশংসা কৰিছে, একে সময়তে, সাধুসকলেও ক্ৰিকেট খেলি তেওঁলোকৰ শাৰীৰিক অনুশীলন কৰি আছে (The glory of IPL on the saints of Haridwar) ।

সাধুসকলে সদৰি কৰিছে যে আমি পূজা আবৃত্তি কৰাৰ পিছত আবেলি সময়ত আজৰি উলিয়াই ক্ৰিকেট খেলি আছো। তেওঁলোকে কয় যে, ক্ৰীড়াই আমাৰ শৰীৰক স্বাস্থ্যৱান কৰি ৰাখে । ইয়াৰ দ্বাৰা আমি উপাসনা পাঠত ভালদৰে ধ্যান কৰিব পাৰোঁ ।

লগতে পঢ়ক : উত্তৰাখণ্ডৰ নিৰ্ভয়াৰ ন্যায়: অভিযুক্তৰ ফাঁচীৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দান স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.