ETV Bharat / bharat

উত্তৰাখণ্ডৰ নিৰ্ভয়াৰ ন্যায়: অভিযুক্তৰ ফাঁচীৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দান স্থগিত

author img

By

Published : Apr 7, 2022, 7:37 PM IST

ছাওলা ধৰ্ষণৰ গোচৰত(Chhawla Rape case), দিল্লী উচ্চ ন্যায়ালয়ে তিনিজন দোষীক মৃত্যুদণ্ড প্ৰদান কৰিছিল, ইয়াৰ পিছত ভুক্তভোগীৰ পৰিয়ালে ন্যায়ৰ আশা দেখিছিল । পিছে এই সময়ছোৱাত, অভিযুক্তসকলে ফাঁচীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰে আৰু অৱশেষত আজি গোচৰটোৰ শুনানি উচ্চতম ন্যায়ালয়ত হৈছিল আৰু আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰা নকৰাৰ ওপৰত সম্প্ৰতি নিজৰ ৰায়দান স্থগিত কৰি ৰাখিছে ৷

supreme-court-reserves-order-on-the-issue-of-sentence-of-three-convicts-in-2012-chhawla-rape-case
উত্তৰাখণ্ডৰ নিৰ্ভয়াৰ ন্যায় : অভিযুক্তৰ ফাঁচীৰ সন্দৰ্ভত উচ্চতম ন্যালয়ৰ ৰায়দান স্থগিত

নেচনেল ডেস্ক, 7 এপ্ৰিল: ছাওলা ধৰ্ষণৰ গোচৰৰ ১০ বছৰ অতিক্ৰম কৰাৰ (10 years of Chhawla Rape case) পিছত উচ্চতম ন্যায়ালয়ে তিনিজন দোষীৰ শাস্তিৰ বিষয়ত নিজৰ ৰায়দান এতিয়াও স্থগিত কৰি ৰাখিছে । এগৰাকী ১৯ বছৰীয়া যুৱতীক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিছত দিল্লীৰ আদালতে তিনি অভিযুক্তক মৃত্যুদণ্ড প্ৰদান কৰিছিল । য'ত অভিযুক্তকেইজনে আনকি ভুক্তভোগীক ধৰ্ষণ কৰাৰ পিছত চকুত এচিড নিক্ষেপ কৰাৰো অভিযোগ আছে ।

এই ঘটনাটো ২০১২ চনত সংঘটিত হৈছিল । এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটিয়ে গোচৰটোৰ তিনিজন দোষীৰ মৃত্যুদণ্ড বিচাৰি কৈছিল যে এনেবোৰ ঘটনাই সমাজত পিতৃ-মাতৃৰ মন ভাঙি দিয়ে ৷

উল্লেখ্য যে, যোৱা 10 বছৰ ধৰি, ছোৱালীগৰাকীৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে এনে প্ৰতিটো স্থানলৈ গৈছে য'ৰ পৰা তেওঁলোকে ন্যায়ৰ আশা দেখিছে । এনে পৰিস্থিতিত আজি উচ্চতম ন্যায়ালয়ে বিষয়টো শুনি নিজৰ ৰায় সংৰক্ষিত ৰাখিছে ৷

উত্তৰাখণ্ডৰ পৰ্বতমালাৰ পৰা ভুক্তভোগীৰ পৰিয়ালটো দিল্লীলৈ গৈ থিতাপি লৈছিল যাতে তেওঁলোকে নিজৰ সন্তানক ভালদৰে লালন-পালন কৰিব পাৰে আৰু সন্তানে পঢ়ি-শুনি নাম অৰ্জন কৰিব পাৰে, কিন্তু এই পৰিয়ালটোৰ ডাঙৰ জীয়েকৰ সৈতে দিল্লীত যি ঘটিছিল তাক শব্দত বৰ্ণনা কৰিব নোৱাৰি । ইয়াত আমি ভুক্তভোগীগৰাকীৰ নাম আৰু তেওঁৰ পৰিয়ালৰ তথ্য দিব নোৱাৰো, কিন্তু যি গৰাকী কন্যাৰ সৈতে এই ঘটনা সংঘটিত হৈছিল তেওঁক নিশ্চিতভাৱে উত্তৰাখণ্ডৰ নিৰ্ভয়া বুলি ক'ব পাৰি (#uttarakhandkinirbhaya) ।

উল্লেখ্য যে, ভুক্তভোগী গৰাকীয়ে তেওঁৰ ভাতৃৰ সঠিক লালন-পালন কৰিব বিচাৰিছিল বাবেই দিল্লীত পঢ়াৰ লগতে এটা চাকৰি কৰিবলৈ আৰম্ভ কৰিছিল । দেউতাকে এটা ব্যক্তিগত প্ৰতিষ্ঠানত সুৰক্ষা কৰ্মী হিচাপে কাম কৰি আছিল; কিন্তু 2012 চনৰ ফেব্ৰুৱাৰী মাহৰ এটা দিনত, এইগৰাকী 'নিৰ্ভয়া'ৰ সকলো সপোন চূৰ্ণ-বিচূৰ্ণ হৈ গৈছিল ।

ঘটনাৰ অভিযুক্তক উচ্চ ন্যায়ালয়ৰ পৰা ফাঁচীৰ নিৰ্দেশ দিয়া হৈছিল যদিও বিষয়টো বহু বছৰ ধৰি বিচাৰাধীন আছিল ৷ তথাপিও ভুক্তভোগীৰ পৰিয়ালটোৱে আইনীভাৱে যুঁজ অব্যাহত ৰাখিছিল । প্ৰায় তিনি বছৰৰ পিছত গোচৰটোত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায় আহিছিল, বিচাৰাধীন আদালত আৰু উচ্চ আদালতে তিনিজন দোষীক মৃত্যুদণ্ড প্ৰদান কৰিছিল ৷

ইয়াৰ পিছত পৰিয়ালটোৱে অনুভৱ কৰিছিল যে, তেওঁলোকৰ কন্যাই এতিয়া ন্যায় পাব । এই সময়ছোৱাত দিল্লী চৰকাৰে ভুক্তভোগীৰ পৰিয়ালটোক মাত্ৰ এক লাখ টকাৰ ক্ষতিপূৰণ দি সান্ত্বনা দিবলৈ চেষ্টা কৰিছিল ৷ এই সময়ছোৱাত দোষীয়ে ফাঁচীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল ৷ ইয়াৰ পিছত ভুক্তভোগীৰ পৰিয়ালৰ ওচৰত উচ্চতম ন্যায়ালয়ত গোচৰটোৰ সৈতে দৃঢ়তাৰে যুঁজিব পৰা ধন নোহাৱা স্বত্তেও পৰিয়ালটোৱে এই যুঁজ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : ছয় বছৰত ৰাজ্যত সংঘটিত হৈছে ৬,১৯২ টা হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.