ছয় বছৰত ৰাজ্যত সংঘটিত হৈছে ৬,১৯২ টা হত্যাকাণ্ড

author img

By

Published : Apr 6, 2022, 7:09 PM IST

many killings have taken place in Assam during in six years

ৰাজ্যখনত দৈনিক গড়ে তিনিটাকৈ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় । তথ্য মতে হত্যাকাণ্ডৰ উপৰি বিগত 6 বছৰত ৰাজ্যত চুৰিৰ ৬৩,১১১ টা, ডকাইতিৰ ১০৪৮ টা, ধর্ষণৰ ৯,৬৩৮ টা, অপহৰণৰ ৩৪,২৮৩ টা, বেংক লুটৰ ৭ টা, অন্ধবিশ্বাসৰ ফলত হোৱা হত্যা ২৯ টা আৰু লুণ্ঠনৰ ৫,৪৪০ টা ঘটনা পোহৰলৈ আহিছে (Many murders have taken place in Assam) ।

গুৱাহাটী, ৬ এপ্ৰিল : বিজেপি চৰকাৰৰ শাসনত বিগত ২০১৬ চনৰ এপ্রিল মাহৰ পৰা চলিত ২০২২ চনৰ ২৮ ফেব্ৰুৱাৰীলৈকে অসমত সংঘটিত হৈছে হত্যাকাণ্ডৰ প্ৰায় ৬,১৯২ টা ঘটনা । সেই হিচাপত ৰাজ্যখনত দৈনিক গড়ে তিনিটাকৈ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় (Many murders have taken place in Assam)।

উল্লেখ্য যে, উক্ত সময়চোৱাত গুৱাহাটী মহানগৰীত হত্যাকাণ্ডৰ ৪২৫ টা ঘটনা সংঘটিত হৈছে । ইয়াৰ বাদেও উক্ত সময়ছােৱাৰ ভিতৰত ৰাজ্যত চুৰিৰ ৬৩,১১১ টা, ডকাইতিৰ ১০৪৮ টা, ধর্ষণৰ ৯,৬৩৮ টা, অপহৰণৰ ৩৪,২৮৩ টা, বেংক লুটৰ ৭ টা, অন্ধবিশ্বাসৰ ফলত হত্যাৰ ২৯ টা আৰু লুণ্ঠনৰ ৫,৪৪০ টা ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । এই তথ্য ৰাজ্যৰ গৃহ বিভাগৰ ।

many killings have taken place in Assam during in six years
ছয় বছৰত ৰাজ্যত সংঘটিত হৈছে ৬,১৯২ টা হত্যাকাণ্ড

আনহাতে, গুৱাহাটী মহানগৰীত উক্ত সময়ছােৱাত চুৰিৰ ২৩,৩১১ টা, ডকাইতৰ ৪২টা, ধর্ষণৰ ৩৬৯ টা, অপহৰণৰ ৩,৬৪৮ টা, পকেটমাৰৰ ১১৪ টা আৰু লুণ্ঠনৰ ৩,০৯৫ টা ঘটনা সংঘটিত হৈছিল ।

ইফালে উক্ত সময়ছােৱাত অসমত ১০,৬৫১ টা চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হােৱাৰ লগতে ১,৩৭৪ জন লােকক গ্রেপ্তাৰ কৰা হৈছে । তথ্য মতে ২০১৭ চনৰ পৰা ২০২১ চনলৈকে ৰাজ্যৰ থানাসমূহত পঞ্জীয়ন হােৱা গােচৰসমূহৰ ভিতৰত ৫,৮৭,৯১৬ টা গােচৰ নিষ্পত্তি কৰাৰ লগতে ৯৫,৯৯৪ টা গােচৰ মীমাংসা হ’বলৈ এতিয়াও বাকী আছে ।

many killings have taken place in Assam during in six years
ছয় বছৰত ৰাজ্যত সংঘটিত হৈছে ৬,১৯২ টা হত্যাকাণ্ড

লক্ষণীয় বিষয় যে, ৰাজ্যখনত উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা । ইফালে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক অভিযানৰ লগতে অব্যাহত আছে এনকাউণ্টাৰ । কিন্তু তথাপিও নিয়ন্ত্ৰণ হোৱা নাই অপৰাধমূলক কাৰ্যকলাপ ।

লগতে পঢ়ক : চলাহী কথাৰে লুটিলে ধন; ভূপেনক বিচাৰি খঙত জ্বলিছে ভুক্তভোগীৰ মন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.