চলাহী কথাৰে লুটিলে ধন; ভূপেনক বিচাৰি খঙত জ্বলিছে ভুক্তভোগীৰ মন

author img

By

Published : Apr 6, 2022, 10:48 AM IST

fir-lodge-against-a-fraud-named-bhupen-baruah-at-naharkatiya
টিংখাঙৰ ভূপেন বৰুৱাৰ সন্ধান বিচাৰি এজাক মহিলা ()

এজাক মহিলাই বিচাৰি ফুৰিছে এজন মানুহক ৷ তেওঁক লগ নোপোৱাৰ বাবে ক্ষোভিতও হৈছে তেওঁলোক ৷ সকলোকে লাগে এই বিশেষ ব্যক্তিগৰাকীক ৷ লগপালেই যেন ৰক্ষা পৰে মহিলাসকল ৷ কোন এইগৰাকী ব্যক্তি, কিয় বিচাৰি ফুৰিছে মহিলা সকলে, পঢ়ক সবিশেষ ৷

মৰাণ, 6 এপ্ৰিল: সপোনৰ পিছত দৌৰাত ব্যস্ত এজাক মহিলা ৷ মহিলাৰ দলটোৱে সপোন দেখিছিল নিজৰ আশাক সফল ৰূপ দিয়াৰ ৷ চিনেমাৰ কায়দাৰে কেৱল মহিলাসকলকে নহয়, সাধাৰণ জনতাক সপোন দেখুৱাইছিল মৰাণৰ এগৰাকী ব্যক্তিয়ে ৷ পিছে সপোনৰ বাটত উজুটি খোৱাতহে সম্বিৎ ঘূৰাই পালে মহিলাসকলে ৷ তাৰপিছতে তাঁতবাতি কাঢ়িবলৈ ধৰিলে থানালৈ ৷

এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত ৷ জানিব পৰা মতে, এটা প্ৰৱঞ্চকে দীৰ্ঘদিন ধৰি ডিব্ৰুগড়ৰ ভিন্ন প্ৰান্তৰ পৰা সাধাৰণ লোক বিশেষকৈ মহিলাসকলক প্ৰলোভন দি সংগ্ৰহ কৰি আহিছিল নগদ ধন (Fraud in Dibrugarh) ৷ এজন-দুজন নহয়, বৰং প্ৰায় শতাধিক লোকৰ পৰা প্ৰৱঞ্চকটোৱে এনেদৰে সংগ্ৰহ কৰে ধন ৷ কোনোজনক ট্ৰেক্টৰ দিয়াৰ নামত, কোনোজনক ঋণ দিয়াৰ নামত নাইবা কোনোজনক বিত্তীয় সাহায্য প্ৰদানৰ নামত প্ৰৱঞ্চকটোৱে সংগ্ৰহ কৰি আহিছিল ধন ৷

fir-lodge-against-a-fraud-named-bhupen-baruah-at-naharkatiya
প্ৰৱঞ্চক ভূপেন বৰা

টিংখাঙৰ কুমাৰপট্টী অঞ্চলৰ বাসিন্দা ভূপেন বৰুৱা নামৰ ব্যক্তিজনৰ এনে কৰ্মকাণ্ডৰ বিষয়ে পৰৱৰ্তী সময়ত জানিব পাৰে ধন প্ৰদান কৰা ব্যক্তিসকলে ৷

ইয়াৰ পিছৰে পৰা প্ৰৱঞ্চকটোক বিচাৰি এই ব্যক্তিসকলে নিজাববীয়াকৈ অনুসন্ধান চলায় বৃহত্তৰ টিংখাং এলেকাত ৷ কিন্তু ভূপেন বৰুৱাৰ কোনো সন্ধান উলিয়াব নোৱাৰি উপায়বিহীন হৈ কাষ চাপে নাহৰকটীয়া আৰক্ষীৰ (FIR lodge against a fraud at Naharkatia) ৷ আৰক্ষীয়ে বিষয় সন্দৰ্ভত প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছে যদিও প্ৰৱঞ্চকটোৰ বৰ্তমানলৈকে কোনো সন্ধান লাভ নকৰা বুলি জানিব পৰা গৈছে ৷

ভূপেন বৰুৱাৰ সন্ধান বিচাৰি এজাক মহিলা

ডিব্ৰুগড়, নাহৰকটীয়া, টিংখাং, দুলীয়াজান, ভাদৈ পাঁচআলি, মৰাণ, ৰাজগড়, চাচনীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা নগদ ধন সংগ্ৰহ কৰা প্ৰৱঞ্চকটোৱে আৰক্ষীৰ চকুত ধূলি মাৰি সম্প্ৰতি পলাতক অৱস্থাত আছে ৷ 2021 চনতে মহানগৰী গুৱাহাটীৰ হাতীগড় থানাত নাহৰকটীয়া বৰবামৰ মধুমিতা চেতিয়া হাজৰিকা নামৰ এগৰাকী ভুক্তভোগীয়ে প্ৰৱঞ্চক ভূপেন বৰুৱাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ৷

উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 95/2021, 406/420 নম্বৰত ৰুজু(Case filed against Bhupen Baruah in Hatigarh Police Station) কৰিছিল এটা গোচৰ ৷ গোচৰ ৰুজু হোৱাৰ পিছতো কিন্তু আজিলৈকে ন্যায় লাভ নকৰিলে মহিলাগৰাকীয়ে ৷ যাৰ বাবে এতিয়া প্ৰৱঞ্চকটোৰ ছলাহী কথাত ভোল যোৱা লোকসকলে কাষ চাপিছে নাহৰকটীয়া আৰক্ষীৰ ৷

লগতে চাওক: পুনৰ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.