ETV Bharat / sports

পেৰিছ অলিম্পিক টেনিছৰ বাবে যোগ্যতা অৰ্জন ৰোহণ বোপান্না-সুমিত নাগালৰ - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 5:25 PM IST

Paris Olympics 2024 : ভাৰতৰ তাৰকা টেনিছ খেলুৱৈ ৰোহণ বোপান্না আৰু সুমিত নাগালে এ টি পি ৰেংকিঙৰ জৰিয়তে ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ টেনিছত ভাৰতীয় কোটা সুৰক্ষিত কৰিলে ।

Paris Olympics 2024
ৰোহণ বোপান্না আৰু সুমিত নাগাল (ETV Bharat)

স্পৰ্টছ ডেস্ক, ১১ জুন : ভাৰতীয় টেনিছ তাৰকা ৰোহণ বোপান্না আৰু সুমিত নাগালৰ পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন । তেওঁলোকে ক্ৰমে ডাবলছ আৰু ছিংগলছত নিজৰ এ টি পি ৰেংকিঙৰ জৰিয়তে পেৰিছ ২০২৪ অলিম্পিকৰ বাবে কোটা সুৰক্ষিত কৰিছে ।

বিশ্বৰ ৪ নং ৰেংকিঙৰ বোপান্নাই ২০১২ চনৰ লণ্ডন আৰু ২০১৬ চনৰ ৰিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল । আনহাতে, তেওঁ যোৱা বছৰৰ নৱেম্বৰৰ পৰা দ্বৈত ৰেংকিঙৰ শীৰ্ষ ১০-ত নিজৰ স্থান অটুট ৰাখি ভাৰতৰ বাবে কোটা সুৰক্ষিত কৰিছিল ।

Olympics.com অনুসৰি, সুমিত নাগালে বিগত সপ্তাহত একক শাখাৰ ৰেংকিঙত 18 সংখ্যক স্থান লাভ কৰি কাট-অফত প্ৰৱেশ কৰিছিল । এইটো হৈছে বিশ্ব ৰেংকিঙৰ জৰিয়তে কোটা লাভ কৰা খেলুৱৈসকলৰ ভিতৰত অন্তিমটো সুযোগ ।

বিগত সপ্তাহত ৯৫ সংখ্যক স্থান লাভ কৰা সুমিত নাগালে দেওবাৰে জাৰ্মানীৰ হেইলব্ৰন নেকাৰকাপত এ টি পি চেলেঞ্জাৰ খিতাপ অৰ্জন কৰাৰ পিচত কেৰিয়াৰৰ সৰ্বোচ্চ ৭৭ ৰেংকিং অৰ্জন কৰে ।

অৱশ্যে যদিও নাগাল ৰেংকিঙৰ 77 নম্বৰ স্থানত আছে, তেওঁ বিশ্ব ৰেংকিঙৰ জৰিয়তে কোটা লাভ কৰা যোগ্য খেলুৱৈসকলৰ ভিতৰত অন্তিম স্থানত আছে ।

উল্লেখ্য যে ২০২৪ চনৰ পেৰিছ অলিম্পিকত 64 গৰাকী খেলুৱৈয়ে পুৰুষ আৰু মহিলাৰ একক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । 10 জুনত মুকলি কৰা এ টি পি ৰেংকিং অনুসৰি, শীৰ্ষ 56 গৰাকী পুৰুষ একক খেলুৱৈয়ে তেওঁলোকৰ নিজ নিজ দেশৰ বাবে কোটা অৰ্জন কৰিছে । অৱশ্যে প্ৰতিখন দেশে সৰ্বাধিক চাৰিটা কোটাহে লাভ কৰিব পাৰে ।

আনহাতে, পেৰিছ 2024-ত পুৰুষ আৰু মহিলাৰ ডাবলছ ড্ৰ'ত 32 টা দল থাকিব । এটা দলে একেখন দেশৰ খেলুৱৈৰ সৈতে যুটি বান্ধি সৰ্বাধিক দুটাকৈ দল প্ৰেৰণ কৰিব পাৰিব ।

পেৰিছ ২০২৪-ৰ বাবে টেনিছৰ কোৱালিফিকেচন পৰ্ব সোমবাৰে সমাপ্ত হৈছে । আনহাতে, ৰাষ্ট্ৰীয় অলিম্পিক সমিতিবোৰে তেওঁলোকৰ কোটা ব্যৱহাৰ নিশ্চিত কৰিবলৈ ১৯ জুনলৈকে সময় আছে ।

উল্লেখ্য, ৪৪ বছৰীয়া বোপান্নাই চলিত বছৰৰ আৰম্ভণিতে অষ্ট্ৰেলিয়ান অপেন গ্ৰেণ্ড শ্লেম জয় কৰিছিল । আনহাতে, বিগত সপ্তাহত ফৰাচী অপেনৰ ছেমি ফাইনেলত উপনীত হৈছিল । তেওঁ ২০১২ লণ্ডন অলিম্পিক গেমছ আৰু ২০১৬ ৰিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল । কিন্তু ২০২০ টকিঅ' অলিম্পিকত স্থানলাভৰ পৰা বঞ্চিত হৈছিল ।

লগতে পঢ়ক :প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অ’পেন খিতাপ দখল কাৰ্লোছ আলকাৰাজৰ - French Open 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.