ETV Bharat / international

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মালাৱীৰ উপ-ৰাষ্ট্ৰপতিসহ 9 গৰাকীৰ মৃত্যু - Malawi Vice President Missing

Malawi's Vice President death: সোমবাৰৰ পৰা নিখোজ হৈ থকা মালাৱীৰ উপ-ৰাষ্ট্ৰপতি ছাউলোছ চিলিমাসহ আন নগৰাকী লোকৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ দেশখনৰ উত্তৰৰ এটা পাহাৰীয়া অঞ্চলত সংঘটিত হয় বিমান দুৰ্ঘটনাটো ৷

VP SAULOS CHILIMA missing
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মালাৱিৰ উপ-ৰাষ্ট্ৰপতিসহ 9 গৰাকীৰ মৃত্যু (ETV BHARAT ENGLISH)
author img

By ETV Bharat Assamese Team

Published : June 11, 2024 at 5:20 PM IST

|

Updated : June 11, 2024 at 10:15 PM IST

2 Min Read
Choose ETV Bharat

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 11 জুন : সামৰিক বিমান দুৰ্ঘটনাত পতিত হৈ মালাৱীৰ উপ-ৰাষ্ট্ৰপতি আৰু আন নজন লোকে কৰুণ মৃত্যুক আকোঁৱালি লয় । প্ৰায় এদিনৰ অভিযানৰ অন্তত সামৰিক বিমানখনৰ ধ্বংসাৱশেষ দেশখনৰ উত্তৰৰ এটা পাহাৰীয়া অঞ্চলত উদ্ধাৰ কৰা হয় । অৱশ্যে মালাৱীয় ৰাষ্ট্ৰপতি লাজাৰ চকৱেৰাই ৰাজ্যিক দূৰদৰ্শনত এক লাইভ ভাষণত কয় যে দুৰ্ঘটনাটোৰ পৰা কোনো লোকৰ মৃতদেহ উদ্ধাৰ হোৱা নাই ৷

মালাৱীৰ ৰাষ্ট্ৰপতি লাজাৰ চকৱেৰাই সোমবাৰে জানিবলৈ দিয়া অনুসৰি, দেশখনৰ উপ-ৰাষ্ট্ৰপতি ছাউলোছ চিলিমাক কঢ়িয়াই নিয়া সামৰিক বিমানখন আদবাটৰ পৰাই নিখোজ হৈ আছিল ৷ বিমানখনত উপ-ৰাষ্ট্ৰপতিগৰাকীৰ লগতে 9 গৰাকী লোক আছিল বুলি জানিব পৰা গৈছে ৷

সোমবাৰে পুৱা 9 বজাৰ ঠিক পিচতে উৰা মৰা সামৰিক বিমানখনত 51 বছৰীয়া চিলিমা আৰু আন নজন লোক গৈ আছিল ৷ হঠাৎ বতৰ বেয়া হোৱা দেখি প্ৰায় 45 মিনিটৰ পিচত তেওঁলোকে প্ৰায় 370 কিলোমিটাৰ উত্তৰলৈ মজুজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখন অৱতৰণ কৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হয় ৷ তাৰ পিচৰ পৰাই কোনো সন্ধান নাই উপ-ৰাষ্ট্ৰপতিগৰাকী থকা সামৰিক বিমানখনৰ ৷

লগতে পঢ়ক: মালদ্বীপৰ ৰাষ্ট্ৰপতিক মোডীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ ? সম্বন্ধৰ নতুন ইনিংছৰ সংকেত - Narendra Modi Swearing in Ceremony

এই ঘটনাৰ পিচতে মালাৱীৰ ৰাষ্ট্ৰপতি লাজাৰ চকৱেৰাই কয়, "মই জানো যে এয়া এক হৃদয়বিদাৰক খবৰ... কিন্তু মই আপোনালোকক আশ্বাস দিব বিচাৰো যে নিখোজ হোৱা বিমানখন বিচাৰি উলিয়াবলৈ আমি বিচাৰ খোচাৰ কৰিছো ৷ মই আশা কৰিছো যে তেওঁলোকক জীৱিত অৱস্থাত পুনৰ আমাৰ মাজত বিচাৰি পাম ৷ বিমানখন মজুজুত উপস্থিত হোৱাৰ পিচত পাইলটজনে বেয়া বতৰৰ বাবে কম দৃশ্যমানতা হোৱাৰ বাবে বিমানখন অৱতৰণ কৰিবলৈ অক্ষম হৈছিল, তাৰ পিচতে বিমান কৰ্তৃপক্ষই তেওঁলোকৰ বিমানখন লিলংৱেলৈ উভতাই লৈ যাবলৈ পৰামৰ্শ দিছিল ৷ কিন্তু সেই সময়তে বিমান কৰ্তৃপক্ষই বিমানখনৰ সৈতে সম্পৰ্ক হেৰুৱাই পেলাইছিল ৷"

ৰাষ্ট্ৰপতি লাজাৰে লগতে কয় যে, সৈন্যসকলে এতিয়াও অনুসন্ধান চলাই আছে ৷ বিমানখন বিচাৰি নোপোৱালৈকে অভিযান অব্যাহত ৰাখিবলৈ কঠোৰ নিৰ্দেশনা দিয়া হৈছে ৷ সেনাই ৰাইজক প্ৰতি সময়ৰ আপডেট দি থাকিব ৷

লগতে পঢ়ক: "মোৰ কোম্পানীত নিষিদ্ধ হ'ব এপল ডিভাইচ"; ইলন মাস্কে কিয় দিলে এই ভাবুকি ? - Elon Musk threatens Apple

Last Updated : June 11, 2024 at 10:15 PM IST