ETV Bharat / state

কাজিৰঙাত নিশা আৰক্ষীৰ গুলীচালনা; সন্দেহযুক্ত আলফা কেডাৰ আটক

author img

By

Published : Apr 8, 2022, 8:54 AM IST

Updated : Apr 8, 2022, 10:01 AM IST

Police firing at Kaziranga
কাজিৰঙাত নিশা আৰক্ষীৰ গুলিচালনা

বোকাখাতত পুনৰ সক্ৰিয় হৈছে নেকি আলফাৰ শক্তি ! কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন ধাবাত ধনদাবী সন্দেহযুক্ত আলফা সদস্যৰ(Suspected ULFA-I Cader) ৷ আলফাৰ নামত দাবী কৰা ধন নিবলৈ অহা দুষ্কৃতিকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা(Police firing at Kaziranga) ৷

বোকাখাত, 8 এপ্ৰিল : বোকাখাতৰ কাজিৰঙাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় আৰক্ষীৰ গুলীচালনাৰ ঘটনা (Police firing at Kaziranga) ৷ এখন ইন’ভালৈ লক্ষ্য কৰি তিনিজাঁই গুলীচালনা কৰে গোলাঘাট আৰক্ষীয়ে ৷ ইন’ভাখনত আছিল তিনি সন্দেহজনক আলফা সদস্য ৷

কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন ধাবাত সন্দেহযুক্ত আলফা কেডাৰে ধনদাবী কৰিছিল ৷ ইয়াৰ পাছতেই গোলাঘাট জিলা আৰক্ষী অধীক্ষক শোণিত কুমাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলায় অভিযান ৷ আলফাৰ নামত দাবী কৰা ধন নিবলৈ অহা সময়তে আৰক্ষীৰ দলটোৱে ইন’ভাখনলৈ লক্ষ্য কৰি তিনিজাঁই গুলীচালনা কৰে ৷

গোলাঘাট আৰক্ষী আৰু বোকাখাত মহকুমা আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল এই অভিযান ৷

আৰক্ষীয়ে অভিযানৰ সময়ত এজন সন্দেহযুক্ত আলফা কেডাৰক আটক(Suspected ULFA-I Cadre Arrested) কৰাৰ লগতে AS 01 DZ 0231 নম্বৰৰ ইন’ভা গাড়ীখনো জব্দ কৰে । সম্প্ৰতি ঘটনা সন্দৰ্ভত অভিযান তীব্ৰতৰ কৰি তুলিছে গোলাঘাট আৰু বোকাখাত আৰক্ষীয়ে ৷

লগতে পঢ়ক : অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল

Last Updated :Apr 8, 2022, 10:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.