ETV Bharat / city

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল

author img

By

Published : Apr 7, 2022, 6:17 PM IST

Updated : Apr 7, 2022, 10:01 PM IST

Massive Reshuffle at the top level of Assam Police
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল

অসম আৰক্ষীত ব্যপক সালসলনি (Major reshuffle in Assam Police) । অসম চৰকাৰে বৃহস্পতিবাৰে অসম আৰক্ষীত ভালেমান উচ্চপৰ্যায়ৰ বিষয়াক বদলি কৰাৰ লগতে বহুকেইজন আৰক্ষী বিষয়াক নতুন দায়িত্বভাৰ অৰ্পণ কৰে ৷

গুৱাহাটী, 7 এপ্ৰিল : ৰাজ্য চৰকাৰৰ গৃহ বিভাগে বৃহস্পতিবাৰে অসম আৰক্ষীত ব্যাপক ৰদবদল কৰে (Major reshuffle in Assam Police) । কাহিলীপাৰাৰ চতুৰ্থ অসম বেটেলিয়ানৰ কামাণ্ডাৰৰ দায়িত্বত থকা শিলাদিত্য চেতিয়াক কাহিলীপাৰাৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষকৰ দায়িত্বলৈ বদলি কৰা হৈছে । শোণিতপুৰৰ আৰক্ষী অধীক্ষক ধনঞ্জয় পৰশুৰাম ঘণাৱটক অসম আৰক্ষীৰ আই জি পি (প্ৰশাসন) দায়িত্বলৈ বদলি কৰা হৈছে ।

ইপিনে শিৱসাগৰৰ লিগিৰিপুখুৰী এক নং বেটেলিয়নৰ কামাণ্ডাৰ শ্ৰী যুৱৰাজক চৰাইদেউৰ আৰক্ষী অধীক্ষকৰ দায়িত্বলৈ বদলি কৰা হৈছে । মহানগৰ আৰক্ষীৰ উপ আৰক্ষী আয়ুক্ত শুভ্ৰজ্যোতি বৰাক শিৱসাগৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে । শিৱসাগৰৰ আৰক্ষী অধীক্ষক ৰাজেশ ৰোচনক মহানগৰ আৰক্ষীৰ উপ আৰক্ষী আয়ুক্তলৈ বদলি কৰা হৈছে ।

শদিয়াৰ আৰক্ষী অধীক্ষক মোহনলাল মিনাক যোৰহাটৰ আৰক্ষী অধীক্ষকলৈ বদলি কৰা হৈছে । নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুষ্কিন জৈনক শদিয়াৰ আৰক্ষী অধীক্ষকলৈ বদলি কৰা হৈছে ।

একেদৰে চৰাইদেউৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙক মহানগৰ আৰক্ষীৰ উপ আৰক্ষী আয়ুক্তলৈ বদলি কৰা হৈছে । দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক শোণিতপুৰৰ আৰক্ষী অধীক্ষকৰ পদলৈ বদলি কৰা হৈছে । গোৱালপাৰাৰ প্ৰথম অসম বেটেলিয়নৰ কামাণ্ডাৰ ৰাজমোহন ৰায়ক দৰঙৰ আৰক্ষী অধীক্ষকৰ পদলৈ বদলি কৰা হৈছে । বিশ্বনাথৰ আৰক্ষী অধীক্ষক লীনা দলেক নগাঁৱৰ আৰক্ষী অধীক্ষকলৈ বদলি কৰা হৈছে ।

পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক এ বসুমতাৰীক যোৰহাটৰ তৃতীয় অসম বেটেলিয়ানৰ কামাণ্ডাৰলৈ বদলি কৰা হৈছে । মুখ্যমন্ত্ৰী নিৰাপত্তাৰ বিভাগ বিশেষ শাখাৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত থকা নবীন সিঙক বিশ্বনাথৰ আৰক্ষী অধীক্ষকলৈ বদলি কৰা হৈছে । যোৰহাটৰ তৃতীয় অসম বেটেলিয়ানৰ কামাণ্ডাৰ ইমদাদ আলীক পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।

লগতে পঢ়ক : গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ ৰূপায়ণত চৰম ব্যৰ্থতা চৰকাৰ

Last Updated :Apr 7, 2022, 10:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.