ETV Bharat / bharat

অন্ধ্ৰপ্ৰদেশৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ ২৪ কেবিনেট মন্ত্ৰীৰ

author img

By

Published : Apr 7, 2022, 8:16 PM IST

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডিৰ অধ্যক্ষতাত বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটৰ বৈঠকখন অনুষ্ঠিত হয় ৷ কেবিনেট বৈঠকৰ পিছতেই মন্ত্ৰীসভাৰ ২৪ জনকৈ মন্ত্ৰীয়ে পদত্যাগ কৰে(AP all ministers submit resignation) ৷ মন্ত্ৰীসকলে পদত্যাগ দাখিলৰ বাবে খালী লেটাৰহেডৰ সৈতে বৈঠকত উপস্থিত আছিল ।

Andhra Pradesh cabinet reshuffle: all ministers submit resignation to CM Jaganmohan Reddy
অন্ধ্ৰপ্ৰদেশৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ ২৪ কেবিনেট মন্ত্ৰীৰ

নিউজ ডেস্ক, 7 এপ্ৰিল : অন্ধ্ৰ প্ৰদেশ কেবিনেটৰ ৰদবদলৰ(Andhra Pradesh cabinet reshuffle) পূৰ্বে বৃহস্পতিবাৰে অন্ধ্ৰ প্ৰদেশ কেবিনেটৰ সকলো মন্ত্ৰীয়ে পদত্যাগ কৰে । বৃহস্পতিবাৰে বিয়লি ভেলাগাপুডিৰ সচিবালয়ত চূড়ান্ত কেবিনেট বৈঠকখন সমাপ্ত হোৱাৰ পাছতেই 24 জন কেবিনেট মন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশ সচিবালয়তে মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীলৈ তেওঁলোকৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে(All ministers submit resignation to CM Jaganmohan Reddy) ৷ আনহাতে নতুন মন্ত্ৰীসকলে 11 এপ্ৰিলত শপত গ্ৰহণ কৰিব বুলি এক বিশেষ সূত্ৰে জানিব পৰা হৈছে ৷

উল্লেখ্য যে, অন্ধ্ৰ প্ৰদেশত 2024 চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে(Andhra Pradesh CM YS Jaganmohan Reddy) কেবিনেট পুনৰ গঠনৰ বাবে সাজু হৈছে আৰু তেওঁ মন্ত্ৰীসভাৰ পৰা প্ৰায় 19 জন মন্ত্ৰীৰ নাম কৰ্তন কৰাৰ সম্ভাৱনা আছে । মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত কেইটামান দিনৰ ভিতৰতে ৰাজ্যিক কেবিনেটখনত নতুন মন্ত্ৰী অন্তৰ্ভুক্ত কৰিব বুলি আশা কৰা হৈছে ৷ 9 এপ্ৰিলতো শপত গ্ৰহণ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷

সূত্ৰৰ পৰা জানিব পৰা মতে, কেৱল চাৰিটা দপ্তৰতহে মন্ত্ৰীত্বৰ পদবী বাহাল থকাৰ সম্ভাৱনা আছে ৷ সূত্ৰটোৱে লগতে উল্লেখ কৰা অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে 9 এপ্ৰিলৰ পূৰ্বে ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দ্ৰনৰ ওচৰত নতুন মন্ত্ৰীৰ চূড়ান্ত তালিকা দাখিল কৰিব । ৰেড্ডীয়ে বুধবাৰে কেবিনেটৰ পৰা বাদ পৰা 19 জন মন্ত্ৰীৰ চূড়ান্ত তালিকাখন ৰাজ্যপালক হস্তান্তৰ কৰে ৷ তেওঁলোকৰ ভিতৰত পাঁচজন উপ-মুখ্যমন্ত্ৰীও আছে ।

ৰেড্ডীৰ ৰাজ্যখনত জাতিগত ভাৰসাম্য বজাই ৰখাৰ ৰণনীতিৰ অংশ হিচাপে পাঁচজন নতুন উপ-মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে । বৰ্তমান পাঁচজন উপ-মুখ্যমন্ত্ৰীয়ে অনুসূচীত জাতি, অনুসূচীত জনজাতি, পিছপৰা জাতি, সংখ্যালঘু আৰু কাপু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে । ইয়াৰ লগতে লগতে উচ্চ বৰ্ণৰ 11 জন মন্ত্ৰী আছে ৷ যাৰ ভিতৰত আছে ৰেড্ডী সম্প্ৰদায়ৰ 4জন, অন্যান্য পিছপৰা শ্ৰেণীৰ 7জন, অনুসূচীত জাতিৰ 5জন আৰু অনুসূচিত জনজাতি 1জন আৰু মুছলমান সম্প্ৰদায়ৰ 1জন ।

উল্লেখ্য যে, ৱাই এছ জগন মোহন ৰেড্ডীয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ৰেড্ডীয়ে তেওঁৰ কাৰ্যকালৰ মাজভাগত কেবিনেট পুনৰ গঠনৰ ইংগিত দিছিল ৷ মন্ত্ৰীসভাৰ ৰদবদল ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ভিড 19 ৰ ভয়াৱহতাৰ বাবে ইয়াক পিছুৱাই দিয়া হৈছিল । ৰেড্ডীয়ে মাৰ্চত মাহতে ২ এপ্ৰিলৰ তেলেগু নৱবৰ্ষ উগাদিৰ পিছত কেবিনেট পুনঃগঠন কৰাৰ কথা ব্যক্ত কৰিছিল আৰু বৃহস্পতিবাৰে সেই অনুসৰি অন্ধ্ৰ প্ৰদেশ কেবিনেটৰ সকলো মন্ত্ৰীয়ে পদত্যাগ কৰে ।

লগতে পঢ়ক : ৰাজ্যসভাৰ পাৰ্শ্চক্ৰিয়া : কমনৱেল্থ সন্মিলন শেষ হ'লেই শশী-ছিদ্দিকলৈ বিধানসভাৰ শ্ব'কজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.