তেজপুৰত বিহু কমিটিৰ চেক প্ৰদান অনুষ্ঠান

By

Published : Apr 7, 2022, 10:40 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail

উদুলি মুদুলি শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয় । ঢোল পেঁপাৰ মাতত ৰজনজনাইছে জিলা উপায়ুক্তৰ কাৰ্যালয় । চলিছে বিহুনাচ আৰু বিহুনাম । অসম চৰকাৰে ৰাজ্যৰ দহ বছৰ সম্পূৰ্ণ কৰা ৰঙালী বিহু উদযাপন সমিতি সমূহলৈ 1 বহাগৰ পৰা 7 বহাগৰ ভিতৰত ৰঙালী বিহু উদযাপনৰ বাবে আগবঢ়োৱা আৰ্থিক সাহাৰ্য্য প্ৰদান অনুষ্ঠানত দেখা গল এই দৃশ্য (Bihu Committee cheque distribution ceremony in Tezpur)। আৰ্থিক সাহাৰ্য গ্ৰহণ কৰি আত্মহাৰা হৈ পৰা শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১১৫খন ৰঙালী বিহু উদযাপন সমিতিৰ বিষয়ববীয়াসকলে উক্ত অনুষ্ঠানত আগতীয়াকৈয়ে ৰঙালী বিহুৰ এক পৰিবেশ গঢ়ি তোলে । এই উপলক্ষে বৃহস্পতিবাৰে শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই জিলাখনৰ ১১৫খন বিহু সমিতিৰ সভাপতি সম্পাদক সকলক চেক প্ৰদান কৰে । উল্লেখ্য যে, এই অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু ।

Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.