ETV Bharat / state

Price rise in Assam : মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Apr 7, 2022, 9:54 PM IST

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ (Congress protests in Guwahati against price rise)৷ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বানত দেশজুৰি চলা 'মেহেংগাই মুক্ত ভাৰত অভিযান'ৰ অংশ হিচাপে গুৱাহাটীতো অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে কেন্দ্রীয়ভাৱে ৰাজীৱ ভৱনৰ পৰা উলিয়ালে প্রতিবাদী সমদল ৷

congress-protests-in-guwahati-against-price-rise
মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী, 7 এপ্ৰিল : ঔষধ, পেট্রল, ডিজেল, ৰন্ধন গেছকে ধৰি সকলাে ধৰণৰ দৈনন্দিন ব্যৱহার্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Congress protest against price hike)। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বানত দেশজুৰি চলা “মেহেংগাই মুক্ত ভাৰত অভিযান”ৰ অংশ হিচাপে অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে কেন্দ্রীয়ভাৱে গুৱাহাটীত ৰাজীৱ ভৱনৰ পৰা প্রতিবাদী সমদল উলিয়ায় ।

অসম প্রদেশ কংগ্ৰেছ কমিটীৰ পূৰ্বঘোষিত কাৰ্যসূচী অনুযায়ী প্ৰতিবাদকাৰীসকল ৰাজীৱ ভৱনত মিলিত হয় । তাৰ পৰা প্ৰতিবাদকাৰীসকলে ভঙাগড়লৈ প্ৰতিবাদী সমদল উলিয়ায় । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ ফ্লেগ ফেষ্টুন লৈ বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, আদি ধ্বনি দি ৰাজপথ উত্তাল কৰি তোলে । কাৰ্যসূচীত অংশ লৈ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কয় যে, "বিজেপি চৰকাৰৰ শাসনত দেশত বেছি মূল্যবৃদ্ধি হৈছে । এইখন জনবিৰোধী চৰকাৰ ।"

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত কংগ্ৰেছৰ প্ৰতিবাদ

ইফালে মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে সভাপতি ভূপেন বৰাই । তেওঁ কয় যে, ঔষধ, পেট্রল, ডিজেল, ৰন্ধন গেছকে ধৰি সকলাে ধৰণৰ দৈনন্দিন ব্যৱহার্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম প্রদেশ কংগ্ৰেছৰ বিভিন্ন জিলা কমিটীয়ে ইতিমধ্যে ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে (Congress protests in Guwahati against price rise) ।

ইফালে কাৰ্যসূচীত অংশ লৈ অসম প্রদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে । কাৰ্যসূচীত অংশ লৈ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ।

উল্লেখ্য যে, অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে কেন্দ্রীয়ভাৱে গুৱাহাটীত ৰাজীৱ ভৱনৰ পৰা ভঙাগড়লৈ উলিওৱা প্রতিবাদী সমদলত আৰক্ষীয়ে কোনো বাধা প্ৰদান কৰা নাছিল ।

লগতে পঢ়ক : Price rise in Assam: দাম কমোৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হোৱা নাই চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.