ETV Bharat / state

শ্ৰোতাৰ হৃদয় জয় কৰা জনপ্ৰিয় শিল্পী ৰবীন বৰাৰ কলম এতিয়া কিয় স্তব্ধ !

author img

By

Published : Apr 7, 2022, 8:50 PM IST

'মৰমজান' বুলিলেই কাণত ভাঁহি উঠে 'গৰু বিহুৰ গধূলি হুচৰি গাই', 'কাজিৰঙা বৰ ধুনীয়া', 'সেউজীয়া পথাৰতো বোকা নাই' বিহুগীতৰ গুণগুণনি, এসময়ৰ এনে বহু জনপ্ৰিয় বিহুগীতৰ লগতে আধুনিক গীত, ভক্তিমূলক গীতৰ গীতিকাৰ-সুৰকাৰ ৰবীন বৰা এতিয়া কিহত ব‍্যস্ত ?(Lyricist Composer Rabin Borah's Musical Journey)চাওক সবিশেষ...

lyricist-composer-rabin-borahs-musical-journey
শ্ৰোতাৰ হৃদয় জয় কৰা জনপ্ৰিয় শিল্পী ৰবীন বৰাৰ কলম এতিয়া কিয় স্তব্ধ !

কলিয়াবৰ, 7 এপ্ৰিল : তেতিয়া আছিল কেছেটৰ যুগ । বিহু, আধুনিক গীত, ভক্তিমূলক গীতৰ কেছেটৰ সীমাহীন জনপ্ৰিয়তাই অসমৰ সঙ্গীত জগতখন ভৰুণ হৈ পৰিছিল ৷ ফলস্বৰূপে অসমত এচাম নতুন গায়ক-গায়িকা, গীতিকাৰ-সুৰকাৰ, বাদ‍্যযন্ত্ৰী, শব্দযন্ত্ৰীৰ সৃষ্টি হৈছিল । ঠন ধৰি উঠা কেছেটৰ ব‍্যৱসায়ৰ জৰিয়তে বহুকেইটা প্ৰযোজনা গোষ্ঠীয়ে এক লাভজনক ব‍্যৱসায়ৰ আৰম্ভ কৰিছিল (Lyricist Composer Rabin Borah's Musical Journey)।

কিন্তু সময় বাগৰিল – কেছেটক এফলীয়া কৰি থৈ বজাৰলৈ আহিল চি. ডি. ৷ একপ্ৰকাৰ ব‍্যৱসায়টো চলি আছিল । কিন্তু দুষ্ট চক্ৰৰ পাইৰেচিৰ জৰিয়তে চি. ডিৰ ব‍্যৱসায়তো মাৰঘাত মাৰিলে । এতিয়া অসমৰ সঙ্গীত জগতখনৰ কি অৱস্থা সেয়া সকলোৱে জানে । সেই সময়ত জগতখনৰ লগত জড়িত বহু গায়ক-গায়িকা, গীতিকাৰ-সুৰকাৰ, বাদ‍্যযন্ত্ৰী-শব্দযন্ত্ৰীৰ অধিকাংশই এতিয়া কৰ্মহীন । বৰ্তমান প্ৰযোজনা গোষ্ঠীৰ অভাৱত গীত এটা বাণীবন্ধ কৰিব নোৱাৰা অৱস্থা ।

শ্ৰোতাৰ হৃদয় জয় কৰা জনপ্ৰিয় শিল্পী ৰবীন বৰাৰ কলম এতিয়া কিয় স্তব্ধ !

উল্লেখ্য যে, এসময়ৰ অসমীয়া সংগীত জগতখনক জনপ্ৰিয়তাৰ শিখৰলৈ লৈ যোৱা গীতিকাৰ-সুৰকাৰ ৰবীন বৰা বৰ্তমান অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ কৰ্মচাৰী ৷ এসময়ৰ এগৰাকী জনপ্ৰিয় গীতিকাৰ-সুৰকাৰ ৰবীন বৰাই ইটিভি ভাৰতৰ আগত ব্যক্ত কৰি ক'লে তেওঁৰ মনৰ কথা ।

অনুপম শইকীয়াৰ কন্ঠৰ জনপ্ৰিয় গীত 'কাজিৰঙা বৰ ধুনীয়া', 'সেউজীয়া পথাৰতো বোকা নাই', নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ কন্ঠৰ 'গৰু বিহুৰ গধুলি হুঁচৰি গাই' 'শিৰোমণি অ', অৰ্পণ বোলছবিৰ তৰালি শৰ্মা-জুবিন গাৰ্গৰ দ্বৈত কন্ঠৰ গীত 'মনভৰা ফাগুনে', ফাল্গুনী পাঠকৰ কন্ঠৰ 'ঢোলটি বজাব ঢুলীয়াই' ছান আৰু সাধনা স্বৰগমৰ কণ্ঠৰ 'হাতৰে আঙুলি লিহিৰি লিহিৰি' আদি গীতবোৰলৈ মনত পৰেনে ? যিবোৰ গীতে আজিও চুই যায় আমাৰ মন, আন্দোলিত কৰে হৃদয় । আমি মাথো মনত ৰাখিছো কন্ঠশিল্পীজনক ।

Lyricist Composer Rabin Borah's Musical Journey
শ্ৰোতাৰ হৃদয় জয় কৰা জনপ্ৰিয় শিল্পী ৰবীন বৰাৰ কলম এতিয়া কিয় স্তব্ধ !

এনেবোৰ সুন্দৰ জনপ্ৰিয় গীতৰ আঁৰত লুকাই থকা মনোৰম গীতিশিল্প, অনুপম সুৰ, জনপ্ৰিয় গীতৰ ৰচক, সুৰকাৰ কলিয়াবৰৰ ৰবীন বৰাক আমি কিমানে জানোঁ ? সম্প্ৰতি প্ৰচাৰ বিমুখ ৰবীন বৰাই মাথো অব্যাহত ৰাখিছে সৃষ্টিৰ অবিৰত যাত্ৰা । ১৯৯৮ চনৰ পৰা বৰ্তমানলৈকে লাভ কৰা অভিজ্ঞতা বৰ্ণনাৰে তেওঁ আওৰালে কেইবাটাও গীত । বৰাৰ ৰচনাৰে কেইবাটাও ভক্তিমূলক গীতত কন্ঠ নিগৰাইছে শিল্পী কৃষ্ণমণি নাথ, বিদ্যাসাগৰেও ।

কিন্তু 'গৰু বিহুৰ গধূলি হুচৰি গাই', 'কাজিৰঙা বৰ ধুনীয়া', 'হাতৰে আঙুলি লিহিৰি লিহিৰি', 'শিৰোমণি অ'' আদি কলমেৰে নিগৰি অহা গীতৰ সৃষ্টিৰে অসমৰ শ্ৰোতাৰ হৃদয় জয় কৰা ৰবীন বৰাৰ কলম এতিয়া স্তব্ধ । জুবিন গাৰ্গ, অনুপম শইকীয়াৰ কণ্ঠত জনপ্ৰিয় হোৱা বহু গীতৰ গীতিকাৰ সুৰকাৰ ৰবীন বৰা এতিয়াৰ সংগীত জগতখনক লৈ ব‍্যথিত ।

লগতে পঢ়ক : এইবাৰ গায়িকাৰ ৰূপত অভিনেত্ৰী বৰষা ৰাণী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.