ETV Bharat / state

এইবাৰ গায়িকাৰ ৰূপত অভিনেত্ৰী বৰষা ৰাণী বিষয়া

author img

By

Published : Apr 6, 2022, 10:02 PM IST

অভিনয় বা নৃত্য নহয়, এইবাৰ গায়িকাৰ ৰূপত অভিনেত্ৰী বৰষা ৰাণী বিষয়া (Actress Barasha Rani as singer) ৷ বুধবাৰে জনপ্রিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই মহানগৰীৰ নিউ গুৱাহাটীত স্থাপন কৰা ৰামধেনু নামৰ পাট কাপোৰৰ এখন নতুন বিপনী আনুষ্ঠানিকভাৱে মুকলি কৰি ৰাজ্যবাসীলৈ জনালে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা ।

actress-barsha-rani-bishaya-as-a-singer
এইবাৰ গায়িকাৰ ৰূপত অভিনেত্ৰী বৰষা ৰাণী বিষয়া

গুৱাহাটী,৬ এপ্ৰিল: অভিনেত্ৰী হিচাপে নহয়,এইবাৰ গায়িকা হিচাপে আত্মপ্ৰকাশ বৰষা ৰাণী বিষয়াৰ (Actress Barasha Rani as singer)। ৰঙালী বিহুৰ প্ৰাকক্ষণত মহানগৰীৰ নিউ গুৱাহাটীত শুৱালকুছিৰ বিশুদ্ধ পাট কাপোৰৰ "ৰামধেনু" নামৰ এখন বস্ত্ৰ বিপনী মুকলি কৰিবলৈ আহি দৰ্শকৰ অনুৰোধত বিহুগীত গাই প্ৰশংসা বুটলিবলৈ সক্ষম হয় অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ।

বিপনীখন আনুষ্ঠানিকভাৱে মুকলি কৰি অভিনেত্ৰীগৰাকীয়ে বিপনীখনত উপলব্ধ নতুন ডিজাইনৰ পাট কাপোৰৰ বস্ত্ৰ সমূহে গ্ৰাহকক আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে ।

এইবাৰ গায়িকাৰ ৰূপত অভিনেত্ৰী বৰষা ৰাণী বিষয়া

উল্লেখ্য যে, গুৱাহাটীৰ অন্য থলুৱা বস্ত্ৰ-বিপনীৰ তুলনাত কম মূল্যত গ্ৰাহকৰ বাবে উপলব্ধ হ'বলগীয়া 'ৰামধেনু' বস্ত্ৰ বিপনী খনত পাট, মুগা, টচৰ, এৰিৰ মেখেলা চাদৰ, শাৰী, পুৰুষৰ চাৰ্ট, কূৰ্টা, শিশুৰ মেখেলা চাদৰৰ লগতে অসমীয়া গহণা উপলদ্ধ হ'ব । শুৱালকুছিৰ স্বৰস্বতী ছিল্ক উদ্যোগৰ বেনাৰত খোলা 'ৰামধেনু' নামৰ বিপনীখনৰ জৰিয়তে ডিজাইনাৰ বিনীতা বৈশ্য আৰু মধুস্মিতা বৈশ্যই শুৱালকুছিৰ দুখীয়া শিপিনীসকলক এখন বজাৰ দিয়াৰ প্ৰচেষ্টা হাতত লোৱা বুলি জানিবলৈ দিয়ে ।

ইফালে এই বস্ত্ৰ বিপনীখনৰ মুকলি অনুষ্ঠানত ডিজাইনাৰ অঞ্জু বুঢ়াগোহাঁই, অনিতা চেতিয়া, উত্তৰ পূব মহিলা উদ্যোগী সংস্থাৰ সম্পাদিকা ইন্দু সিং আদি উপস্থিত থাকে । ইফালে বিপনীখন আনুষ্ঠানিকভাৱে মুকলি কৰি সংবাদমাধ্যমৰ যোগেদি আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : দায়িত্ববোধ : কণমানি ভাতৃক কোলাত লৈ শ্ৰেণীকোঠাত শিক্ষাগ্ৰহণত ব্যস্ত 11 বছৰীয়া মানিং চিলিউ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.