ETV Bharat / state

দায়িত্ববোধ : কণমানি ভাতৃক কোলাত লৈ শ্ৰেণীকোঠাত শিক্ষাগ্ৰহণত ব্যস্ত 11 বছৰীয়া মানিং চিলিউ

author img

By

Published : Apr 6, 2022, 9:00 AM IST

মণিপুৰৰ এগৰাকী 11 বছৰীয়া কিশোৰীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সৰ্বসাধাৰণৰ ৷ কিশোৰীগৰাকীয়ে কণমানি ভাতৃক কোলাত লৈ শিক্ষাগ্ৰহণ কৰা কাৰ্যৰ ফটো সম্প্ৰতি ভাইৰেল(Viral Photo of Maningsiliu Pamei) হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ কিশোৰীগৰাকীৰ বাসগৃহত উপস্থিত বিভিন্ন দল-সংগঠন ৷

internet-wells-up-as-little-girl-in-manipur-babysite-brother-in-class
কণমানি ভাতৃক কোলাত লৈ শিক্ষাগ্ৰহণত ব্যস্ত 11 বছৰীয়া মানিং চিলিউ

তেজপুৰ, 6 এপ্ৰিল: অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰৰ তামেংলং জিলাৰ এখন ভিতৰুৱা গাঁৱৰ কাহিনী এয়া ৷ এগৰাকী 11 বছৰীয়া কিশোৰীয়ে নিজ ভাতৃক কোলাত লৈ শিক্ষাগ্ৰহণ কৰা দৃশ্য সম্প্ৰতি ভাইৰেল(Viral Photo of Maningsiliu Pamei) হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ তামেংলঙৰ এখন চৰকাৰী বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি থকা কিশোৰীগৰাকীৰ এই বিশেষ ফটোখন ৰাজ্যখনৰ এগৰাকী মন্ত্ৰীয়ে পোনতে টুইটাৰত কৰিছিল আপলোড (Manipur Girl attending classes with her younger sibling on lap) ৷

পৰৱৰ্তী সময়ত দ্ৰুতগতিত ফটোখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত ৰাজ্যখনৰ বহুকেইটা ছাত্ৰ সংগঠন আগবাঢ়ি আহে ছাত্ৰীগৰাকীক সহায়ৰ উদ্দেশ্যে ৷ দাইলং গাঁৱৰ বাসিন্দা কিশোৰীগৰাকীৰ পিতৃ-মাতৃ পেচাত কৃষক হোৱাৰ বাবে সদায় যায় খেতিপথাৰলৈ ৷ যাৰ বাবে কণমানি ভাতৃক কোলাত লৈয়ে শিক্ষাগ্ৰহণ কৰিবলগীয়া হয় মানিং চিলিউ পামেই নামৰ কিশোৰীগৰাকীয়ে ৷ সম্প্ৰতি দাইলং গাঁৱৰ স্বায়ত্ব শাসিত জিলা পৰিষদ পৰিচালিত দৈলং প্ৰাথমিক বিদ্যালয়ৰ(Dailong primary school) প্ৰথম শ্ৰেণীৰ ছাত্ৰী এই কিশোৰীগৰাকী ৷

পিতৃ-মাতৃৰ উপৰিও চাৰিগৰাকী ভাতৃ-ভগ্নীৰ ভিতৰত জ্যেষ্ঠ হৈছে মানিং ৷ মানিঙৰ এনে দায়িত্ববোধৰ শলাগ লৈছে প্ৰতিগৰাকী লোকে ৷ তদুপৰি এই ফটো ভাইৰেল হৈ পৰাৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কিশোৰীগৰাকীৰ ঘৰলৈ চাইল্ডলাইনৰ অধীনস্থ এটা সেৱা দলক প্ৰেৰণ কৰে ৷

internet-wells-up-as-little-girl-in-manipur-babysite-brother-in-class
ভাতৃৰ সৈতে মানিং

যিয়ে শিশু সুৰক্ষা আঁচনিৰ অধীনত কিশোৰীগৰাকীক সহায় কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰি পৰিয়ালটোক কিছু সকাহ প্ৰদান কৰে ৷ মানিঙে স্নাতক ডিগ্ৰী লাভ নকৰা পৰ্যন্ত শিক্ষা সন্দৰ্ভত সকলো প্ৰকাৰৰ ব্যয় বহন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ মন্ত্ৰীসভাৰ অন্যতম সদস্য টি এইচ বিশ্বজিৎ সিঙে ৷

আনহাতে, মণিপুৰৰ ৰংমেই নাগা ছাত্ৰ সংগঠন চমুকৈ RNSOM এ(Rongmei Naga students organisation Manipur latest news) কিশোৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ 10,000 টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে ৷ কিশোৰীগৰাকীৰ শিক্ষাগ্ৰহণৰ প্ৰতি থকা হেঁপাহৰ লগতে এই বয়সতে দায়িত্ববোধৰ যি নিদৰ্শন দাঙি ধৰিছে, তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা অব্যাহত আছে ৷

লগতে চাওক: ভূতৰ বাবেও আছে মেলা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.